Greater Adjutant Release:বিলুপ্তপ্ৰায় হাড়গিলা পোৱালি “টিকু”ক প্ৰকৃতিত মুকলি কৰিলে আৰণ্যকৰ দলে

hargila1

Greater Adjutant Release: a

গছৰ টিঙত থকা বাহৰ পৰা পৰি আঘাটপ্ৰাপ্ত হোৱা অৱস্থাত উদ্ধাৰ কৰা দহদিনীয়া এটি হাড়গিলা পোৱালি বন্যপ্ৰাণীপ্ৰেমী তথা পক্ষীপ্ৰেমীৰ সাতমহীয়া যত্ন আৰু পৰিচৰ্যাত সুস্থ হৈ এতিয়া পুনৰ প্ৰকৃতিৰ কোলালৈ উৰা মৰিছে । “টিকু”নামৰ এই হাড়গিলাটিক বিলুপ্তপ্ৰায় “গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক” অৰ্থাৎ হাড়গিলাৰ সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচী (জি এ চি পি) গোটে ১৪ মে’ত মুকলি কৰি দিয়ে ।

দীপৰ বিলৰ সমীপত আয়োজিত এই চৰাই মুকলি অনুষ্ঠানত অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (প্ৰশাসন) পাৰ্থসাৰথি মহন্ত আৰু উপ মহাপৰিদৰ্শক (চি আই ডি)ইন্দ্ৰানী মহন্ত উপস্থিত থাকে । দুয়োগৰাকী আৰক্ষী বিষয়া বহু বছৰ ধৰি আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ।

দীপৰ বিল অঞ্চলৰ সুপৰিচিত সংৰক্ষণবিদ প্ৰমোদ কলিতাও এই অনুষ্ঠানত উপস্থিত আছিল। তেওঁৰ তিনি বছৰীয়া কন্যা ভূয়্সী কলিতা ওৰফে টিকু অতি চৰাই অনুৰাগী আৰু সেয়েহে মুকলি কৰি দিয়া হাড়গিলাটিৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।

২০২২ চনৰ ১৮ নৱেম্বৰত কামৰূপ জিলাৰ দদৰা গাঁৱৰ ৭০ ফুট ওখ এজোপা গছৰ ওপৰৰ বাহৰ পৰা হাড়গিলাৰ এই মাইকী পোৱালিটি আন এটা পোৱালিৰ সৈতে সৰি পৰিছিল । স্থানীয়ভাৱে হাড়গিলা বুলি পৰিচিত বিলুপ্তপ্ৰায় “গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক”ৰ দহ দিনীয়া পোৱালিটিক সেইদিনা এটা ডাঙৰ বগা ঊণৰ বলৰ দৰে দেখা গৈছিল। বাহৰ পৰা সৰি পৰা পোৱালিকেইটি সৌভাগ্যক্ৰমে কন্দৰ্প মেধি নামৰ স্থানীয় বাসিন্দাজনৰ চকুত পৰে ।

তেওঁ তৎক্ষণাত আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচী (জি এ চি পি) দলৰ সৈতে যোগাযোগ কৰে । সু-পৰিচিত সংৰক্ষণকৰ্মী ড: পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত হাড়গিলা সংৰক্ষণ কাৰ্যসূচী (জি এ চি পি) দলে কাম কৰে ।

লগে লগে ড: বৰ্মন আৰু তেওঁৰ দলৰ সদস্য মানব দাস আৰু দীপাংকৰ দাস এই দুৰ্দশাগ্ৰস্ত পোৱালিকেইটিৰ উদ্ধাৰকাৰ্য আৰু পৰিচৰ্যাত নামি পৰে । পোৱালিকেইটিক ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ (চি ডব্লিউ আৰ চি)ৰ যুটীয়া সঞ্চালক ড: ৰথীন বৰ্মনক চমজাই দিয়া হয় আৰু পুনৰসংস্থাপনৰ বাবে চি ডব্লিউ আৰ চিলৈ লৈ প্ৰেৰণ কৰা হয় ।

ড: পূৰ্ণিমা দেৱী বৰ্মনে কয়, “দুয়োটি পোৱালিকে অত্যন্ত নিশকতীয়া, শুষ্ক আৰু আঘাতপ্ৰাপ্ত যেন দেখা গৈছিল । গতিকে সিহঁতক সম্ভৱপৰ উত্তম যত্নৰ প্ৰয়োজন আছিল ।”

অসমৰ বন বিভাগৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত চি ডব্লিউ আৰ চিৰ পশু চিকিৎসক ডাঃ ছামছুল আলীয়ে যদিও এই পোৱালি দুটাক বচাবলৈ সৰ্বোচ্চ যত্ন লৈছিল যদিও কেন্দ্ৰটোত কেইদিনমান থকাৰ পিছত আঘাতৰ বাবে এটা পোৱালিৰ মৃত্যু হয়। ইফালে যত্ন আৰু চিকিৎসাৰ পিছত আনটি পোৱালিৰ অৱস্থা ক্ৰমান্বয়ে উন্নতি হয়।

আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচী দলক নেতৃত্ব দিয়া সংৰক্ষণকৰ্মী ড: পূৰ্ণিমা দেৱী বৰ্মনে কয়, “১৪ মে’ অৰ্থাৎ মাতৃ দিৱসৰ দিনটোত সুস্থ হৈ উঠা হাড়গিলাক মুক্ত কৰি দিয়াৰ জৰিয়তে আমি সদায় নিজৰ সন্তানৰ লালন-পালন আৰু সুৰক্ষাৰ বাবে সৰ্বস্ব উজাৰি দিয়া সেই সকলো মাতৃক সন্মান জনাইছোঁ ।

এই হাড়গিলাৰ উৰণ মাতৃক হেৰুওৱা সকলোৰে বাবে আশা আৰু স্থিতিস্থাপকতাৰ প্ৰতীক আৰু অপ্ৰত্যাশিত উৎসৰ পৰাও প্ৰেম আৰু মমতা যে আহিব পাৰে তাৰ সোঁৱৰণ ।”

উল্লেখ্য যে বিগত ১৫ বছৰত ড০ পূৰ্ণিমা বৰ্মন আৰু তেওঁৰ দলটোৱে এনেধৰণৰ ৪০০ৰো অধিক চৰাই উদ্ধাৰ আৰু পুনৰ সংস্থাপন কৰিছে ।

Exit mobile version