Cm Himanta Biswa Sarma:নাগৰিকক সহায় নকৰা বিষয়া- কৰ্মচাৰীক নাকী লগাবলৈ আয়োগ

কেবিনেটত সিদ্ধান্ত গঠন হ'ব জিএছটিৰ ৰাজ্যিক পৰ্যায়ৰ ন্যায়াধিকৰণ, বিহুৰ শিল্পীক মাননি প্ৰদান ২৮-২৯ জুনত ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ হিতাধিকাৰীৰ তথ্য, ১৯-২০ জুনত উদ্বোধন হ'ব ৩৭ আদর্শ বিদ্যালয়

jayanta

Cm Himanta Biswa Sarma:

চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ইচ্ছাকৃতভাৱে নাগৰিকক কোনো কামত সহযোগ নকৰিলে বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ অসম চৰকাৰে এখন আয়োগ গঠন কৰিব। এই সম্পৰ্কীয় এখন অধ্যাদেশত চৰকাৰৰ কেবিনেট বৈঠকে অনুমোদন জনায়।

জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত আয়োজিত এক সংবাদমেলত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে যে এই আয়োগত এজন অধ্যক্ষ আৰু দুজন আয়ুক্ত থাকিব। কোনো নাগৰিকে যদি তেওঁক কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ইচ্ছাকৃতভাৱে সহযোগ নকৰা বুলি নিশ্চিত হয় তেন্তে আয়োগৰ ওচৰত আবেদন দাখিল কৰিব পাৰিব।

আবেদনৰ অভিযোগ সঁচা প্রমাণিত হ’লে আয়োগে সংশ্লিষ্ট বিষয়া- কৰ্মচাৰীক জৰিমনা বিহিব। জৰিমনাৰ ধন সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ পৰা আদায় দিব লাগিব।

কেবিনেটত আজি আন কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইবোৰৰ বিষয়েও মন্ত্ৰী বৰুৱাই সদৰী কৰে। তেনে কেইটামান সিদ্ধান্ত কৰি মন্ত্ৰীজনে কয়, ‘জিএছটি পৰিষদৰ সিদ্ধান্ত অনুসৰি অচিৰে অসমতো এখন ৰাজ্যিক পৰ্যায়ৰ ন্যায়াধিকৰণ স্থাপন কৰা হ’ব। জিএছটিক লৈ কিবা অভিযোগ থাকিলে ৰাজ্যিক পৰ্যায়ৰ ন্যায়াধিকৰণত দাখিল কৰিব পাৰিব।

কেবিনেটত ক্রীড়া বিভাগৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অসম চৰকাৰে অভিনৱ বিদ্ৰা ন্যাসৰ লগত এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। এই চুক্তি অনুসৰি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া ২৫০ খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানত অলিম্পিকৰ অন্তৰ্ভুক্ত বিভিন্ন খেলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

কেবিনেটত অসমত চলি থকা সকলো ডিবিটি আঁচনিৰ সুবিধাপ্রাপ্ত পৰিয়াল আৰু ব্যক্তিৰ তথ্য ডিজিটেল মাধ্যমত সংৰক্ষিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত আঁচনিবোৰৰ অপব্যৱহাৰ বন্ধ হ’ব বুলি আশা কৰা হৈছে। তেনে পৰিয়াল আৰু লোকসকলক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি জিঅ’ টেগৰ জৰিয়তেও সহায় কৰিব পৰা যাব।”

অসমৰ চাহৰ দুশ বছৰীয়া উদযাপনৰ লগত সংগতি ৰাখি কেবিনেট বৈঠকে চাহৰ ওপৰত থকা কৃষি কৰ অহা তিনি বছৰলৈ ৰেহাই দিয়াৰ এক সিদ্ধান্তও গ্ৰহণ কৰে। উল্লেখ্য যে চাহৰ কৃষি কৰ ইয়াৰ পূর্বেও ৰেহাই দিয়া হৈছিল। সেই ৰেহাইৰ সময়সীমা চলিত বৰ্ষত অন্ত পৰিব। সেয়েহে  পুনৰ উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মন্ত্ৰী বৰুৱাই সদৰী কৰা আন এক সিদ্ধান্ত অনুসৰি অহা ১৮ আৰু ১৯ জুনত ৰাজ্যৰ বিভিন্ন জিলাত নতুনকৈ স্থাপন কৰা ১৮ খন আদর্শ বিদ্যালয় আৰু চাহ বাগিচাত স্থাপন কৰা ১৯ খন আদৰ্শ বিদ্যালয় উদ্বোধন কৰা হ’ব। চৰকাৰৰ মন্ত্রীসকলে বিদ্যালয়বোৰ উদ্বোধন কৰিব।

তেনেদৰে মন্ত্ৰীসকলে ভাগে ভাগে অহা ২৮ আৰু ২৯ জুনত বিভিন্ন জিলালৈ গৈ গীণিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে গুৱাহাটীত প্ৰদৰ্শন কৰা বিহুৰ শিল্পীসকলক মানপত্ৰ আৰু ২৫ হেজাৰ টকাকৈ প্ৰদান কৰিব।

বৰুৱাই প্ৰকাশ কৰে যে যিসকল শিল্পীক জিলাবোৰত সংৰক্ষিতভাৱে ৰখা হৈছিল তেওঁলোককো এই অনুষ্ঠানতে ১০ হেজাৰকৈ টকা আগবঢ়োৱা হ’ব। ইএছআইৰ চিকিৎসকসকলৰ পদোন্নতিৰ সময়সীমা বৰ্তমানৰ পাঁচ বছৰৰ পৰিৱৰ্তে দুবছৰ কৰাৰো এক সিদ্ধান্ত গ্রহণ কৰা হয় ।

Exit mobile version