Power Loom :তাঁতশাল নহয়, বহিঃৰাজ্যৰ পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰিছে ৰাজ্যৰ বজাৰ

WhatsApp Image 2023 04 12 at 2.09.59 PM 2

Power Loom :

নিষেধাজ্ঞাৰ মাজতো ৰাজ্যত মুকলিকৈয়ে বিক্ৰী হৈছে যন্ত্রচালিত তাঁতশালত উৎপাদিত মেখেলা-চাদৰ। ৰঙালী বিহুলৈ মাজতে আৰু দুদিন বাকী থকা অৱস্থাত ৰাজ্যৰ সৰ্বত্ৰ বিহুৰ বতৰত মেখেলা-চাদৰৰ চাহিদা দূৰ কৰিছে পাৱাৰলুমে।

হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে জাৰি কৰা নিষেধাজ্ঞা সত্বেও ৰাজ্যৰ বজাৰত পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ ব্যাপক হাৰত বিক্ৰী হোৱাৰ বিপৰীতে অনাদৃত হৈ পৰি ৰৈছে অসমৰ শিপিনীয়ে তাঁতশালত বৈ উলিওৱা মেখেলা-চাদৰ।

লক্ষ্যণীয় যে যোৱা ন মাৰ্চত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহুৰ সময়লৈকে অর্থাৎ ১৪ এপ্ৰিললৈকে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত গামোচা, মেখেলা-চাদৰ, আৰনাই আদিৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছিল।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে যাৱতীয় জাননী জাৰি কৰি এই নিষেধাজ্ঞা বলৱৎ কৰিছিল। প্ৰাৰম্ভিক অৱস্থাত বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাৱাৰলুমৰ গামোচা, মেখেলা -চাদৰ আদিৰ বিৰুদ্ধে অভিযান চলাই ঠায়ে ঠায়ে এনে বস্ত্র জব্দও কৰিছিল।

পিছে বিহুৰ দিন চমু চাপি অহাৰ লগে লগে বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ আৰু গামোচাৰ বিৰুদ্ধে অভিযান স্থৱিৰ হৈ পৰে। পৰিণতিত সমাগত ৰঙালী বিহুৰ প্ৰাকক্ষণত গুৱাহাটীৰ ফাঁচী বজাৰকে ধৰি ৰাজ্যৰ সৰ্বত্র ব্যাপক হাৰত বিক্ৰী হৈছে বহিঃৰাজ্যত উৎপাদিত মেখেলা-চাদৰ।

মঙলবাৰৰ দিনটোত ফাঁচী বজাৰত পাৱাৰলুম উৎপাদিত বিভিন্ন ডিজাইনৰ মেখেলা-চাদৰৰ অভাৱনীয় বিক্ৰীয়ে হাঁহি বিৰিঙাইছে ব্যৱসায়ীৰ মুখত। আজি ফাঁচী বজাৰত পাইকাৰী আৰু খুচুৰা সকলো দোকানতে মুকলিকৈয়ে বিক্ৰী কৰা হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰ যোৰা।

উল্লেখ্য যে তাঁতশালত বোৱা মেখেলা-চাদৰৰ মজুৰি আৰু সূতাৰ দামৰ সূত্ৰে মূল্য কে’বাগুণে অধিক হোৱা বাবে ৰাজ্যৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ প্রথম পছন্দৰূপে চিহ্নিত হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ। বজাৰত সুলভ হোৱাৰ পৰিপ্ৰেক্ষিতত বিক্ৰীও বৃদ্ধি পাইছে।

উল্লেখ্য যে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে গুজৰাটৰ ছুৰাটকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আমদানিকৃত মেখেলা-চাদৰ, গামোচা আদিৰ বিক্ৰী আৰু প্ৰচলন নিষিদ্ধ কৰাৰ লগতে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত এনে বস্ত্ৰ সম্ভাৰৰ পৰিবহণো নিষিদ্ধ কৰিছিল; কিন্তু বিভাগে প্রথম পর্যায়ত ১৪ এপ্ৰিললৈকে কাৰ্যকৰী হোৱাকৈ যি নিষেধাজ্ঞা জাৰি কৰিছিল এই সময়সীমা পাৰ নৌহওঁতেই ৰাজ্যত মুকলিকৈ বিক্ৰী হৈছে পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰ।

ফাঁচী বজাৰত পাৱাৰলুম উৎপাদিত গামোচাৰ বিক্ৰী বন্ধ হৈছে যদিও বিনাবাধাই পূৰাদমে চলিছে মেখেলা-চাদৰৰ বিক্ৰী। লক্ষ্যণীয় যে নিষেধাজ্ঞাৰ মাজতো বহিঃৰাজ্যৰ পৰা অসমলৈ ধাৰাবাহিক গতিত আমদানি হৈ আছে পাৱাৰলুমৰ মেখেলা-চাদৰ।

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনত পাৱাৰলুম উৎপাদিত গামোচা আৰু মেখেলা-চাদৰৰ বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে ছুৰাটৰ ব্যৱসায়ী সন্থাই গুজৰাট প্রদেশ বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰীক সাক্ষাৎ কৰি অসমত আৰোপ কৰা এনে নিষেধাজ্ঞা প্রত্যাহাৰৰ বাবে ৰাজ্য চৰকাৰক হেঁচা দিবলৈ অনুৰোধ জনাইছিল।

অৱশ্যে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা প্রত্যাহাৰ বাবে ব্যৱসায়ীৰ বিৰুদ্ধে নৰম স্থিতি লোৱাৰ দৰে কোনো সিদ্ধান্ত ৰাজহুৱা কৰা নাছিল যদিও শেহতীয়াকৈ বজাৰত পুনৰ পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰে ভৰি পৰাৰ লগে লগে বুমেৰাং হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা পাৱাৰলুমৰ বস্ত্ৰৰ নিষেধাজ্ঞা।

মঙলবাৰে ফাঁচী বজাৰত একাংশ ব্যৱসায়ীয়ে মুকলিকৈয়ে প্ৰকাশ কৰে যে মাৰ্চত পাৱাৰলুম উৎপাদিত মেখেলা-চাদৰৰ বিক্ৰী প্ৰায় বন্ধ হৈ ৰৈছিল যদিও এপ্ৰিলৰ আৰম্ভণিৰে পৰা বিভাগীয়ভাৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ সুযোগ লৈ বিক্ৰী আৰম্ভ কৰা হয়।

বিগত প্রায় দুসপ্তাহত ফাঁচী বজাৰৰ কোনো ব্যৱসায়ীয়ে পাৱাৰলুমৰ মেখেলা-চাদৰ বিক্ৰী কৰি প্ৰশাসনৰ তৰফৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই বুলি ব্যক্ত কৰে। এক কথাত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ বিষয়াসকলে বজাৰত অভিযান চলাবলৈ যোৱাৰ পৰিৱৰ্তে কার্যালয়তে শুই-বহি কটোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পাৱাৰলুমৰ মেখেলা-চাদৰৰে ভৰি পৰিছে বিহুৰ বজাৰ।

Exit mobile version