Toll Tax Hike : সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পুনৰ মাধমাৰ ! আজিৰ পৰা মূল্যবৃদ্ধি হ’ল  টোল কৰৰ পৰা জীৱন দায়িনী দৰৱলৈ 

3f9fa8f1 8929 4386 bf5c c59cad5d8f37

Toll Tax Hike :

আজিৰ পৰা পুনৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ ৷ ইটোৰ পাছত সিটোকৈ বয়বস্তুৰ দাম বৃদ্ধিৰ  সমান্তৰালভাৱে এইবাৰ বৃদ্ধি পালে টোল কৰৰ পৰা জীৱনদায়িনী দৰৱলৈ ৷
নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণি  দিনটোতে  জনতাক এক প্ৰকাৰ কেকোৰা চেপা চৰকাৰৰ ৷ আচ্চা দিনৰ সপোন দেখুৱাই ৰাইজৰ ওপৰত ৰামটাঙোন দি আজিৰে পৰা বৃদ্ধি পালে বিদ্যুত মাচুল, টোল কৰ আৰু দৰৱৰ মূল্যবৃদ্ধি ঔষধ
প্ৰায় ৩৮৪ বিধ জীৱনদায়িনী দৰৱৰ দাম বাৰ শতাংশলৈ বৃদ্ধিৰ সমান্তৰালভাৱে দৈনন্দিন ব্যৱহ্ত ঔষধ এন্টিবায়’টিক , পেৰাচিটামল আৰু ফলিক এচিডৰ দাম বৃদ্ধি পাব আজিৰ পৰা৷ একেদৰে দৰৱৰ দাম বৃদ্ধিৰ লগতে চিকিৎসালয়ৰ অস্ত্ৰোপচাৰৰ খৰছো বৃদ্ধি পাব শনিবাৰৰ পৰা ৷
আনহাতে ৰাজ্যৰ সাতটা স্থানত থকা টোলগেটত আজিৰ পৰি পাঁচ শতাংশৰ পৰা দহ শতাংশলৈ টোল কৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
অথচ উল্লিখিত টোল গেট থকা চাৰিলেনযুক্ত  ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তথৈবচ৷ ঠায়ে ঠায়ে পথৰ অৱস্থা জৰাজীৰ্ণ ৷ উল্লেখ্য যে,বিগত বৰ্ষৰ আজিৰ দিনটোতে বৃদ্ধি কৰা হৈছিল টোল কৰ। আজি পুনৰ ভূতৰ ওপৰত দানহ পৰাৰ দৰে আকৌ বৃদ্ধি কৰা হ’ল টোল কৰ।
তদপৰি এপি ডি চিএল সহ ৰাজ্যৰ তিনি বিদ্যুত উৎপাদন কোম্পানীয়ে আজিৰে পৰা ৰাজ্যৰ সকলো শ্ৰেণীৰ বিদ্যুৎ গ্ৰাহকক টেটুচেপা দট প্ৰতি মাহে প্ৰতি কিলোৱাটত অতিৰিক্ত দহ টকাকৈ বিদ্যুত মাচুল বৃদ্ধি কৰিছে ৷
Exit mobile version