Bwisagu :
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু সমাগত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বিহুৰ আখৰা ৷ পিছ পৰি থকা নাই বড়োভূমিৰ বড়ো জনজাতিৰ যুৱক-যুৱতী সকলো ৷
ADVERTISEMENT
ৰঙালী বিহু বড়ো জনগোষ্ঠীৰ লোক সকলে পালন কৰে ৰংজালী বৈশাগু হিচাপে৷ এই ৰংজালী বৈশাগু উৎসৱলৈও মাজত মাথো কেইটামান দিন৷
ৰংজালী বৈশাগু উৎসৱ পালনৰ বাবে বাগ্সাৰ ছামঠাইবাৰীত পুৰ্ণদ্যোমে চলিছে আখৰা৷ প্ৰায় প্ৰতিদিনে ৫০ গৰাকীকৈ বড়ো যুৱতীয়ে অংশ লৈছে এই আখৰাত৷