No Need To Worry About The 40-Year-Old Leadership:আজিৰ পৰা বহুচৰ্চিত মৰিগাঁও অধিৱেশন

৪০ বছৰৰ তলৰ নেতৃত্বৰ হাতলৈ যাব নে আছু ? সর্বাধিক চর্চাত সমুজ্জ্বল

assu leadership

No Need To Worry About The 40-Year-Old Leadership:

মঙলবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্র সন্থা (আছু)ৰ অধিৱেশনৰ ওপৰত এইবাৰ বিশেষ চৰ্চাৰ কেন্দ্ৰ হৈছে।

কাৰণ এইখন অধিৱেশনত দুটা বিশেষ সিদ্ধান্ত কাৰ্যকৰী হ’ব পাৰে বুলি ব্যাপক জল্পনা-কল্পনা অব্যাহত আছে। তাবে প্ৰথমটো হ’ল আছুৰ নেতৃত্ব প্ৰকৃততে ছাত্ৰৰ হাতলৈ যাব নে ? দ্বিতীয়তে, সংগঠনটোক প্রত্যক্ষভাবে হ’ব? অধিৱেশনৰ প্ৰাক্‌মুহূর্তত আছুব বৰ্তমানৰ নেতৃত্বৰ সূত্ৰই সদৰী কৰে যে ৪০ৰ উর্ধ্বৰ নেতৃত্বৰ হাতত সংগঠনটো থাকিব নালাগে বুলি দুলীয়াজান অধিবেশনত গ্রহণ কৰা প্রস্তাৱটো মৰিগাঁৱত গৃহীত হোৱাৰ সম্ভাবনা অধিক।

গতিকে মৰিগাঁও অধিৱেশনৰ পৰাই আছু নতুন নেতৃত্বৰে আগন্তুক দিনত বাট বুলিব। অৱশ্যে নতুন নেতৃত্ব বুলিলেও বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শর্মাই পূর্ণ পর্যায়ৰ সভাপতি হ’ব। একেদৰে সাধাৰণ সম্পাদকৰ দায়িত্বত শংকৰজ্যোতি বৰুৱাই বাহাল থাকিব।

ইয়াৰ বিপৰীতে পৰিৱর্তন হ’ব ৰাজ্যিক কার্যনির্বাহকত, য’ত ৪০তো বাদেই ৫০ উর্ধ্বৰ ব্যক্তিয়েও পদ দখল কৰি আছে। এনে বৃহৎ সংশোধনীৰ মাজতো আটাইতকৈ চর্চাত থকা নামটো হ’ল মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ। তেওঁক লৈয়ে আছু সর্বাধিক চর্চাত থাকে।

ভট্টাচার্যই এতিয়াও ছাত্র সংগঠন এটাক নেতৃত্ব এই বয়সতো কিদৰে দি থাকিব পাৰিছে বুলি সততে চর্চা চলিছে সেয়েহে প্রতিখন অধিবেশনৰ সময়ত ভট্টাচার্য আছুত থাকিব নে নাথাকে, থকাটো উচিত নে অনুচিত আদি বিশেষভাবে চর্চিত হয়।

ইয়াৰ ব্যতিক্ৰম এইবাৰো হোৱা নাই।লখিমপুৰ অধিৱেশনত প্রস্তাব লোৱা হৈছিল যে ভট্টাচার্যই নিজে যেতিয়ালৈকে বিচাৰে আছুত প্রত্যক্ষভাবে জড়িত থাকিব পাৰিব।গতিকে সকলো নিৰ্ভৰ কৰিছে ভট্টাচাৰ্যৰ ওপৰত। এইবাৰৰ অধিবেশনত ভট্টাচার্যৰ সিদ্ধান্ত কি হ’ব, সেয়া এতিয়া আছুৰ মজিয়াতে -অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে।

মনকৰিবলগীয়া যে যদিও ভট্টাচার্য সংগঠনটোৰ মুখ্য উপদেষ্টাহে, তথাপি তেওঁ হ’ল অঘোষিত মুখ্য নেতা। সেইবাবে সভাপতি অথবা সাধাৰণ সম্পাদতকৈও ভট্টাচার্যই আগস্থান পাই আহিছে। প্রায় সকলো ক্ষেত্রতে ভট্টাচার্য মুখ্য হৈ উঠাৰ বিপৰীতে গৌণ হৈ আহিছে সভাপতি-সাধাৰণ সম্পাদকো।

সংগঠনটোৰ সূত্ৰই সদৰী কৰে যে নিজৰ ক্ষেত্ৰত ল’বলগীয়া সিদ্ধান্ত সম্পূর্ণৰূপে ভট্টাচার্যৰ ওপৰত এবি দিয়া হৈছে। একে সময়তে আন এক সূত্রই জনায় যে সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত ভট্টাচার্য নিজেও দোধোৰ-মোধোৰত আছে। বিভিন্ন মহলৰ প্রতিক্রিয়া, বক্তব্য আদিৰ ওপৰত দৃষ্টি বাখিছে। সকলো দিশ বিবেচনা কৰি ভট্টাচার্যই সিদ্ধান্ত গ্রহণ কৰিব বুলি সূত্রটোৱে আশা প্রকাশ কৰে ৷

একে সময়তে সংগঠনটোৰ মজিয়াত এই চর্চাও চলিছে যে ভট্টাচাৰ্যৰ অবর্তমানত তেওঁ পালন কৰি অহা ভূমিকা তথা দায়িত্ব কোনে বহন কৰিব? কাৰণ আছুত দ্রুত গতিত হ্রাস হৈছে নেতৃত্ব দিব পৰা ছাত্রনেতাৰ।

সেয়েহে এই সকলোবোৰ দিশ মিলি মৰিগাঁও অধিৱেশন সংগঠনটোৰ বাবে বিবেচিত হৈছে অতি গুৰুত্বপূৰ্ণ ৷ আগন্তুক দিনত আছুৱে কাৰ নেতৃত্বত কিদৰে আগবাঢ়িব তাক নির্ধাৰণ কৰিব মৰিগাঁও অধিবেশনে ৷

Exit mobile version