Indrani Tahbilkar Murder Case :বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাই তোলপাৰ লগাইছে বিজেপিৰ বৰঘৰ

চাকৰিৰ ক'লা বেহাত টকা দিয়াৰ কথা স্বীকাৰ ইজনৰ পাছত সিজনকৈ জালত পৰা অভিযুক্তই, পুঠি খলিহনাৰ পাছত এইবাৰ ৰৌ- বৰালি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা

indrani

Indrani Tahbilkar Murder Case :

ৰাজ্যৰ বহু চৰ্চিত বিজেপি কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাই ঘটনাই পোহৰলৈ আনিছে ন ন তথ্য ৷ ইতিমধ্যে পোহৰলৈ অহা ৰাজ্যৰ চাকৰিৰ ক’লা বেহাত টকা দিয়াৰ কথা স্বীকাৰ আন এগৰাকীৰ।

শান্তনা ডেকা নামৰ এগৰাকী মহিলাই দ্বীবন ডেকা আৰু অনুৰাগ কোম্পানীক টকা দিয়াৰ কথা অৱগত কৰি শনিবাৰে চানমাৰি থানাত দাখিল কৰিছে এজাহাৰ ৷ ইজনৰ পাছত সিজনকৈ আৰক্ষীৰ জালত পৰিছে বিজেপিৰ নেতা-পালিনেতা ৷

চাকৰিৰ মুক্ত বজাৰত সাঙোৰ খাই পৰা কে’বাগৰাকী নেতা-কৰ্মীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ততাতৈয়াকৈ দলৰ বহিস্কৃত কৰিয়ে দায়িত্ব সামৰিছে ৰাজ্যিক বিজেপিয়ে ৷

উল্লেখ্য যে,শান্তনা ডেকা নামৰ মহিলা গৰাকীয়ে এজাহাৰত দ্বীবন ডেকা আৰু অনুৰাগ কোম্পানীক চাকৰিৰ বাবে ১৩ লাখ টকা দিছিল বুলি উল্লেখ কৰে।

আনহাতে সদ্য বহিস্কৃত বিজেপি নেত্ৰী তৃষ্ণ শৰ্মাকো চাকৰিৰ বেহাৰ স’তে নাম সাঙোৰ খোৱাৰ পাচত ইতিমধ্যে আটকাধীন বিজেপিৰ নিলম্বিত নেত্ৰী তৃষ্ণা শৰ্মাই চাকৰিৰ নামত বিভিন্ন চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল ৷ এই কথা চানমাৰি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বুলি জানিবপৰা গৈছে ৷

শণিবাৰে গ্ৰেপ্তাৰ কৰা তৃষ্ণা শৰ্মাক আজি আৰক্ষীয়ে আদালতত হাজিৰ কৰাত পুনৰ আৰক্ষী জিন্মালৈ দিয়ে ৷

শেহতীয়াকৈ চাকৰিৰ কিনা- বেচাৰ অন্যতম মাষ্টাৰ মাইণ্ড দ্বীবন ডেকাই  আৰক্ষীৰ জেৰাত বিজেপি নেতা তথা এ আই আই ডি চিৰ অধ্যক্ষ শান্তনু পূজাৰীৰ নাম চাকৰি বজাৰ খনৰ স’তে জড়িত থকাৰ কথা উল্লেখ কৰে ৷

যোৰহাট লোকসভা আসনৰ অন্যতম দাবীদাৰ শান্তনু পূজাৰীৰ নাম চাকৰিৰ বজাৰৰ সৈতে যুক্ত হোৱাত পুজাৰীৰ ৰাজনৈতিক ভৱিষ্যত সংকটপূৰ্ণ হৈ পৰিছে ৷

আনহাতে ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাই জোকাৰিছে ৰাজ্যিক বিজেপিক ৷ একেদৰে ন- পুৰণি বিজেপিৰ সংঘাত অব্যাহত থকাৰ মাজতে সোমবাৰে প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠকত ৷

ক’ৰ কমিটিৰ বৈঠকত অংশ ল’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাজ্যিক বিজেপিৰ সাংগাঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু , ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ কে’বা গৰাকী সদস্যই ৷

Exit mobile version