Rajen Gohain Visit Delhi:দিল্লীলৈ তলৱ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইক

বিজেপিৰ সভাপতি নাড্ডাৰ তলবত দিল্লীত উপস্থিত গোঁহাই, ক্ৰমাৎ গুৰুত্ব বৃদ্ধি পাইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ !

rajen gohain

Rajen Gohain Visit Delhi:

ৰাজ্যিক বিজেপিৰ সভাপতি আসন শুৱনি কৰাৰ লগতে তিনিবাৰকৈ নগাঁও লোকসভাৰ আসনত জয়ী হৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে ৰাজ্যিক বিজেপিত পুৰণি বিজেপি নেতা-কৰ্মী গুৰুত্বহীন হৈ পৰাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়াই অসম চৰকাৰৰ এটি চৰকাৰী অনুষ্ঠানৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ লগতে ত্যাগ কৰিছিল কেবিনেট মৰ্যাদা

ৰাজ্যক বিজেপিৰ বেয়া দিনত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা প্ৰাক্তন ৰাজ্যিক সভাপতি গৰাকীৰ অসন্তুষ্টিক লৈ দিল্লী নেতৃবৰ্গ হৈ পৰে চিন্তিত ৷

আনহাতে অব্যাহত থকা ন বিজেপি আৰু পুৰণি বিজেপি মাজৰ সংঘাত উপশমত ব্যৰ্থ হৈছিল দিছপুৰৰ বিজেপি চৰকাৰ আৰু বশিষ্টস্থিত ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷

যেন উমি উমি জ্বলি আছে সংঘাতৰ জুইকুৰা ৷ যিকোনো সময়তে প্ৰকাণ্ড জুইলৈ পৰ্যবেসিত হোৱাৰ পূৰ্বেই সংঘাত দূৰ কৰাৰ বাবে উদ্যোগ লৈছে দিল্লীৰ নেতৃত্বই

উল্লেখ্য যে,ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপত গোঁহাই-এ কিছদিন পূৰ্বে মুখ্যমন্ত্ৰী ড:হিম বিশ্ব শৰ্মাৰ পৰামৰ্শমৰ্মে দিল্লীত সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহক ৷ তাৰ পাছৰে পৰা নিস্তুপ হৈ আছিল গোঁহাই ৷

ইয়াৰ মাজতে মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰে দিনটোত হোৱা কেইবালানি বাৰ্তালাপৰ অন্তত পুনৰ তলব কৰা হয় বিজেপিৰ জ্যেষ্ঠ নেতাজনক।

নতুন দিল্লীৰ পৰা কেন্দ্ৰীয় নেতৃত্বৰ তলব লাভ কৰি মঙলবাৰৰ নিশাই দিল্লীত উপস্থিত হয় ৰাজেন গোঁহাই ৷ আজি বিয়লি ভাগত জেপি নাড্ডাৰে এক বৈঠকত মিলিত হোৱা কথা ৰাজেন গোঁহাইৰ ৷

আনহাতে দিল্লীৰ এক ৰাজনৈতিক সূত্ৰই জানিব দিয়া মতে গোঁহায়ে পুনৰ দ্বিতীয়বাৰৰ বাবে সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৷ বৃহস্পতিবাৰেই উভতিব অসমলৈ উভতিব প্ৰাক্তন মন্ত্ৰী গৰাকী ৷

উল্লেখযোগ্য যে, ন-বিজেপি সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি একপ্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰা ৰাজেন গোঁহাইক লৈ চিন্তিত হৈ পৰিছিল দিল্লী ৷ কিন্ত শেহতীয়াকৈ যেন দিল্লীৰ নেতৃত্বৰ ওচৰত গুৰুত্ব বাঢ়িছে প্ৰাক্তন সাংসদ গৰাকীৰ ৷

বিশেষ সূত্ৰে লাভ কৰা খৱৰ অনুসৰি নগাঁৱৰ লোকসভাৰ পৰা তিনিবাৰকৈ সাংসদ হোৱা প্ৰাক্তন ৰাজ্যিক সভাপতি গৰাকীক দিল্লীয়ে দিব পাৰে এক গুৰুত্বপূৰ্ণ দায়িত্ব ৷

Exit mobile version