Assam Pradesh Bjp Pressmeet:চাহ বাগিছাৰ ৰাইজৰ উন্নয়নৰ একমাত্ৰ কৃতিত্ব বিজেপি চৰকাৰৰ : বিজেপি অসম প্ৰদেশ

subash dutta

Assam Pradesh Bjp Pressmeet:

চাহ বাগিছাত এতিয়া উন্নয়নৰ ৰাজনীতি চলে ! ভূৱা অপপ্ৰচাৰৰ ৰাজনীতি এতিয়া অসমৰ চাহ বাগিছাত নচলে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু ডিব্ৰুগড়ৰ জোৱাঁই অপূৰ্ব কুমাৰ ভ্ৰটাচাৰ্য্যক লগত লৈ বাগিছাই বাগিছাই কেতবোৰ মনেসজা ভিত্তিহীন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত অপপ্ৰচাৰেৰে চাহ শ্ৰমিক ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লুটাৰ অপচেষ্টাত লিপ্ত হৈছে ।

চাহ বাগিছাৰ ৰাইজ এতিয়া সজাগ আৰু সচেতন । সেয়েহে অসমৰ প্ৰতিখন চাহ বাগিছাৰ ৰাইজ উন্নয়নৰ সৈতে আছে , বিজেপিৰ সৈতে আছে , নৰেন্দ্ৰ মোডী আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে । আজি ডিব্ৰুগড়ত এক সংবাদমেলত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান জনাই কয় , কংগ্ৰেছে এতিয়া চাহ শ্ৰমিক ৰাইজৰ ওচৰলৈ গৈ ক্ষমা খোজা উচিত । কাৰন কংগ্ৰেছে দিৰ্ঘদিন ধৰি চাহ বাগিছাৰ ৰাইজক শোষন ,বঞ্চনা কৰি আহিছে ।

কংগ্ৰেছৰ নেতাসকলে এতিয়া চাহ বাগিছাত গৈ লাজ পাইছেনে নাই বুলি প্ৰশ্ন কৰি মুখপাত্ৰজনে কয় , অৰ্ধশতিকা চাহ বাগিছাৰ ৰাইজৰ ভোটেৰে শাসনলৈ অহা কংগ্ৰেছৰ কাৰ্য্যকালত চাহ বাগিছাৰ লাইনৰ ৰাইজে উন্নয়নৰ মুখ দেখা নাছিল । এতিয়া চাহ বাগিছাৰ লাইনৰ ৰাস্তা পকীকৰন হৈছে ।

ঘৰে ঘৰে শৌচাগাৰ নিৰ্মান হৈছে । ঘৰে ঘৰে বেংকৰ একাউন্টত ধন জমা হৈছে । ঘৰে ঘৰে ৰন্ধন গেছৰ সংযোগ হৈছে । ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ সংযোগ হৈছে । চাহ শ্ৰমিক ৰাইজে পকীঘৰ লাভ কৰিছে । প্ৰত্যোক ঘৰ চাহ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিছে । আয়ুস্মান ভাৰত আচঁনীত পাচঁলাখ টকাৰ চিকিৎসাৰ সহায়তাৰ নিশ্চিতি লাভ কৰিছে । এয়া বিজেপি চৰকাৰৰ নেতৃত্বতহে সম্ভৱ হৈছে ।

এয়া ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তত্বাবধানত সম্ভৱ হৈছে । চাহ বাগিছালৈ যোৱা পকী পথটো , মাংৰী উৰাং ৰংগ মঞ্চখন , চাহ বাগিছাৰ হাইস্কুলখন , চিকিৎসালয়খন দেখি কংগ্ৰেছৰ নেতা সকলে লাজ পোৱা উচিত । কাৰন চাহ শ্ৰমিক ৰাইজৰ কল্যানৰ কাৰনে এইসমূহ চিন্তা তেওলোকৰ মনলৈ অহা নাছিল । কিন্তু বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চাহ বাগিছাত মহাপ্ৰভূ জগন্নাথ মন্ডপ , ষ্টেডিয়াম , স্পৰ্টচ একাডেমীৰ দৰে বৃহৎ অনুস্ঠান স্থাপন কৰিছে ।

ভূপেন বৰা আৰু অপূৰ্ব ভ্ৰটাচাৰ্য্যক কটাক্ষ কৰি মুখপাত্ৰজনে কয় , দুইজন ডিব্ৰুগড়ৰ জোৱাঁই শহুৰৰ ঘৰত বেছিদিন থাকিলে কন্দল আৰম্ভ হ’বই । তেওঁলোকে চাহ বাগিছাত বিজেপি চাবলৈ আহিছিল । মিটিং বিলাকত ত্ৰিছ চল্লিছজন ৰাইজে তেওঁলোকক লগ দিছে । এয়া তেওলোকৰ অধিকাৰ আমাৰ কব লগা নাই । কিন্তু বাগিছাই বাগিছাই মিথ্যাচাৰ অপপ্ৰচাৰ চলোৱাটো তেওঁলোকে বন্ধ কৰক ।

কাৰন এতিয়া চাহ বাগিচাৰ ৰাইজ সজাগ আৰু সচেতন । আৰু চাহ শ্ৰমিক ৰাইজ বিজেপি দলৰ লগত আছে । আজিৰ সংবাদ মেল খনত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ উপ- সভাপতি তথা ডিব্ৰুগড়ৰ পৌৰপতি ডা০ সৈকত পাত্ৰ , অবিচি মৰ্চাৰ অসম প্ৰদেশৰ উপ- সভাপতি উৎপল নেওঁগ আৰু সংবাদ কোষৰ সদস্য বিষ্ণু কোঁচ উপস্থিত আছিল ।

Exit mobile version