JSF Memoraudum :দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ ৰ দাবীত

জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (জেএছএফ) ৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান

papulation foundation

JSF Memoraudum :

দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি গঢ় লোৱা অৰাজনৈতিক ৰাষ্ট্ৰবাদী সংগঠণ “জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF)” ৰ এক ৰাষ্ট্ৰীয় কাৰ্য্যসূচী হিচাপে বৃহস্পতিবাৰে দুপৰীয়া ১১ বজাত অসমৰ প্ৰতিখন জিলাৰ আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয় ।

গুৱাহাটীটো অসম ৰাজ্যিক জেএছএফৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীলৈ সম্বোধন কৰা স্মাৰকপত্ৰ কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক দিয়া হয় স্মাৰকপত্ৰ

উল্লেখ্য যে,জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ সমৰ্থনত ৰাইজৰ পৰা সমগ্ৰ দেশজুৰি ১ কোটি ২০ লাখৰো অধিক স্বাক্ষৰ সংগ্ৰহ কৰি যোৱা ২৯ অক্টোবৰত নতুন দিল্লীস্থ প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ত অৰ্পণ কৰাৰ উদ্দেশ্যেৰে গাজিয়াবাদৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ এক পদযাত্ৰা কৰা হৈছিল ৷

কিন্তু দিল্লী-গাজিপুৰ সীমান্তত প্ৰশাসনে জেএছএফ কৰ্মীসকলক বাধা প্ৰদান কৰাৰ প্ৰতিবাদত সেই দিনাৰ নিশা ১০-৪৫ বজাৰ পৰা দিল্লীৰ সমীপৱৰ্তী গাজিয়াবাদ, লাজপত নগৰত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে আমৰণ অনশণ আৰম্ভ কৰে ।
স্মতৰ্ৱ্য যে,জন বিস্ফোৰণৰ ফলত দেশত দেখা দিয়া সমস্যা আৰু জেএছএফৰ কাৰ্য্যসূচী অৱগত কৰি দেশৰ প্ৰধানমন্ত্ৰীক অতি সোনকালে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷

আজিৰ মহানগৰীৰ এই স্মাৰকপত্ৰ প্ৰদান কাৰ্য্যসূচীত উপস্থিত থাকে অসম জেএছএফ (JSF) ৰ অধ্যক্ষ পঙ্কজ তালুকদাৰ সহিত মহাসচিব পৰাগ ডেকা,মহিলা শক্তিৰ অধ্যক্ষা জুলা শৰ্মা, সংগঠণ সচিৱ ৰূপৰেখা গোস্বামীকেই ধৰি কেবাগৰাকীও কাৰ্য্যকৰ্তা ।

Exit mobile version