How To Prevent Asthma:হাঁপানী প্ৰতিৰোধ কৰিব কেনেকৈ ?

astoma

How To Prevent Asthma:

হাঁপানী ৰোগ প্ৰতিৰোধ কৰাটো সম্ভব যদিহে দৈনন্দিন জীৱন-যাপনত সতর্কতা অবলম্বন কৰা হয়। আধুনিক জীৱন যাত্ৰাৰ সমান্তৰালভাবে পৰিৱেশ প্রদূষণে এনে ৰোগ বৃদ্ধিত সহায়ক হৈ পৰিছে। চৌদিশে চলি থকা নির্মাণ, কল- কাৰখানাৰ পৰা ওলোৱা ধোঁৱা আদিৰ বাবে এনে ৰোগ সৃষ্টিৰ এখন উপযুক্ত ক্ষেত্র গঢ়ি উঠিছে। এনে ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ যিবোৰ বিষয়ত গুৰুত্ব প্রদান কৰিব লাগিব সেইবোৰৰ ভিতৰত অন্যতম হ’ল-

• যিবোৰ উৎসৰ পৰা হাঁপানী ৰোগ বৃদ্ধি হয় সেইবোৰৰ পৰা আঁতৰি থকাটোৱ মংগলজনক। এজন লোকৰ যি কাৰণত হয়, সেইবোৰ আন এজনৰ বাবে অন্যতম কাৰক নহ’বও পাৰে। সেয়েহে এই ৰোগত আক্রান্তসকলৰ ক্ষেত্ৰত একে কাৰক মূলত: দায়ী বুলি ভাবিব নালাগে। যিজন ব্যক্তিৰ যিটো কাৰকৰ বাবে হয় তেওঁ পৰাপক্ষত সেইটোৰ পৰা আঁতৰি থকাটোৱে মংগলজনক।

• বিভিন্ন ধৰণৰ এলার্জি বিশেষকৈ পুৰণা ধূলি-মাকতি, কুকুৰ, মেকুৰী, গৰু-ছাগলী আদিৰ লগতে ঘৰত থকা পুৰণি বস্তু আদিৰ পৰা আঁতৰি থাকিবই লাগিব।

• ফুলৰ পৰাগ ৰেণু আদিৰ বাবেও হাঁপানী সৃষ্টি হোৱাৰ আশংকা থাকে। গতিকে সাৱধান হ’বই লাগিব।

• এনে ৰোগী থকা ঘৰত কার্পেট আদি ৰাখিব নালাগে। কাৰণ কার্পেট আদিত থকা পুৰণি ধূলি-বালিয়ে এনে ৰোগ সৃষ্টিত অৰিহণা যোগায়। দৰাচলতে বন্ধ কোঠাত থকা কার্পেট আদিত লাগি ধৰা ধূলি বালি বতাহৰ বিশেষকৈ ফেন আদি ব্যৱহাৰ কৰিলে ওপৰলৈ উৰি শ্বাস- প্রশ্বাসত শৰীৰত প্রবেশ কৰে।

• মহ খেদা ধূপ, সুগন্ধি আদিৰ বাবে যিসকলৰ এলাৰ্জিৰ সৃষ্টি হয় তেওঁলোকে এইবোৰৰ পৰা আঁতৰি থকাটোৱে মংগলজনক।

• পোহনীয়া জন্তুৰ নোম আদিৰ পৰা এলাৰ্জিৰ সৃষ্টি হয়। গতিকে পোহনীয়া জন্তু বিশেষকৈ কুকুৰ, মেকুৰী আদিৰ নামৰ পৰা এনে ধৰণৰ সমস্যাই গা কৰি উঠে। এনে ধৰণৰ জন্তু থকা ঘৰ বা ড্রয়িংৰোমত সোমাব দিব নালাগে।

শীতৰ প্রকোপ বৃদ্ধিৰ লগে লগে শ্বাস-প্রশ্বাসৰ সমস্যাই গা কৰি উঠে। সেইবাবে শীতত্ব পৰা পৰিত্ৰাণ পাবলৈ হ’লে গৰম কাপোৰ আদি ভালদৰে পৰিধান কৰা উচিত। ৰোগাক্রান্ত লোকে দিনটোৰ ভিতৰত কেতিয়াও অতিৰিক্ত সময় কষ্ট কৰিব নালাগে।

এনে ৰোগীয়ে সদায় তেওঁৰ বাবে উপযুক্ত পৰিবেশতহে কাম কৰাত গুৰুত্ব আৰোপ কৰা উচিত। প্রাতঃভ্রমণ অথবা সান্ধ ভ্রমণলৈ. ওলাওতে সতর্কতা অৱলম্বন কৰিব লাগে।

• মটৰচাইকেল আদি চলালে হেলমেট- পিন্ধিব লাগে।

Exit mobile version