Elephants Trying To Prevent Human Conflict Hathibandhu:
নগাঁও-কাৰ্বি আংলং সীমান্তত হাতীৰ উপদ্ৰৱ ৰুধিবলৈ বিশেষ প্ৰয়াস। ধানখেতিৰ সমান্তৰালকৈ কৰা হৈছে বিশাল নেপিয়াৰ ঘাঁহৰ খেতি। প্ৰকৃতিপ্ৰেমী সংগঠন ‘হাতীবন্ধু’ৰ উদ্যোগত এই পদক্ষেপ।
হস্তী – মানুহৰ সংঘাতে সময়ে সময়ে ভয়ংকৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱী অনুষ্ঠান ‘হাতীবন্ধু’ কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা হাতীৰ জাকে নগাঁও-কাৰ্বি আংলং সীমান্তত উপদ্ৰৱ কৰি অহাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷
বনৰীয়া হাতীৰ উপদ্ৰৱ ৰুধিবলৈ স্বেচ্ছাসেৱী অনুষ্ঠান ‘হাতীবন্ধু’ৱে ধানখেতিৰ সমান্তৰালভাৱে কৰিছে বিশাল নেপিয়াৰ ঘাঁহৰ খেতি।
উল্লেখ্য যে, নেপিয়াৰ ঘাঁহ হাতীৰ অতি প্ৰিয় খাদ্য ৷ ইতিমধ্যে হাতীবন্ধুৰ উদ্যোগত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানলা আদি কেতবোৰ অঞ্চলত বিশাল নেপিয়াৰ ঘাঁহ ৰোপন কৰিছে ৷
স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ আশা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা বন্য হস্তীয়ে এই নেপিয়াৰ ঘাঁহ ভ্ৰক্ষণ কৰি নিজৰ ক্ষুধা নিবাৰণ কৰিব ৷