Strict Policies Of The State Government:
অসম চৰকাৰৰ কৰ্মচাৰীলৈ দিছপুৰৰ বিশেষ সৰ্তকবাণী ৷ এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰিলেই ল’ব লাগিব বাধ্যতামূলক অৱসৰ ৷
ADVERTISEMENT
উল্লেখ্য যে,কৰ্মচাৰীয়ে পত্নী বা স্বামী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰিব বুলি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাত উল্লেখ কৰা হৈছে ৷
ইতিমধ্যে , ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাই এই সম্পৰ্কীয় কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । একেদৰে নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হয় যে, কোনোৱে যদি এই নীতি উলংঘা কৰে তেন্তে ভৰিব লাগিব বুজন পৰিমাণৰ জৰিমনা ৷
একেদৰে সংশ্লিষ্ট কৰ্মচাৰীজন সন্মুখীন হ’ব লাগিব বিভাগীয় তদন্তৰ ।