Broiler Chicken Meat Market In Guwahati :৪৮ ঘণ্টাত খুচুৰা বজাৰত ব্ৰইলাৰ মাংসৰ দাম কিলোত ৬০ টকা বৃদ্ধি

নাটনিৰ অজুহাতত প্ৰতি নিশাই বৃদ্ধি ২০ টকাকৈ

guwahati broiler meat27 4 23

Broiler Chicken Meat Market In Guwahati:

ৰাজ্যৰ মাংসৰ বজাৰত সৰ্বাধিক চাহিদা থকা কটা ব্ৰইলাৰ মাংসৰ দাম যোৱা ৪৮ ঘণ্টাত প্রতি কিলোগ্ৰামত ৬০ টকা বৃদ্ধি পালে।
গুৱাহাটী মহানগৰীত যোৱা দেওবাৰলৈ প্ৰতি কিলোগ্রাম কটা ব্ৰইলাৰ মাংস ২৮০ টকাৰ দৰত বিক্ৰী হৈ আছিল; কিন্তু সোমবাৰ আৰু মঙলবাৰে ২০ টকাকৈ বৃদ্ধি পাই কালি প্রতি কিলোগ্রাম ৩২০ টকাত বিক্রী হয়। ইয়াৰ পাছত আজি প্রতি কিলোগ্রাম কটা ব্ৰইলাৰ মাংসৰ দাম পুনৰ ২০ টকা বৃদ্ধি হোৱাত ৩৪০ টকালৈ বৃদ্ধি হয়।

খুচুৰা বজাৰত কটা ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধিৰ সমান্তৰালভাৱে পাইকাৰী বজাৰতো দাম বৃদ্ধি হৈছে বুলি দাবী কৰিছে ব্যৱসায়ীসকলে। যোৱা সপ্তাহত পাইকাৰী মূল্যত প্রতি কিলোগ্রাম গোটা ব্ৰইলাৰৰ দাম ১৫৫-১৬০ টকা আছিল যদিও আজি ইয়াৰ মূল্য ১৮০-১৮৫ টকালৈ বৃদ্ধি পায় বুলি খুচুৰা ব্যৱসায়ীসকলে সদৰী কৰিছে।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ আমদানি বন্ধ হৈ পৰাৰ ফলতে এই মূল্যবৃদ্ধি ঘটিছে বুলি দাবী কৰিছে ব্যৱসায়ীসকলে। একাংশ ব্যৱসায়ীয়ে সদৰী কৰি অনুসৰি, ৰজাৰত সম্প্ৰতি পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয় ব্ৰইলাৰ। ফলত স্থানীয় পালকসকলে তথা পাইকাৰী বিক্ৰেতাসকলে যি দৰ নিৰ্ধাৰণ কৰিছে, সেই দৰতে খুচুৰা ব্যৱসায়ীসকলে ক্ৰয় কৰিবলগীয়া হৈছে।

আনহাতে, দেশৰ কে’বাখনো ৰাজ্যত দেখা দিয়া পক্ষী জ্বৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা মাহত পশুধন আৰু পশু চিকিৎসা বিভাগে বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ আমদানি বন্ধ কৰি গ্ৰাহকক যোগান ধৰিব পৰাকৈ ৰাজ্যত পর্যাপ্ত পৰিমাণে ব্ৰইলাৰ উপলব্ধ বুলি সদৰী কৰি মূল্যবৃদ্ধি নহয় বুলি দাবী কৰিছিল যদিও সম্প্ৰতি এই দাবী বুমেৰাং হৈ পৰিল।

অৱশ্যে এয়া অসাধু ব্যৱসায়ীয়ে সৃষ্টি কৰা কৃত্ৰিম নাটনি বুলিও অভিযোগ উত্থাপন হৈছে। কে’বাজনো গ্রাহকে ব্ৰইলাৰ মূল্যবৃদ্ধিত সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি ব্ৰইলাৰ মাংসত ছিণ্ডিকেট চলাবলৈ বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ আমদানি বন্ধ কৰি সম্প্ৰতি বিভাগৰ জ্ঞাতাসাৰে দাম বৃদ্ধি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷

Exit mobile version