Manipur Incident:মণিপুৰৰ এটা ভয়ংকৰ ভিডিঅ’ই কঁপাই গৈছে সমগ্ৰ ভাৰত

দুই মহিলাক উলংগ কৰি ৰাজপথত সমদল,গ্ৰেপ্তাৰ মূল অভিযুক্তক

MANIPUR

Manipur Incident:
অশান্ত জৰ্জড়িত মণিপুৰত বিগত দুমাহতকৈও অধিক সময় ধৰি উত্তপ্ত হৈ আছে পৰিস্থিতি। এনে পৰিস্থিতিৰ মাজতে পাৰ্বত্য ৰাজ্যখনত সংঘটিত হোৱা এক নৃশংস নাৰী নিৰ্যাতনৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশক ।

দুই মহিলাক উলংগ কৰি ৰাজপথত সমদল কৰা ঘটনাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে পৰিস্থিতিৰ পুনৰ অগ্নিগৰ্ভা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই নৃশংস কাণ্ডই অধিক ৰূপত ভয়াৱহ কৰি তুলিছে মণিপুৰৰ পৰিস্থিতি।

নাৰী নিৰ্যাতনৰ এক ঘৃণনীয় কাণ্ডৰ ভিডিঅ’টোত মেইটেই সম্প্রদায়ৰ একাংশ লোকে দুগৰাকী কুকি মহিলাক পথত উলংগ কৰি সমদল কৰোৱাৰ দৃশ্য দেখা গৈছে। আনকি সন্দেহ কৰা মতে পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলা দুগৰাকী ধর্ষণ কৰাৰ অভিযোগো উত্থাপন কৰিছে ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতি নেতা মঞ্চই ৷ সংগঠনটোৱে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা অনুসৰি ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ নিলগত কাংপকপি জিলাত যোৱা চাৰি মে’ দিনাই সংঘটিত হৈছিল এই জঘন্য লজ্জাজনক ঘটনাটো ৷ কাণ্ডটোত দুগৰাকী কুকি মহিলাক উলংগ কৰি পথত সমদল কৰাৰ লগতে একাংশই স্পৰ্শ কৰে মহিলা দুগৰাকীৰ গুপ্তাংগও।

উল্লেখ্য যে, কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত বিগত দুমাহ দিন ধৰি অব্যাহত থকা সংঘৰ্ষৰ পহিলাতে এই জঘন্য গণ ধৰ্ষণৰ ঘটনাটি সংঘটিত হৈছিল যদিও ইন্টাৰনেট বন্ধ থকাৰ বাবে ঘটনাটো পোহৰলৈ অহা নাছিল।

আনকি ঘটনাৰ বিষয়ে ৰাজ্য চৰকাৰ অৱগত হৈছিল যদিও অপৰাধীক কৰায়ত্ত কৰিবলৈ তৎপৰ হোৱা নাছিল ৷

অৱশ্যে ঘটনা সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, মণিপুৰৰ দুগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ভয়ানক ভিডিঅ’টো নিন্দনীয় আৰু সম্পূৰ্ণ অমানৱীয় । মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পাতিলো ৷

তেওঁ মোক জনাইছে যে বর্তমান তদন্ত চলি আছে। আনহাতে মণিপুৰৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ হুংকাৰ দি কয় মণিপুৰৰ ঘটনাই দেশৰ ১৪০ কোটি জনতাক লজ্জানত কৰিছে ।

আইন ব্যৱস্থা কঠোৰ কৰি তুলিবলৈ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ। মণিপুৰৰ অপৰাধীক ধৰিবলৈ কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল’বলৈ মণিপুৰ চৰকাৰক নিৰ্দেশ দিয়ে মোদীয়ে ৷

প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ স্থিতিৰ পাছতে মণিপুৰ চৰকাৰ কঠোৰ হৈ পৰি জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ ভয়ংকৰ ভিজুৱেল শ্বেয়াৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়াত, শ্বেয়াৰ কৰিলেই পৰিব চৰকাৰৰ ৰোষত ৷

শেহতীয়াকৈ দেশ তোলপাৰ লগোৱা ভিডিঅ’ ভাইৰেল কৰা মণিপুৰৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ৰাজ্য চৰকাৰে ৷ একেদৰে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক ৷

ইফালে মণিপুৰৰ ঘটনাক লৈ কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক ধমক দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। চৰকাৰে ব্যৱস্থা ল’ব নোৱাৰিলে আমি ব্যৱস্থা লম। চৰকাৰলৈ ২৪ ঘণ্টাৰ ডেডলাইন বান্ধি দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে

Exit mobile version