Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

    Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

    Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান

    Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

    Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী

    BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

প্রাঞ্জলসেন ডেকা

publisher by publisher
March 27, 2023
in Opinion
Reading Time: 4 mins read
0
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

(FILES) In this file photo taken on November 1, 2022, India's Congress party leader Rahul Gandhi (C) takes part in the 'Bharat Jodo Yatra' march on the outskirts of Hyderabad. - Five months spent traversing his country on foot helped the scion of India's most famous dynasty shed his playboy image -- but the road to reviving his dismal fortunes will be a tougher journey. (Photo by Noah SEELAM / AFP)

1
SHARES
8
VIEWS
ShareShareShareShare

Opinion :

অভাৱনীয়ভাৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰ্জিক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে কেতবোৰ প্ৰশ্নৰো উদ্রেক ঘটিছে। ২০১৯ত এখন নির্বাচনী সভাত দিয়া ভাষণত ‘মোদী’ উপাধিক সমালোচনা কৰাৰ অপৰাধত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহিছে গুজৰাটৰ ছুৰাটৰ এখন নিম্ন আদালতে।

ADVERTISEMENT

যি দেশত প্ৰায় প্রতিদিনেই বিভিন্ন ৰাজনৈতিক নেতাৰ মুখত প্রতিপক্ষৰ নেতা, বিভিন্ন জাতি-ধর্ম-লিংগ আদি আৰু আনকি স্বদেশৰ প্রতি অশ্রাব্য ভাষা শ্ৰুতিগোচৰ হয়, সেই দেশত এনেদৰে বিৰোধী নেতা এজনক এশাৰী বাক্যৰ বাবে মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহাটো আশ্চৰ্যকৰ বুলিয়ে ক’ব লাগিব।

RelatedPosts

Dainik Agradoot Print Edition 28 September

Dainik Agradoot Print Edition 22 September

Dainik Agradoot Print Edition 20 September

সেই ৰায়ৰ সুযোগ লৈ বিদ্যুৎগতিত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাটো তাতোকৈ আশ্চর্যকৰ। অৱশ্যে এয়া সাধাৰণ নাগৰিকৰ বাবে আশ্চৰ্যকৰ হ’লেও আজিৰ ভাৰতৰ ৰাজনীতিত এয়াই যেন স্বাভাৱিক।

আদালতৰ ৰায়লৈ সন্মান প্ৰদৰ্শন কৰিও ইয়াক লৈ দ্বিমত প্ৰকাশ কৰিছে বহু আইনজ্ঞই। সেইসকলৰ এটা যুক্তি হৈছে যে আইন অনুসৰি কোনো ব্যক্তিৰ মানহানি হ’বলৈ হ’লে তেওঁ ব্যক্তিগতভাৱে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগিব; অথচ ৰাহুল গান্ধীৰ গোচৰত তেনে হোৱা নাছিল।

বহু হেজাৰ কোটি টকা আত্মসাৎ কৰি বিদেশলৈ পলায়ন কৰা নিৰৱ মোদী, ললিত মোদী আদিৰ প্ৰসংগ উত্থাপন কৰি কৰ্ণাটকৰ এখন নির্বাচনী সভাত ৰাহুলে প্রশ্ন কৰিছিল যে সকলো চোৰৰ উপাধি ‘মোদী’ কিয় হয়; যেনে— নিৰৱ মোদী, ললিত মোদী, নৰেন্দ্ৰ মোদী।

কংগ্ৰেছ নেতাজনৰ এই ভাষ্যই মোদী উপাধিধাৰীসকলৰ মানহানি কৰিছে বুলি গুজৰাটৰ এজন বিধায়কে ছুৰাটৰ আদালতত গোচৰ ৰুজু কৰিছিল। যোৱা বৃহস্পতিবাৰে তাৰেই ৰায়দান কৰি আদালতে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহে।

লক্ষ্যণীয় যে তেওঁ নাম উল্লেখ কৰা কোনো এজন ব্যক্তিয়ে নিজৰ মানহানি হোৱা বুলি সেই আবেদন দাখিল কৰা নাছিল।আমোদজনক এয়ে যে পূৰ্বতে কংগ্ৰেছত গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা একাংশ নেতাই প্রধানমন্ত্রী মোদীক চোৰ, হত্যাকাৰী আদি আখ্যা দিছিল।

পৰৱৰ্তী সময়ত অৱশ্যে সেইসকলে বিজেপিত যোগদান কৰি বিভিন্ন আকর্ষণীয় পদত সংস্থাপিত হোৱাৰ সুযোগ লাভ কৰাৰ দৃষ্টান্ত অলেখ। সি যি কি নহওক, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি-আৰএছএছৰ বিভিন্ন নীতি আৰু সিদ্ধান্তৰ বিৰুদ্ধে অতিকৈ সৰৱ হৈ অহা কংগ্ৰেছ নেতা ৰাহুলৰ মুখ বন্ধ কৰিবলৈ যে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলি আহিছিল, সেয়া কাৰো অবিদিত নহয়।

দৰাচলতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা প্ৰতিটো কণ্ঠকে ৰোধ কৰিবলৈ বিগত কালছোৱাত চলোৱা অহৰহ প্ৰচেষ্টা দেশবাসীয়ে প্রত্যক্ষ কৰি আহিছে। বিভিন্ন প্রলোভন, হেঁচা অথবা ভাবুকি প্রদানেৰে ইতিমধ্যে তেনে প্রতিবাদী কণ্ঠসমূহক মষিমূৰ কৰি পেলোৱা হৈছে।

ইয়াৰ পৰা কেৱল বিৰোধী ৰাজনৈতিক নেতাই নহয়, শাসক পক্ষৰ বহু নেতাও সাৰি যাব পৰা নাই। তদুপৰি ৰাজহুৱা কৰ্মী, মানৱাধিকাৰ কৰ্মী, অধিবক্তা, সাংবাদিক আদিও একে ধৰণৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে। আনকি দেশৰ ন্যায়পালিকাকো ভীতিগ্রস্ত কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে।

এনে চাপত বহুতেই সেও মানিলেও ৰাহুল গান্ধী বিভিন্ন বিষয়ত সততে সৰৱ হৈ আছে। তেওঁৰ কেতবোৰ প্ৰশ্নই যে সময়ে সময়ে শাসক পক্ষক বিমোৰত পেলাইছে সেই কথাত সন্দেহ নাই।

কংগ্ৰেছ নেতাজনক গুৰুত্বহীন কৰিবলৈ দীৰ্ঘকাল ধৰি ‘পাপ্পু’ আখ্যাৰে শাসক পক্ষৰ লগতে তেওঁলোকৰ সমৰ্থকসকলে ঠাট্টা-বিদ্রুপ কৰি আহিছে; কিন্তু শেহতীয়া ‘ভাৰত জোড়ো যাত্ৰা’ই সেই প্ৰচাৰক নস্যাৎ কৰি ৰাহুল গান্ধীৰ এক নতুন ছবি দেশবাসীৰ সন্মুখত দাঙি ধৰিলে।

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ প্ৰায় চাৰি হেজাৰ কিলোমিটাৰ পথ পদযাত্ৰা কৰি ৰাহুলে শাসক পক্ষক একপ্ৰকাৰ হতভম্ব কৰি তোলে। এই যাত্ৰাৰ আৰম্ভণিৰে পৰা বিভিন্ন কৌশলেৰে ৰাহুলক গুৰুত্বহীন কৰিবলৈ চেষ্টা চলোৱাৰ উপৰি যাত্ৰা আধাতে এৰি বিদেশ ভ্ৰমণলৈ উৰা মাৰিব বুলি বিভিন্ন মহলৰ দ্বাৰা ধাৰাবাহিকভাৱে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল যদিও অৱশেষত তেওঁ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে পদযাত্রা সম্পূৰ্ণ কৰি দৃঢ়তা প্ৰদৰ্শন কৰে।

এই সমগ্ৰ যাত্ৰা কালত কংগ্ৰেছ নেতাজনে সম্প্রতি দেশে সন্মুখীন হোৱা বিভিন্ন জ্বলন্ত সমস্যাক দাঙি ধৰাৰ চেষ্টা চলায় আৰু এই সম্পৰ্কত বিভিন্নজনৰ স’তে মত-বিনিময় কৰে। এনে এক বৃহৎ পদযাত্ৰাৰ জৰিয়তে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাহুলক ৰাজনৈতিকভাৱে দুৰ্বল কৰিবলৈ নতুন পৰিকল্পনাৰ প্ৰয়োজন হোৱাটো অৱধাৰিত আছিল ৷

অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতাসকলে কৈছে যে আদালতৰ দ্বাৰা কাৰাদণ্ড লাভ কৰা হেতুকে আইন অনুসৰিয়েই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হৈছে; কিয়নো কংগ্ৰেছ নেতাজন কোনো আইনৰ উৰ্ধ্বত নহয়।

বিগত সময়ছোৱাত ৰাহুল গান্ধীয়ে সততে অভিযোগ কৰি আহিছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ঘনিষ্ঠ মুষ্টিমেয় পুঁজিপতিক দেশৰ লাভজনক সকলো সম্পদ গতাই দিছে। ইয়াৰ জৰিয়তে মোদীয়ে এক ক্ষুদ্র পুঁজিপতি গোষ্ঠীৰ হাতত দেশখন সপি দিছে।

ইয়াৰ সবাতোকৈ উল্লেখনীয় নিদর্শন হিচাপে তেওঁ মোদীৰ অতি ঘনিষ্ঠৰূপে চৰ্চিত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে বিভিন্ন গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি আহিছে।

ইমানদিনে চৰকাৰে এই বিষয়ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছিল যদিও যোৱা ২৪ জানুৱাৰীত আমেৰিকাৰ গৱেষণা প্রতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিছাৰ্চে আদানী গোষ্ঠীৰ ভয়াৱহ প্ৰৱঞ্চনা আৰু আইন বিৰোধী কার্যকলাপ উদঙাই দিয়াৰ পাছত এই সমগ্র বিষয়ত নতুনকৈ দৃষ্টিপাত কৰাৰ সুযোগ আহি পৰে।

চৰকাৰী সংস্থাসমূহে কোনো পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থাকিলেও আদানী গোষ্ঠীৰ কোম্পানীসমূহে সাধাৰণ বিনিয়োগকাৰীৰ আস্থা হেৰুৱায়। সংসদৰ চলিত বাজেট অধিবেশনত দিয়া দীঘলীয়া ভাষণত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্রী মোদী আৰু আদানীৰ মাজৰ কি সম্পর্ক তাকে লৈ কেতবোৰ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

২০১৪ত শাসনলৈ অহাৰ পাছৰে পৰা আদানী গোষ্ঠীক যে আইন উলংঘা কৰি বিভিন্ন সা-সুবিধা প্ৰদান কৰি আহিছে সেই বিষয়ে পর্যাপ্ত তথ্যসহ ব্যাখ্যা দাঙি ধৰে। আদানীক দেশৰ গুৰুত্বপূৰ্ণ বিমানকোঠ, বন্দৰকে ধৰি কয়লা আৱন্টন, প্ৰতিৰক্ষা সা-সৰঞ্জাম নির্মাণ, বায়ুশক্তি আদি গতাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে যে সকলোবোৰ নীতি-নিয়ম উলংঘা কৰিছিল, তাৰ তথ্যও তেওঁ প্ৰকাশ কৰে।

তাৰ উপৰি বিদেশত ঠিকা-ঠুকলি লাভৰ ক্ষেত্ৰতো প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰি আদানীক সুবিধা প্ৰদান কৰি অহাৰ তথ্যও ৰাহুল গান্ধীয়ে লোকসভাত স্পষ্টভাৱে দাঙি ধৰে।

লক্ষ্যণীয়ভাৱে প্ৰধানমন্ত্রী মোদী অথবা চৰকাৰী পক্ষই এনেবোৰ অভিযোগৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে ৰাহুল গান্ধীৰ ভাষণৰ অধিকাংশই সংসদৰ কাৰ্যক্ৰমণিকাৰ পৰা মচি পেলায়। দৰাচলতে এই বিষয়ত মুখ মেলিবলৈ গ’লে অধিক বিপদ চপাই লোৱা হ’ব পাৰে বুলিয়ে যে ইয়াক এনেদৰে উপেক্ষা কৰাৰ অপচেষ্টা চলোৱা হয়, তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

সংসদত বিৰোধী পক্ষই আদানী গোষ্ঠীৰ এনে প্ৰৱঞ্চনা আৰু অনিয়মৰ অনুসন্ধানৰ বাবে যুটীয়া সংসদীয় সমিতি গঠনৰ বাবে ঐক্যবদ্ধভাৱে দাবী উত্থাপন কৰে। কেন্দ্ৰীয় বাজেট দাখিলৰ পাছৰে পৰা যুটীয়া সংসদীয় সমিতি গঠনৰ দাবীত সংসদত বিৰোধী অটল হৈ আছে। ফলস্বৰূপে সংসদৰ কাৰ্যক্ৰমণিকাও বাধাপ্রাপ্ত হয়। ইয়াক বাধা দিবলৈ শাসক পক্ষই সুযোগৰ সন্ধান কৰে।

সেই সময়তে ইংলণ্ড ভ্রমণ কালত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতত সম্প্ৰতি গণতন্ত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে বুলি ৰাহুল গান্ধীয়ে আশংকা প্রকাশ কৰে। এই মন্তব্যৰ দ্বাৰা ভাৰতৰ সুনাম নষ্ট কৰাই কেৱল নহয়, বিদেশী শক্তিক হস্তক্ষেপ কৰিবলৈ ৰাহুলে আহ্বান জনোৱা বুলি এইবাৰ সংসদত শাসক পক্ষ সৰব হৈ উঠে।

এনে মন্তব্যৰ বাবে কংগ্ৰেছ নেতাজনৰ ক্ষমা-প্ৰাৰ্থনাৰ দাবীত সংসদত অচলাৱস্থাৰ সৃষ্টি কৰে। দেশৰ সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে স্বয়ং শাসক পক্ষৰ দ্বাৰাই দিনৰ পাছত দিন ধৰি এনেদৰে সংসদত অচলাৱস্থাৰ সৃষ্টি কৰা হয়। আদানী কাণ্ডৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি গঠনৰ দাবীক তল পেলাবলৈ ইয়াক কৌশলৰূপে ব্যৱহাৰ কৰে শাসক পক্ষই।

আনহাতে, বিষয়টোত উত্তৰ দিয়াৰ সুযোগ বিচাৰি ৰাহুলে একাধিকবাৰ লোকসভাৰ অধ্যক্ষক মৌখিক আৰু লিখিতভাৱে অনুৰোধ জনায় যদিও অধ্যক্ষই কোনো সঁহাৰি দিয়াৰ পৰা বিৰত থাকে। তেনে সময়তে ছুৰাটৰ আদালতে দিয়া ৰায়দানৰ পাছতে ৰাহুলৰ সাংসদ পদেই তড়িৎ গতিৰে খাজি কৰি দিয়া হয় ।

আনকি ৰাহুলে প্রতিনিধিত্ব কৰা কোলাৰ ৱাইনাড় সমষ্টিত ততাতৈয়াকৈ উপ-নির্বাচন অনুষ্ঠিত কৰিবলৈকো তৎপৰতা আৰম্ভ কৰা হৈছে। সন্দেহ নাই যে দেশত আইনৰ শাসন চলাটোৱেই বাঞ্ছনীয়; কিন্তু শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ৰ এক বিশেষ নির্দেশ এই প্ৰসংগত উল্লেখনীয়।

উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে এক ৰায়ত দেশৰ সকলো উচ্চ ন্যায়ালয়লৈ নিৰ্দেশ দিছে যে নিম্ন আদালতসমূহৰ নিৰ্দেশলৈ দৃষ্টি ৰখাৰ প্ৰয়োজন হৈছে; কিয়নো এনে বহু আদালতত অপ্রয়োজনীয়ভাৱে বহু লোকক কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দি থকা হৈছে।ন্যায়াধীশত্রয় ক্রমে সঞ্জয় কৌল, এহছানুদ্দিন আমানুল্লা আৰু অৰৱিন্দ কুমাৰৰ বিচাৰপীঠে এই ক্ষেত্ৰত যথেষ্ট কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি কয় যে এনে ধৰণৰ নিৰ্দেশ দিয়া নিম্ন আদালতৰ বিচাৰকসকলক অধিক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিব লাগে।

উচ্চতম ন্যায়ালয়ে আনকি এই ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ নাম বিশেষভাৱে উল্লেখ কৰে য’ত এনেধৰণৰ ঘটনা ব্যাপক হাৰত সংঘটিত হৈছে। ইয়াৰ পূৰ্বেও নিম্ন আদালতসমূহে সততে বিভিন্ন চাপত কাৰ্যনিৰ্বাহ কৰিব লগা হোৱাৰ বিষয়টো উচ্চতম ন্যায়ালয়ত চৰ্চিত হৈছিল।

গতিকে এশাৰী বাক্যৰ বাবে ৰাহুল গান্ধীয়ে দুবছৰীয়া কাৰাদণ্ডৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিষয়টো নিশ্চয়কৈ বিচাৰ্যৰ। উল্লেখনীয় যে মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডই সৰ্বাধিক শাস্তি। আনহাতে, দিল্লীত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত থকা আন্দোলনৰ সময়ত এজন কেন্দ্রীয় মন্ত্ৰী আৰু এজন বিজেপি সাংসদে আন্দোলনকাৰীক গাড্ডাৰ আখ্যা দি গুলীয়াবলৈ আহ্বান জনোৱাৰ লগতে এক ধৰ্মাৱলম্বী লোকক আন ধৰ্মাৱলম্বীৰ লোকক আক্ৰমণ কৰিবলৈ প্ৰচণ্ড উচটনি দিয়াৰ বিষয়টোও উল্লেখনীয়।

এই মন্ত্রী-সাংসদৰ ভাষ্যৰ বিৰুদ্ধে বাওপন্থী নেত্রী বৃন্দা কাৰাটে দাখিল কৰা আবেদনৰ সম্পৰ্কত দিল্লী উচ্চ ন্যায়ালয়ে কৈছিল যে নির্বাচনী প্ৰচাৰ সভাত এনে ধৰণৰ ভাষ্য শাস্তিযোগ্য নহয়। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰধাৰী সিঙে কৈছিল যে নিৰ্বাচনৰ সময়ত পৰিৱেশ সৃষ্টিৰ বাবে সাধাৰণ সময়তকৈ কিছু অন্য ধৰণৰ ভাষ্য ৰাজনৈতিক নেতাসকলে প্ৰকাশ কৰাটোক অপৰাধ আখ্যা দিব নোৱাৰি।

তদুপৰি ৰগৰৰ চলেৰে হাঁহি এনে ভাষ্য দাঙি ধৰিলে সেয়া শাস্তিযোগ্য নহয়। তেনে ক্ষেত্ৰত ছুৰাট আদালতৰ ৰায়টোক লৈও ভিন্ন ধৰণৰ চৰ্চা হোৱাটো স্বাভাৱিক। ৰাহুল গান্ধী মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সাংসদ পদ খাৰ্জিৰ জৰিয়তে শাসক পক্ষই সাময়িক ৰাজনৈতিক লাভালাভ আশা কৰিলেও ভৱিষ্যতলৈ যে ই এক অশুভ পৰম্পৰাৰ সৃষ্টি কৰিব, সেই বিষয়ত সন্দেহ নাই।

প্রতিদ্বন্দ্বী ৰাজনৈতিক নেতাক শ’লঠেকত পেলাবলৈ ই এক নতুন কৌশলৰূপে যে ভৱিষ্যতলৈ আৰু অধিক অপব্যৱহাৰ হ’ব তাৰ সম্ভাৱনাই অধিক। আনকি প্রধানমন্ত্রী মোদীৰ পাছত বিজেপিৰ অন্তৰ্ভাগতেই শীৰ্ষস্থান দখলৰ যুঁজত যে এনে ধৰণৰ কৌশল ৰূপায়ণ কৰা নহ’ব, তাৰ কোনে নিশ্চিতি দিব?

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Dainik Agradootপ্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?
Opinion

Opinion : মুক্তিৰ পথ বিচাৰি জনতাই কাৰ মুখলৈ চাব?

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: