Kamatapur Progressive Party :কেন্দ্র আৰু ৰাজ্য চৰকাৰে তথা ভাৰতৰ ৰাষ্ট্ৰ ব্যাবস্থাই কোচ কামতাপুৰী জনগনক প্ৰতাৰণাৰ বাহিৰে একো দিব নোৱাৰিলে বুলি বিষ্ফোৰক মন্তব্য কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ

লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী দিব কেপিপিয়ে

kpp

Kamatapur Progressive Party :

কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে শুক্ৰবাৰে জাৰি কৰা এক প্ৰেছ বিবৃতিত চন্দ্রযান-৩ ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয মহাকাশ গবেষণা কেন্দ্র (ISRO) ৰ সকলো বৈজ্ঞানিকক অভিনন্দন জনাই কয় যে বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্ৰ ভাৰতবৰ্ষই আজাদী কা অমৃত মহোৎসৱ উৎযাপন কৰি ৭৭ তম স্বাধীনতা দিৱস পালন কৰিলে।

চন্দ্ৰযান-৩ ৰ সফল উৎক্ষেপণৰ জৰিয়তে চন্দ্র বিজয় কৰিলে। কিন্তু কোচ-কামতাপুৰী সমাজে চলোৱা ন্যায় প্ৰাপ্তিৰ সংগ্ৰামক আজিও মৰ্যাদা দিব নোৱাৰিলে। আজিও ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা নাপালোঁ নিজৰ মাতৃভাষাৰ স্বীকৃতি, নাপালোঁ গৃহ ভূমিত স্ব-শাসনৰ অধিকাৰ, নাপালোঁ ইতিহাস-ঐতিহ্য আৰু সংস্কৃতি ৰক্ষাৰ অধিকাৰ, নাপালোঁ শোষন-বঞ্চনা আৰু প্ৰতাৰনাৰ বিৰুদ্ধে মুকলি ভাৱে মতামতাৰ অধিকাৰ।

কি উত্তৰবঙ্গ ! কি অসম! কি বিহাৰ!কি মেঘালয়! ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে কোচ-কামতাপুৰী জনগণ ৰাজনৈতিক শোষন-বঞ্চনা আৰু প্ৰতাৰনাৰ স্বীকাৰ। ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা আমি বোৰ ভাৰতীয় হিচাপে কি পালোঁ আৰু কি হেৰুৱালোঁ সেয়া নিশ্চয় আজি হিচাপ-নিকাশ কৰাৰ প্ৰয়োজন।

স্বাধীনতাৰ ৭৭ বছৰ পিছতো ৰাষ্ট্ৰ ব্যৱস্থাৰ বৰমুৰীয়া সকলে আজিও ব্যৰ্থ হৈছে কোচ-কামতাপুৰী জনতাক ন্যায় দিয়াত। ই আমাৰ কাৰণে অতিকৈ দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয়। তাৰ পিছতো হাজাৰ দুখ আৰু বেদনাৰ মাজতো আমি ৰাষ্ট্ৰ ব্যৱস্থাৰ সৈতে একাত্ম হৈ থাকিব বিচাৰোঁ।

ৰাষ্ট্ৰ ব্যৱস্থাৰ মুৰব্বী সকলে কেতিয়া যে আমাৰ দুখ-বেদনা আৰু হৃদয়ৰ যন্ত্রণা উপলব্ধি কৰিবলৈ শিকিব। এয়া আমাৰ বাবে আজি কোটি টকীয়া প্ৰশ্ন? আজি আমি স্ব-অধিকাৰৰ বাবে ৰাজপথত সংগ্ৰাম কৰিবলগীয়া হৈছে। সেয়ে আমি ৰাষ্ট্ৰ ব্যৱস্থাৰ মুৰব্বী সকলক আবেদন জনাওঁ যে অতিশীঘ্রই কোচ-কামতাপুৰী জনগণক ন্যায় দিয়াৰ ক্ষেত্ৰত এক উপযুক্ত পদক্ষেপ গ্রহণ কৰক।

ইফালে একেটা বিবৃতিতেই কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে আৰু কয় যে ২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে যদি কোচ-কামতাপুৰী জনগণৰ সমস্যাৰ কোনো ৰাজনৈতিক সমাধান কৰা নহয় তেনেহলে অসম আৰু উত্তৰবঙ্গৰ কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুড়ি, দাৰ্জিলিঙ, ৰায়গঞ্জ, বালুৰঘাট, উত্তৰ মালদা, ধুবুৰী, বৰপেটা, কোকৰাঝাৰ, গুৱাহাটী, মঙ্গলদৈ আদি সংসদীয় সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ জৰিয়তে ৰাজনৈতিকভাৱে কেন্দ্র আৰু ৰাজ্যত নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়া হ’ব বুলি সকিয়াই দিয়ে ।

Exit mobile version