Dibrugarh Incident:
ডিব্ৰুগড়ৰ বকুল বাইপাছত মেহেক হত্যাৰ একে স্থানতে স্বামীয়ে চলন্ত গাড়ীৰ পৰা থেলা মাৰি পত্নীক খুন্দিয়াই হত্যাৰ চেষ্টা স্বামীৰ ।
আজিজ-মেহেক ঘটনাৰ দৰে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয় ।
ডিকমৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ পথত ডিব্ৰুগড়ৰ বকুল বাইপাছত স্বামীৰ লগত আহি থকা পত্নীক গাড়ীৰ পৰা স্বামীয়ে গতিয়াই দিয়াৰ অভিযোগ কৰে গুৰুতৰভাৱে আহত পত্নীীয়ে ৷ উল্লেখ্য যে, তেজেৰে তুমৰলি হৈ মহিলা গৰাকী ৰাজপথত পৰি থকা প্ৰত্যক্ষ কৰে পথচাৰীয়ে।
উল্লেখ্য যে,বকুল বাইপাছৰ অভাৰব্ৰীজৰ সংঘটিত হোৱা ঘটনাটিত অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত হয় গাড়ীখনো।
আনহাতে ঘটনাটো সংঘটিত হোৱাৰ সময়ত পথেদি গৈ থকা আন পথচাৰী আৰু গাড়ীৰ চালকে উদ্ধাৰ কৰে আহত মহিলা গৰাকীক ৷ আচৰিতজনক ভাৱে ASO6-AD-31O6 বাহন খন দুৰ্ঘটনাগ্ৰস্ত হৈছে যদিও সামান্যতম আঘাত হোৱা নাই মহিলা গৰাকীৰ স্বামী কৃষ্ণকান্ত নাথে ৷
ইপিনে গুৰুত্বৰভাৱে আহত বৈশালী বৈশ্যক স্থানীয় পথচাৰীয়ে ততাতৈয়াকৈ ভৰ্তি কৰে হাস্পতালত ৷ আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ আৰম্ভ কৰিছে তদন্ত ৷
বৈশালী বৈশ্যই অভিযোগ কৰা মতে,তেওঁৰ স্বামীয়ে গুৱাহাটীলৈ লৈ যোৱাৰ অচিলা লৈ অতি কৌশলৰে মাজবাটতে ইচ্ছাকৃতভাৱে গাড়ীৰ পৰা গতিয়াই হত্যা কৰাৰ চেষ্টা চলাই ৷ বৈশালীয়ে আৰু কয়,তেওঁৰ ধুৰন্ধৰ স্বামী কৃষ্ণকান্ত নাথৰ এগৰাকী যুৱতীৰে আছিল প্ৰেমৰ সম্পৰ্ক ৷ এই সম্পকক লৈ দুয়োৰে মাজত সংঘাত হৈছিল ৷ আনকি দেওবাৰে পুৱা ভাগত বৈশালীয়ে স্বামীৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছিল থানাত ৷
ঘটনাটি সংঘটিত হোৱাৰ পাছত দেখা পোৱা গৈছিল বৈশালীৰ স্বামী কৃষ্ণকান্ত নাথৰ মুখত নাই কোনো অনুসূচনা ৷ বৰং সংবাদ মাধ্যমৰ সন্মুখত দম্ভালি মাৰি কয় যে দুয়ো আত্মহনণৰ উদ্দেশ্যৰে এইদৰে আহিছিল বুলি ৷
অৱশ্যে আৰক্ষীয়ে কৃষ্ণকান্ত নাথৰ মন্তব্যত প্ৰতিয়ণ যোৱা নাই । ইতিমধ্যে সোধপোছৰ বাবে থানালৈ লৈ যায় নাথক ৷