Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

G-20 Event:জি-২০ আয়োজনৰ হিচাপ-নিকাচ

#প্রাঞ্জলসেন ডেকা

publisher by publisher
September 11, 2023
in News, Assam, India
Reading Time: 4 mins read
0
G-20 Event:জি-২০ আয়োজনৰ হিচাপ-নিকাচ
3
SHARES
28
VIEWS
ShareShareShareShare

G-20 Event:জি-২০ আয়োজনৰ হিচাপ-নিকাচ

#প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

এজন দক্ষ চিকাৰী ৰূপেই আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে লাভ কৰা এক গুলিত দুই চিকাৰৰ সুবর্ণ সুযোগৰ পূৰ্ণ প্রয়োগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে !

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

চীন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিদ্বয়ৰ অনুপস্থিতিৰ পৰিপ্ৰেক্ষিতত সংশয়ৰ সৃষ্টি হ’লেও দিল্লীৰ জি-২০ শীর্ষ সন্মিলনত সৰ্বসন্মত ঘোষণাপত্র গৃহীত কৰিবলৈ সক্ষম হোৱাটো ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ সাফল্যৰূপেই চিহ্নিত হৈছে। ইউক্রেইন যুদ্ধ,পিছপৰা দেশসমূহলৈ সহজ চৰ্তত ঋণদান, জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা আদিকে ধৰি কে’বাটাও জটিল আৰু গুৰুত্বপূৰ্ণ বিষয়ক লৈ জি-২০ সদস্য দেশসমূহৰ মাজত বিভাজন পৰিলক্ষিত হৈছিল।

সেয়েহে এইবাৰৰ শীৰ্ষ সন্মিলনত সর্বসম্মত ঘোষণাপত্র গ্রহণ কৰাটো যথেষ্ট প্ৰত্যাহ্বানপূর্ণ আছিল। আনকি কোনো ঘোষণাপত্র অবিহনেই দিল্লী সন্মিলনৰ অন্ত পৰিব পাৰে বুলিও সংশয়ৰ সৃষ্টি হৈছিল। এনে এখন বৃহৎ সম্মিলন কোনো সিদ্ধান্ত অবিহনেই অন্ত পৰাটোৱে নিশ্চিতভাৱে ইয়াৰ ব্যৰ্থতাকে দাঙি ধৰিব; কিয়নো ইয়াৰ পূৰ্বে সম্পন্ন হৈ যোৱা জি-২০ৰ কোনো এখন সম্মিলনতে ঘোষণাপত্র গ্রহণ নোহোৱাকৈ থকা নাই।

চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা জি-২০ৰ বিদেশ আৰু বিত্তমন্ত্ৰীসকলৰ বৈঠকত সৰ্বসম্মতিৰ অভাৱত ঘোষণাপত্র গ্রহণ কৰা হোৱা নাছিল। এনে পৰিস্থিতিৰ উমান পায়েই ভাৰত চৰকাৰে প্ৰথমৰে পৰাই যথেষ্ট সচেতনতাৰে ইয়াৰ প্ৰয়াস অব্যাহত ৰাখে। এই শীর্ষ সম্মিলন সফলভাৱে আয়োজন কৰাটো ভাৰতৰ বাবে বৰ্তমানৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূর্ণ।

আন্তর্জাতিক ক্ষেত্ৰত ভাৰতক এক শক্তিৰূপে প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যে ই অন্যতম পদক্ষেপৰূপে চিহ্নিত হ’ব তাত সন্দেহ নাই। বহুপাক্ষিক মঞ্চত ভাৰসাম্য ৰক্ষাৰ সামৰ্থ্যও ইয়াৰ জৰিয়তে প্ৰদৰ্শন কৰিবলৈ ভাৰত সক্ষম হ’ল। অৱশ্যে ঘোষণাপত্ৰ গ্ৰহণ কৰাত সফল হ’লেও ইয়াৰ কাৰ্যকৰী মূলা আৰু ফলাফল আগন্তুক সময়ছোৱাতহে স্পষ্ট হ’ব। ইতিমধ্যে ইয়াক লৈ ভিন্ন প্রতিক্রিয়া প্রকাশ পাইছেই।

পূৰ্বৰে পৰাই বহুদেশীয় বিভিন্ন গোট আন্তর্জাতিক প্ৰেক্ষাপটত সক্ৰিয় হৈ আহিছে আৰু তেনেবোৰ বহুত গোট কালক্ৰমত নিষ্ক্রিয় হৈ পৰিছে। জি-২০, জি-৭, আছিয়ান, ব্রীক্‌ছ, নেট’, অপেক, ছার্ক, ছংঘাই আৰু যে ক’ত কি! আন্তঃৰাষ্ট্ৰীয় এনে গোটৰ বিভিন্ন বৈঠকে সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। পৰিৱৰ্তিত পৰিস্থিতিত দিনে দিনে বৃদ্ধি পাই অহা প্ৰত্যাহ্বানৰ সফলভাবে মোকাবিলাৰ বাবে দেশসমূহে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

সেয়ে বিশ্বৰ শীৰ্ষ অর্থনীতিৰ দেশসমূহৰ গোট জি-২০য়ে সম্প্রতি ব্যাপক চর্চা লাভ কৰিছে। বিশ্বৰ অৰ্থনীতিৰ ৮৫ শতাংশ আৰু আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ ৭৫ শতাংশ জি-২০ দেশসমূহৰ কুক্ষিগত। তদুপৰি বিশ্বৰ মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশই এই দেশসমূহৰ। আর্জেন্টিনা, অস্ট্রেলিয়া, ব্রাজিল, কানাডা, চীন, ফ্রান্স, জার্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্রিকা, তুর্কী, ইউনাইটেড কিংডম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ — এই ১৯ খন দেশ এই গোটৰ সদস্য ৰাষ্ট্ৰ হোৱাৰ উপৰি ২০ নম্বৰ সদস্যৰূপে অন্তর্ভুক্ত হৈ আছে ইউৰোপিয়ান ইউনিয়ন, অর্থাৎ ইউৰোপীয় দেশসমূহৰ গোট।

এইবাৰ দিল্লীৰ শীৰ্ষ সন্মিলনত গৃহীত সিদ্ধান্ত অনুসৰি আফ্রিকান ইউনিয়নক ইয়াৰ সদস্যৰূপে আদৰি লোৱাৰ ফলস্বৰূপে এতিয়াৰে পৰা ই জি-২১ নামেৰে জনাজাত হ’ব। ইয়াৰ লগে লগে ৫৫ খন সদস্য দেশৰ সংগঠন আফ্রিকান ইউনিয়ন জি-২১ৰ দ্বিতীয়টো আঞ্চলিক সংগঠন হ’ব, ইউৰোপিয়ান ইউনিয়নৰ পাছত। জি-২০ ঘাইকৈ আৰ্থিক ক্ষেত্ৰৰ সহযোগিতাৰহে মঞ্চৰূপে চিহ্নিত হৈ আহিছে।

এনে বহুল চৰ্চাৰ সময়তে জি-২০ৰ গুৰুত্ব আৰু সাফল্যক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হোৱাটোৱে স্বাভাৱিক। চাবলৈ গ’লে জি-২০ৰ তেনে কোনো সাফল্যৰ নিদৰ্শন চকুত নপৰে। ২০০৮ত বিশ্বজুৰি সৃষ্টি হোৱা আর্থিক সংকট মোকাবিলাৰ ক্ষেত্ৰত এই গোটে কিছু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্ৰা নিধিৰ কিছু নীতিৰ পৰিৱৰ্তন ঘটাই আর্থিক সংকট মোকাবিলাত সহায় কৰিছিল।

আন্তর্জাতিক আর্থিক নীতি গ্ৰহণ আৰু ৰূপায়ণত কেৱল উন্নত দেশসমূহৰ আধিপত্যই যথেষ্ট নহয় বুলি উপলব্ধি হোৱাৰ পাছতে উদীয়মান আর্থিক শক্তিসমূহকো চামিলৰ পোষকতা কৰা হয় আৰু ইয়েই জি-২০ৰ প্ৰাসংগিকতা গঢ়ি তোলে।

অৱশ্যে এনেবোৰ আর্থিক গোট তেতিয়াহে সফল হোৱাৰ সম্ভাৱনা থাকে, যেতিয়া ভূ-ৰাজনৈতিক উত্তেজনা নাথাকে; কিন্তু শেহতীয়া সময়ছোৱাত উত্তেজনা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বৃহৎ শক্তিসমূহে পৰস্পৰৰ স’তে কাম কৰিবলৈ প্ৰস্তুত নহয়। কেৱল জি-২০ বুলিয়ে নহয়, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পৰা আৰম্ভ কৰি অন্যান্য গোটবোৰতো একপ্ৰকাৰৰ অচলাৱস্থাৰ সৃষ্টি হৈছে।

পশ্চিমীয়া দেশসমূহ এফালে আৰু ৰাছিয়া-চীন আনফালে থিয় দিয়াত স্বাভাৱিকতে উত্তেজনা বৃদ্ধি পাইছে। গতিকে জি-২০ৰ শীৰ্ষ সম্মিলনে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণ কৰিলেও কার্যতঃ সেইবোৰৰ ৰূপায়ণ হ’ব বুলি আশা কৰা নাযায়। সেইবাবেই জিজ- ২০ৰ পৰা এই পর্যন্ত বিশ্বই একোৱেই পাবলৈ সক্ষম হোৱা নাই বুলিয়ে চৰ্চিত হৈ আহিছে। বৰঞ্চ শীর্ষ সন্মিলনত গৃহত সিদ্ধান্তৰ বিপৰীতমুখী কার্যকলাপহে বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

শনিবাৰে দিল্লীৰ শীর্ষ সন্মিলনত গৃহীত ঘোষণাপত্ৰতো একে ছবিয়েই প্রকাশ পালে। ঘাইকৈ ইউক্রেইন যুদ্ধক কেন্দ্র কৰি প্ৰস্তাৱ গ্ৰহণত এই সম্মিলন ব্যৰ্থ হ’ব বুলি আশংকাৰ সৃষ্টি হৈছিল। ঘোষণাপত্ৰত ‘ভূমি দখলৰ লক্ষ্যৰে আক্ৰমণ আৰু শক্তি প্রয়োগ’ক সমালোচনা কৰিলেও ৰাছিয়াৰ নাম উল্লেখ কৰা নহ’ল।

তদুপৰি ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধৰ পৰিবৰ্তে ইউক্রেইনত যুদ্ধ বুলি উল্লেখ করা হয়। সেইবাবে ঘোষণাপত্ৰ প্ৰকাশৰ পাছতে ইউক্রেইনৰ চৰকাৰ ইয়াৰ সমালোচনাত সৰৱ হৈ উঠিছে। তেওঁলোকৰ মতে, জি-২০ শীর্ষ সন্মিলনৰ ভাষ্য এনে ধৰণৰ যে ইউক্রেইনত যুদ্ধ হৈছে; কিন্তু কোনে যুদ্ধ কৰিছে তাৰ উল্লেখ নাই।

এই যুদ্ধক লৈ ঘোষণাপত্ৰত সাতটা পেৰেগ্ৰাফ সংযোগ কৰা হৈছে যদিও মূল বিষয়টো এৰাই চলা হ’ল। গতিকে আক্ৰমণকাৰী যোৱা সত্ত্বেও সমালোচনাৰ সন্মুখীন হোৱাটো দূৰৰ কথা ঘোষণাপত্ৰত নাম উল্লেখ নোহোৱাটো ৰাছিয়াৰ বিজয়ৰূপেই চিহ্নিত হৈছে। অৱশ্যে প্রধানমন্ত্রী মোদীয়ে এই ঘোষণাপত্রক ঐতিহাসিক আখ্যা দিছে।

জি-২০ সন্মিলনৰ অন্তিম প্ৰতিক্ৰিয়া যিয়েই নহওক, ইয়াৰ আয়োজনৰ সুযোগ লৈ ব্যক্তিগত প্ৰচাৰ আৰু ভাবমূর্তি নিৰ্মাণৰ বাবে প্ৰধানমন্ত্রী মোদী যিদৰে সক্ৰিয় হ’ল, সি দৃষ্টিকটুৰেই কেবল নহয়, বহু ক্ষেত্ৰত সীমা চেৰাই যোৱা যেনেই। অনুভৱ হয়। জি-২০ সন্মিলন আয়োজনৰ বাবে প্ৰতিবছৰে ইয়াৰ সদস্য ৰাষ্ট্ৰ এখনে দায়িত্ব লাভ কৰে।

যোৱা বছৰ (২০২২) ইণ্ডোনেছিয়াই আৰু আগন্তুক বৰ্ষ (২০২৪)ৰ বাবে ব্ৰাজিলে ইয়াৰ দায়িত্ব লাভ কৰিছে। গতিকে ভাৰতেও অৱধাৰিতভাৱেই চলিত বৰ্ষত ইয়াৰ আয়োজনৰ দায়িত্ব লাভ কৰে। ভাৰতে ইয়াৰ আয়োজনক এনে এক পর্যায়লৈ লৈ গ’ল যি ইয়াৰ পূৰ্বে দৃষ্টিগোচৰ হোৱা নাছিল।

যোৱা এবছৰত দেশৰ ৬০খন চহৰত জি-২০ৰ বিভিন্ন পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা। হয়, যাৰ ভিতৰত গুৱাহাটী আৰু ডিব্ৰুগড়ো অন্তর্ভুক্ত হৈছে। এই পর্যন্ত বিভিন্ন দেশত অনুষ্ঠিত হোৱা জি-২০ সম্মিলনৰ ভিতৰত ভাৰতৰ এইবাৰৰ আয়োজনেই সবাতোকৈ ব্যয়বহুল বুলি প্ৰকাশ পাইছে।

উদাহৰণস্বৰূপে জার্মানীত অনুষ্ঠিত জি- ২০ সন্মিলনত সৰ্বমুঠ ব্যয় হৈছিল ৬৪০ কোটি টকা। ইয়াৰ বিপৰীতে নতুন দিল্লীৰ প্ৰগতি ময়দানত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে নিৰ্মাণ কৰা কেৱল ভাৰত মণ্ডপমতে ব্যয় হৈছে তিনি হেজাৰ কোটি টকা।

গতিকে বিগত এবছৰ ধৰি অনুষ্ঠিত হৈ অহা বৈঠকসমূহ, শীর্ষ সন্মিলনৰ সমগ্ৰ আয়োজন আৰু তাৰ বাবে ৰাজধানী নতুন দিল্লীক ন-কইনাৰ দৰে সজাই-পৰাই তোলাকে ধৰি সমগ্ৰ ব্যয় যে আকাশলংঘী হৈছে, তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

এইবোৰৰ জৰিয়তে যে লোকসভা নিৰ্বাচনৰ পূৰ্বেই প্রধানমন্ত্রী মোদীয়ে এক বৃহৎ ব্যক্তিগত প্ৰচাৰৰ সুযোগ ল’লে, তাক জনসাধাৰণে লক্ষ্য নকৰাকৈ থকা নাই। শীৰ্ষ সন্মিলনৰ সুযোগ লৈ দিল্লীৰ সমগ্ৰ বাট-পথ, আনকি প্ৰতিটো খুটা পর্যন্ত মোদীৰ বৃহৎ ফটো, কাটআউট আৰু হৰ্ডিঙৰে ভৰাই পেলোৱা হ’ল।

যেন মোদীয়েই আয়োজক, তেৱেও অতিথি আৰু তেৱেওহজি-২০। সন্দেহ নাই যে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰকো ই চেৰ পেলালে। বিশ্বৰ গৰিষ্ঠসংখ্যক প্ৰভাৱশালী ৰাষ্ট্ৰনেতাই এই বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে দিল্লীত পদার্পণ কৰিলে যদিও সেইসকলৰ ক’তো কোনো এখন ফটো, কাটআউট অথবা হৰ্ডিং দৃষ্টিগোচৰ নহ’ল।

যেনেদৰে নাথাকিল ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু অথবা মোদী মন্ত্ৰীসভাৰ আন সদস্যসকলৰ কোনো অস্তিত্ব। সবাতোকৈ দুর্ভাগ্যজনক এয়ে যে আন বাদেই জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো এখনো ক’তো দেখিবলৈ পোৱা নগ’ল। দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰু অথবা আন প্রাতঃস্মৰণীয় নেতাসকলৰ কথা নক’লোৱেই বা ! এয়া একনায়কত্ববাদৰ নমুনা নে অসুৰক্ষাৰ পৰিণাম তাক নিশ্চয় বিজ্ঞসকলে পৰীক্ষা কৰিব।

শীৰ্ষ সন্মিলনৰ প্ৰাকক্ষণত প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰা জনতাৰ অংশগ্ৰহণৰ সুযোগেই বা ক’ত? নতুন দিল্লীৰ সকলোবোৰ জৰাজীৰ্ণ বস্তি অঞ্চল সেউজীয়া কাপোৰেৰে ঢাকি পেলোৱা হ’ল, যাতে তাৰ আঁৰত থকা দৰিদ্ৰতা বিদেশী ৰাষ্ট্ৰনেতাসকলৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিব পৰা যায়।

সেই সেউজীয়া পৰ্দা ভৰাই পেলোৱা হ’ল মোদীৰ সহাস্য বদনৰ ফটোৰে। তেওঁৰ সেই হাঁহিৰে ঢাকি পেলোৱাৰ ব্যৰ্থ চেষ্টা কৰা হ’ল, দিল্লীৰ বিভিন্ন স্থানত দিন হাজিৰা কৰাসকলৰ কঠোৰ সংগ্ৰাম অথবা চৰকাৰী খাদ্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা ৮০ কোটি ভাৰতীয়ৰ অৱস্থা অথবা দেশে বিশ্বৰ শীৰ্ষ পঞ্চম অৰ্থনীতিৰ মৰ্যাদা লাভৰ সময়তো অর্থাভাৱত স্বাস্থ্যকৰ খাদ্য সংগ্ৰহ কৰিব নোৱৰা ৭৪ শতাংশ ভাৰতীয়ৰ এই শীৰ্ষ সন্মিলনৰ সময়ছোৱাতে প্রধানমন্ত্রী মোদীয়ে গণতান্ত্রিক প্রমূল্যবোধ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ এক অভাৱনীয় তিতা সোৱাদ দিলে মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে অহা সাংবাদিকসকলক।

শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি বাইডেন নিশা প্রধানমন্ত্ৰীৰ আমন্ত্ৰণক্ৰমে তেওঁৰ লোক কল্যাণ মাৰ্গৰ আৱাসত উপস্থিত হয়। প্ৰায় এঘণ্টা ধৰি এই ৰাষ্ট্ৰনেতাৰ মাজত বার্তালাপ চলে। অন্যান্য ৰাষ্ট্ৰনেতাসকলৰ দৰে ৰাষ্ট্ৰপতি বাইডেনৰ স’তেও এটি সাংবাদিকৰ দল তেওঁৰ ভ্ৰমণসংগীৰূপে বিভিন্ন দেশলৈ যায়।

দেশে-বিদেশে ৰাষ্ট্ৰপতিৰ সকলো ৰাজহুৱা আৰু চৰকাৰী কাৰ্যসূচীৰ বাতৰি সংগ্রহেই তেওঁলোকৰ এনে ভ্ৰমণৰ উদ্দেশ্য। যিকোনো দ্বিপাক্ষিক আলোচনাৰ পাছত ৰাষ্ট্ৰনেতাসকলৰ যুটীয়া প্ৰেছমেলৰ জৰিয়তে সাংবাদিকসকলে প্ৰয়োজনীয় সকলো তথ্য, ভাষা আৰু প্ৰতিক্ৰিয়া সংগ্ৰহ কৰাটোৱে নিয়ম।

ৰাষ্ট্ৰপতিৰূপে প্ৰথম ভাৰত ভ্ৰমণলৈ অহা বাইডেনৰ মোদীক সাক্ষাতৰ পাছতো দুই ৰাষ্ট্ৰনেতাই সাংবাদিকৰ সন্মুখত ভাষ্য দাঙি ধৰিব বুলি আশা কৰিছিল; কিন্তু বাইডেন-মোদীৰ সাক্ষাতৰ সময়ত মার্কিন সাংবাদিকসকলক এখন ভেনত বহুৱাই আবদ্ধ কৰি থোৱা হ’ল। ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ এনে আচৰণক গৰিহণা দি ইয়াক এক অস্বাভাৱিক আৰু অভূতপূর্ব পৰিস্থিতি আখ্যা দিছে সাংবাদিকসকলৰ লগতে স্বয়ং হোৱাইট হাউছৰ প্ৰেছ সচিবেও।

সাম্প্ৰতিক ভাৰতৰ সংবাদ মাধ্যমৰ কৰুণ পৰিস্থিতিও এই ঘটনাই পুনৰবাৰ উদঙাই দিলে। প্রধানমন্ত্রী পদত চাৰে ন বছৰ কাল অতিক্ৰম কৰাৰ পাছতো মোদীয়ে আজি পর্যন্ত এখন সংবাদমেল সম্বোধন নকৰিলে। যোৱা জুনত আমেৰিকা ভ্ৰমণকালত ৰাষ্ট্ৰপতি বাইডেনৰ স’তে এক যৌথ সংবাদমেলত প্রধানমন্ত্ৰী মোদী মাত্ৰ এটা প্ৰশ্নৰ সন্মুখীন হৈছিল; কিন্তু সেই প্ৰশ্নটো মোদীৰ বাবে সুবিধাজনক নাছিল বাবেই আমেৰিকাৰ আগশাৰীৰ সংবাদপত্র ‘ৱাল ষ্টীট জাৰ্ণেল’ৰ সাংবাদিকগৰাকীক যিদৰে বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হৈছিল, সেয়া আছিল অভাৱনীয়।

দৰাচলতে মোদীৰ পূর্বে অন্যান্য ভাৰতীয় প্ৰধানমন্ত্রীসকলেও বিদেশ ভ্ৰমণলৈ গ’লে সাংবাদিকৰ দল একোটা লৈ যোৱাটোৱে নিয়ম আছিল। তেনে ভ্রমণকালত প্রধানমন্ত্ৰীসকলে সাধাৰণতে সাংবাদিকসকলৰ স’তে একান্তভাৱে বার্তালাপ কৰিছিল আৰু বিভিন্ন প্রশ্নৰ উত্তৰ দিছিল; কিন্তু মোদী প্রধানমন্ত্ৰীৰ আসনত উপবিষ্ট হোৱাৰ দিনাৰে পৰা সেই পৰম্পৰাৰ অন্ত পৰে আৰু এটি মাত্র বিশেষ ব্যক্তিগত বার্তা সংস্থাকহে তেওঁ লগত লৈ ফুৰে।

গতিকে মোদীক কোনো ধৰণৰ প্ৰশ্ন সোধাৰ কোনো সুযোগ সাংবাদিকে লাভ নকৰে। এইবাৰ আমেৰিকাৰ সাংবাদিকসকলকো প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰস্তুত কৰি দিয়া ফটো, ভিডিঅ’ আৰু বিবৃতিহে যোগান ধৰা হ’ল। হোৱাইট হাউছৰ প্ৰেছ সচিৱে স্পষ্টভাৱেই জনাইছে যে যৌথ সংবাদমেলৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক বাৰম্বাৰ অনুৰোধ কৰা হৈছিল যদিও সেই অনুৰোধ কঠোৰভাৱে নাকচ কৰা হয়।

আয়োজক দেশৰ চৰকাৰ সন্মত নহ’লে প্ৰেছমেল সম্ভৱ নহয় বুলি তেওঁ হতাশা ব্যক্ত কৰে। লগতে দিল্লীৰ পৰা দেওবাৰে ভিয়েটনামৰ হানয়ত উপস্থিত হ’লে ৰাষ্ট্ৰপতি বাইডেনে সংবাদমেল সম্বোধন কৰিব বুলিও প্ৰেছ সচিবগৰাকীয়ে সাংবাদিকসকলক আশ্বস্ত কৰে।

সততে ভাৰতক ‘মাডাৰ অৱ ডেম’ক্ৰেচী ৰূপে আৱিষ্কাৰ কৰা বুলি দাবী কৰি অহা প্ৰধানমন্ত্ৰী মোদীয়ে কি লুকুৱাবলৈ এনেদৰে সাংবাদিকৰ সন্মুখীন হোৱাৰ পৰা আঁতৰি থাকে বুলি সৃষ্টি হৈ অহা সন্দেহ এনে আচৰণে যে অধিক গাঢ়হে কৰিলে তাত সন্দেহ নাই।

ফোন : ৯৪৫৩০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticleG-20 Event:pranjal sen deka
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d