India- Pakistan Cricket Begins In Ahmedabad:এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত- পাকিস্তানৰ হাইভল্টেজ মেটছ

টছত জিকি ভাৰতৰ ফ্লিডিঙৰ সিদ্ধান্ত, এছিয়া কাপত পাকিস্তানত পৰাভূত কৰি আত্মবিশ্বাসী ভাৰত 

icc cricket

India- Pakistan Cricket Begins In Ahmedabad:

আজি মহালয়াৰ পবিত্ৰ দিনটোৰ পৰাই আৰম্ভ হ’ল এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ যুদ্ধ । ভাৰত সন্মুখীন হ’ব চিৰবৈৰী পাকিস্তানৰ । গুজৰাটৰ ৰাজধানী আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দীৰ্ঘদিনৰ পাছত দুয়োখন দেশ সন্মুখ সমৰত

উল্লেখ্য যে,ইতিমধ্যে হাইভল্টেজ মেটছ খনৰ টচত জিকি ভাৰতে ফ্লিডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
বিশ্বকাপত শেহতীয়াকৈ ফৰ্ম উভতাই পোৱা ভাৰতীয় দলটো বৰ্তমান আত্মবিশ্বাস এভাৰেষ্ট সদৃশ । এছিয়া কাপত চিৰবৈৰী চুবুৰীয়া দেশ খনৰ ক্ৰিকেট দলটোক পৰাভূত কৰি প্ৰৱল আত্মবিশ্বাসী ভাৰত ৷

আনহাতে ইতিপূৰ্বে বিগত দুয়োখন মেচতেই আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰি পুনৰ এবাৰ জটিল সময়ত ত্ৰাণকৰ্তা ৰূপে দেখা দিছে কোহলিয়ে । আফগানিস্তানৰ বিৰুদ্ধে অন্তিমখন মেচত ফৰ্ম উভতাই পালে দলটোৰ অপেনাৰ বেটছমেন ৰোহিত শৰ্মাইও । তেনেস্থলত বেটিঙৰ দিশত কিছু পৰিমাণে শক্তিশালী ভাৰত ।

আনহাতে বেগী বলাৰৰ বাবে বিখ্যাত পাকিস্তানে ভাৰতক সহজতে মেচত জয়ী হʼবলৈ নিদিয়ে বৰং পূৰ্ণ শক্তিৰে ফিল্ডত নামি পৰিব ৷

মনকৰিবলগীয়া যে,শেহতীয়াকৈ ডেংগুত আক্ৰান্ত অপেনাৰ শুভমণ গিলো দললৈ উভতি অহাৰ সম্ভাৱনা আছে । গীল এদিনীয়া ক্ৰিকেটত ১০৫.০৩ৰ ষ্ট্ৰাইক ৰেটেৰে জনপ্ৰিয়তাৰ শীৰ্ষত ৷

আনপিনে পাকিস্তানকো উলাই কৰিব নোৱাৰি বেটিং লাইনত পাক টিমটো শক্তিশালী৷শত্ৰুক পৰাভূত কৰিব পৰাকৈ বেটিং আৰু বলিঙত পাকিস্তানী ক্ৰিকেটাৰক সহজভাবে ল’ব নালাগে ভাৰত ।

বাবৰ আজমৰ শেহতীয়া কেতবোৰ প্ৰদৰ্শন আশানুৰূপ নহ’লেও আজিৰ হাইভল্টেজ মেচত প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে । একেদৰে পাকিস্তানৰ বলিং বিভাগৰ শক্তিশালী ৰূপটোৰ বিষয়ে ক্ৰিকেট অনুৰাগী জ্ঞাত ৷

এনে প্ৰেক্ষাপটত আজিৰ আহমেদাবাদ মেচত দুয়োটা দলে জয়ী হ’বৰ বাবে প্ৰবল শক্তি প্ৰদৰ্শন কৰিব ৷ যিকোনো মুহূৰ্ততে হয়তো এক শ্বাসৰুদ্ধ পৰিবেশো সৃষ্টি কৰিব ৷

Exit mobile version