Three Rohingya Girls Arrested in Tripura:ত্ৰিপুৰাত আটক তিনি ৰোহিংগীয়া কিশোৰী

rohingiya girl arrested

Three Rohingya Girls Arrested in Tripura:

আন্ত:ৰাষ্ট্ৰীয় নাৰী সৰবৰাহৰ কৰিডৰত পৰিণত হৈছে প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰা। ৰাজ্য খনৰ চুুবুৰীয়া দেশ বাংলাদেশৰ পৰা সংগোপনে নাৰী সৰবৰাহকাৰী চক্ৰৰ জৰিয়তে কিশোৰী – যুৱতী সৰবৰাহ হৈছে ভাৰতীয় বিভিন্ন স্থানলৈ ৷

একেদৰে এই নাৰী সৰবৰাহকাৰী চক্ৰৰ উদ্যোগত অব্যাহত আছে ড্ৰাগছৰো ৰমৰমীয়া বেহা ৷  বিশেষকৈ ত্ৰিপুৰাৰ কমলাসাগৰ মিয়াপাৰা, হৰিয়াৰদোলা আৰু মতিনগৰসহ বিভিন্ন সীমান্তৱর্তী এলেকাৰে বাংলাদেশী ট্ৰেক নাভ নদীৰ কাষত কেম্প কৰি থকা ম্যানমাৰৰ পৰা বিতাৰিত ৰোহিংগীয়া শিৱিৰৰ পৰা দাৰিদ্ৰতাৰ সুয়োগ লৈ ৰোহিংগীয়া কিশোৰী- যুৱতী কলকাতা সহ উত্তৰ ভাৰত আৰু মুম্বাইৰ অন্ধকাৰ জগতৰ নাৰী চক্ৰৰ হাতত বিক্ৰী কৰাৰ উদ্দেশ্যৰে সৰবৰাহ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিছে বিএচ এফে ৷

শেহতীয়াকৈ অবৈধভাৱে বাংলাদেশৰ কক্সবজাৰ ৰোহিংগীয়া কেম্পৰ পৰা ত্ৰিপুৰাৰ সীমান্তৱৰ্তী কোনবন হৰিহৰদোলা এলেকাৰ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা তিনি গৰাকী ৰোহিংগীয়া কিশোৰীক বি এছ এফে গোপন খবৰৰ ভিত্তিত আটক কৰে।

১৪ বছৰৰ পৰা ১২ বছৰ বয়সীয়া কিশোৰ কেইগৰাকীকে স্বীকাৰোক্তি দিয়া অনুসৰি দালালৰ জৰিয়তে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল ৷

ইতিমধ্যে ধৃত তিনি ৰোহিংগীয়া কিশোৰীক বিএছ এফে চমজাই দিছে ত্ৰিপুৰাৰ মধুপুৰ আৰক্ষীক ৷

Exit mobile version