আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কেপিপি)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে উত্তৰ বংগৰ তথা ঐতিহাসিক কামতাপুৰৰ নিৰ্বাচনোত্তৰ ৰাজনৈতিক হিংসাত জৰ্জৰিত পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰে । ৰায়ে কয় যে, যোৱা দুই এপ্ৰিলৰ ভোট গণনা পৰ্ব শেষ হোৱাৰ পাছৰ পৰাই একাংশ সমাজ বিৰোধী চক্ৰই পৰিকল্পিত আৰু ষড়যন্ত্ৰমূলকভাৱে দেশীয় কোচৰাজবংশী সম্প্ৰদায়ৰ মানুহৰ মাজত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই ধন-সম্পত্তি আদি লুট-পাট চলাই আছে ।
লগতে কয় যে, নিৰ্বাচনোত্তৰ এনে হিংসাৰ ফলত বহুতেই নিজৰ ঘৰ-বাৰী হেৰুৱাবলগীয়া হৈছে আৰু বহুতে নিজৰ প্ৰাণৰ মায়াত পলাই আহি অসমত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে । নিৰ্বাচনোত্তৰ এনে হিংসা বন্ধ কৰিবলৈ কে পি পিৰ সাধাৰণ সম্পাদক গৰাকীয়ে পশ্চিমবংগ মুখ্যমন্ত্ৰী মমতা ব্যনাৰ্জী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৎক্ষাণিকভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
লগতে কে পি পিৰ সাধাৰণ সম্পাদকজনে ৰাজনৈতিক হিংসাৰ বলি হোৱা লোকসকলক আৰ্থিক সাহাৰ্য্য দিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। বিবৃতিটো নিৰ্বাচনোত্তৰ এনে ৰাজনৈতিক হিংসাত ৰাষ্ট্ৰ বিৰোধী কোনো শক্তি জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰিছে ৰায়ে।
গতিকে ৰাষ্ট্ৰহিতৰ প্ৰতি লক্ষ্য ৰাখি দেশীয় কোচৰাজবংশী লোকৰ ওপৰত চলা এনে পৰিকল্পিত ৰাজনৈতিক হিংসা বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কঠোৰতম স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।