Sonapur LPG Tanker Crashes :সোণাপুৰত দুৰ্ঘটনাগ্রস্ত LPG গেছ পৰিবাহী বাহন

দুৰ্ঘটনাগ্রস্ত টেংকাৰৰ পৰা অহৰহ গেছ নিৰ্গমণ, তিনিঘণ্টাৰ অন্তত অইলৰ কাৰিকৰী বিষয়াই বন্ধ কৰিলে লীকেজ, ভয়ংকৰ বিপদৰ পৰা সকাহ পালে সোনাপুৰবাসী

sonapur

Sonapur LPG Tanker Crashes :

মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ পাটৰকুছিত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্রস্ত এল পি জি গেছ পৰিবাহী টেংকাৰ ৷ পুৱা আঠ বজাত নিয়ন্ত্রণ হেৰুৱাই ৰাজপথৰ ডিভাইদাৰ পাৰ হৈ বিপৰীত দিশত বাগৰি পৰে টেংকাৰখন ।  বাগৰি পৰা টেংকাৰ খনৰ পৰা অহৰহ গেছ নিৰ্গমণ হৈ থকাৰ ফলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

সদাব্যস্ত ফৰ’লেনৰ যানবাহন চলাচল বন্ধ কৰি দিয়া হয় ৷ যিকোনো সময়তে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰি স্থানীয় লোকৰ তৎপৰতাত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷

আনহাতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ থকাৰ বাবে একক পথযুক্ত কৰি দিয়া হয় সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷

ইপিনে,দুৰ্ঘটনাস্থলীত অইলৰ কাৰিকৰী বিষয়া উপস্থিত হৈ তিনিঘণ্টাৰ অশেষ চেষ্টাৰ অন্তত গেছৰ লীকেজ বন্ধ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,এল পি জি গেছ নিৰ্গমণৰ ফলত বতাহত বিয়পি পৰে ৰন্ধন গেছৰ গোন্ধ ৷ এক ভয়ংকৰ বিপদৰ পৰা সকাহ পালে সোনাপুৰবাসীয়ে ৷

আনহাতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ চালকজন গুৰুত্বৰভাৱে আহত হোৱাত ইতিমধ্যে ভৰ্তি কৰা হয় জি এম চি এইছত ৷ দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খনৰ পৰা এল পি জি গেছৰ লীকেজ বন্ধ কৰাৰ পাছত শেহতীয়াকৈ সুকলমে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খন ৰাজপথৰ কৰা স্থানান্তৰিতৰ বাবে অইলৰ বিষয়াই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

মনকৰিবলগীয়া যে,দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খনত এতিয়াও মজুত আছে এল পি জি গেছ ৷ জিলা প্ৰশাসনে ঘটনাস্থলীত মজুত কৰি ৰাখিছে এখন এম্বুলেন্স ৷

Exit mobile version