Guwahati Suicide:গুৱাহাটীত অঘটন !

ৰহস্যজনক ভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ ,ঘটনা সন্দৰ্ভত আটক প্ৰেমিক

rupnagaon Incident

Guwahati Suicide:

দেওবাৰে মহানগৰীৰ ৰূপনগৰত দেওবাৰে সংঘটিত হয় অঘটন  ৷ ৰহস্যজনক ভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ ৷ যুৱতী গৰাকী মণিপুৰৰ বুলি জানিব পৰা গৈছে ৷ মৃত যুৱতী গৰাকীৰ নাম ৰেবিকা থাওডাম ৷

ৰূপনগৰত ভাড়াতীয়া হিচাপে থকা যুৱতী গৰাকীক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ আনহাতে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈ এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে পৰিয়ালৰ লোকে ৷ আনকি এই ঘটনাৰ স’তে যুৱতী গৰাকীৰ প্ৰেমিক ৰোহিত শইকীয়াক অভিযুক্ত কৰিছে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে ৰোহিত শইকীয়াক ভঙাগড় আৰক্ষীয়ে আটক কৰি অব্যাহত ৰাখিছে । প্ৰাপ্ত তথ্য অনুসৰি প্রায় ডেৰ বছৰ ধৰি প্রেমৰ সম্পৰ্ক আছিল দুয়োৰে। ইপিনে , ৰোহিতৰ আত্মীয়ই সদৰি কৰা মতে লখিমপুৰত থকা ৰোহিতক যুৱতী গৰাকীয়ে গুৱাহাটীলৈ মাতি পঠিয়াইছিল ৷

এখন স্কুটি কিনাৰ বাবে মাতি পঠিওৱা বাবে ৰোহিত লখিমপুৰৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল ৷ ৰোহিত পেছাগত ভাবে এজন অধিবক্তা ৷ ৰোহিত গুৱাহাটীত উপস্থিত হোৱাৰ পাছত শণিবাৰে দুয়োৰে মাজত তৰ্কাতৰ্কি হৈছিল ৷ পাছত ৰোহিত ওলাই গৈছিল বাহিৰলৈ ৷ পুনৰ ঘূৰি অহাত যুৱতী গৰাকী চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি হুলস্থূল কৰে ৷

Exit mobile version