2023 Nobel Prize in Economics to Us Labour Economist Claudia Goldin:ঘোষণা হ’ল ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল

মাৰ্কিন অৰ্থনীতিবিদ ক্লডিয়া গোল্ডিনলৈ অৰ্থনীতিৰ ন'বেল, কর্মক্ষেত্ৰত মহিলাৰ শ্ৰম সন্দৰ্ভত গৱেষণাৰ বাবে এই সন্মান

goldin

2023 Nobel Prize in Economics to Us Labour Economist Claudia Goldin:

২০২৩ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল আজি ঘোষণা কৰা হয় ৷ মাৰ্কিন অৰ্থনীতিবিদ ক্লডিয়া গোল্ডিনলৈ কর্মক্ষেত্ৰত মহিলাৰ শ্ৰম সন্দৰ্ভত গৱেষণাৰ বাবে অৰ্থনীতিৰ ন’বেল আগবঢ়োৱা হয়

এতিয়ালৈকে আলফ্ৰেড ন’বেল ২৯২৩-ৰ স্মৃতিত অৰ্থনৈতিকত স্ভেৰিগেছ ৰিক্স বেংক বঁটা লাভ কৰা ৯৩ গৰাকী অৰ্থনীতিৰ বঁটা বিজয়ীৰ ভিতৰত তৃতীয় গৰাকী মহিলা হিচাপে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কৃতী অধ্যাপিকা ক্লডিয়া গোল্ডিনক “মহিলাৰ শ্ৰমিক বজাৰৰ ফলাফলৰ বিষয়ে আমাৰ বুজাবুজি উন্নত কৰাৰ” বাবে স্বীকৃতি দিয়া হয় বুলি ঘোষণা কৰে ন’বেল কমিটিয়ে ৷

উল্লেখ্য যে,এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰমিক অৰ্থনীতিবিদ গোল্ডিনৰ গৱেষণাই মহিলা শ্ৰমিক শক্তি, উপাৰ্জনৰ লিংগব্যৱধান, উপাৰ্জনৰ বৈষম্য, প্ৰযুক্তিগত পৰিৱৰ্তন, শিক্ষা আৰু প্ৰব্ৰজনকে ধৰি বিভিন্ন বিষয় সামৰি লয়।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৱেবছাইট অনুসৰি, গোল্ডিনৰ বেছিভাগ গৱেষণাই অতীতৰ মাজেদি বৰ্তমানক ব্যাখ্যা কৰে আৰু বৰ্তমানৰ উদ্বেগৰ বিষয়বোৰৰ উৎপত্তি অন্বেষণ কৰে,” য’ত গোল্ডিন হৈছে অৰ্থনীতিৰ হেনৰী লী অধ্যাপক। গোল্ডিন যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত মহিলাৰ ওপৰত তেওঁৰ ব্যতিক্ৰমী কৰ্মাৱলীৰ বাবে সৰ্বাধিক জনাজাত।

১৯৪৬ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত জন্মগ্ৰহণ কৰা ক্লডিয়া গোল্ডিনে ব্ৰঙ্কছ হাই স্কুল অৱ চাইন্সত পঢ়িছিল। ডিটেকটিভ কামৰ প্ৰতি আগ্ৰহী গোল্ডিনে কৰ্ণেল বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থী হিচাপে মাইক্ৰ’বায়োলজী অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছিল।

গোল্ডিন এগৰাকী কৃতী শিক্ষাৰ্থী আছিল। ১৯৬৩ আৰু ১৯৬৭ৰ ভিতৰত তেওঁ কৰ্ণেল বিশ্ববিদ্যালয়ত অৰ্থনীতিত বি,এ কৰিছিল। তাৰ পাছত তেওঁ ১৯৭৬ আৰু ১৯৭২ ৰ ভিতৰত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত এম,এ আৰু অৰ্থনীতিতে পিএইচডি ডিগ্ৰী লাভ কৰিছিল ৷  আনহাতে ১৯৭৬ তেওঁ লিখা’এ কণ্টিনিউটেণ্টেল হিষ্ট্ৰী ‘নামৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ পায় ৷

১৯৯০ত তেওঁ লিখা ‘ আণ্ডাৰষ্টেণ্ডিং দ্য জেণ্ডাৰ গেপ: এন ইকনমিক হিষ্ট্ৰী অৱ আমেৰিকান ৱমেন’ নামৰ কিতাপখনে যুক্তৰাষ্ট্ৰৰ মহিলাৰ শ্ৰমিক শক্তিৰ উত্তৰণ আৰু উপাৰ্জন কেনেদৰে বিকশিত হৈছিল তাৰ বৰ্ণনা দিয়া আছে ৷

আনহাতে মাৰ্কিন অৰ্থনীতিবিদ গৰাকীয়ে লিংগৰ ব্যৱধান, মহিলাৰ অৰ্থনৈতিক ইতিহাস, উপাৰ্জনৰ বৈষম্য, দুৰ্নীতি আৰু সংস্কাৰ সামৰি ২০ খন গ্ৰন্থ লিখিছিল। ইয়াৰ উপৰিও তেওঁ বহুসংখ্যক প্ৰবন্ধ আৰু কিতাপে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰাৰ আগতে গোল্ডিনে প্ৰিন্সটন বিশ্ববিদ্যালয় আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। য’ত তেওঁ শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাটাও শিক্ষক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

গোল্ডিন ২০১৩-২০১৪ বৰ্ষৰ বাবে আমেৰিকান ইকনমিক এছ’চিয়েচন (এইএ)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য আছিল । ১৯৮৪ চনৰ পৰা ১৯৮৮ চনলৈ তেওঁ অৰ্থনৈতিক ইতিহাস জাৰ্নেলৰ সম্পাদক আছিল।

উল্লেখ্য যে,১৯৬৮ চনত স্ভেৰিগেছ ৰিক্সবেংকে (চুইডেনৰ কেন্দ্ৰীয় বেংক) নবেল বঁটা প্ৰতিষ্ঠাপক আলফ্ৰেড নবেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ বঁটা প্ৰৱৰ্তন কৰিছিল। অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম পুৰস্কাৰ ১৯৬৯ চনত ৰাগনাৰ ফ্ৰিছ আৰু জান টিনবাৰ্গেনক প্ৰদান কৰা হৈছিল।

আনহাতে বিগত বৰ্ষৰ অৰ্থনীতিত বিজয়ীসকল আছিল ফেডাৰেল ৰিজাৰ্ভৰ প্ৰাক্তন চেয়াৰ বেন বেৰ্ণাঙ্কে, ডগলাছ ডব্লিউ ডায়মণ্ড আৰু ফিলিপ ডাইবভিগ ৷ তিনিওৱে বেংক বিফলতাৰ গৱেষণাৰ বাবে ২০০৭-৮ৰ বিত্তীয় সংকটৰ প্ৰতি আমেৰিকাৰ আক্ৰমণাত্মক সঁহাৰি গঢ়ি তোলাত সহায় কৰিছিল।

Exit mobile version