Five State Assembly Election Exit Poll: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সমীক্ষা

exit poll

Five State Assembly Election Exit Poll: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সমীক্ষা

#ছত্তীশগড়:

ছত্তীশগড়ত পুনৰ কংগ্ৰেছ শাসনলৈ অহাৰ সম্ভাৱনা ৷ ইতিমধ্যে বিভিন্ন সংবাদ গোষ্ঠী আৰু এজেন্সিয়ে চলোৱা সমীক্ষা অনুসৰি এবিপি- চি ভোটাৰে বিজেপিক ৩৬-৪৮ ,কংগ্ৰেছক ৪২-৫২,অনান্যক o-৫ ৷ এক্সিশ মাই ইণ্ডিয়াই বিজেপিক ৩৬-৪৬,কংগ্ৰেছক ৪০-৫০,অন্যান্যক ১-৫ ৷ চিএন এক্সে বিজেপিক৩০-৪০,কংগ্ৰেছক ৪৬-৫৬,অন্যান্যকo-৫৷মেট্ৰিজে বিজেপিক ৩৪-৪২,কংগ্ৰেছক ৪৪-৫২,অন্যান্যক ০-২ ৷নিউজ ১৮ য়ে বিজেপিক ৪১,কংগ্ৰেছক ৪৬,অন্যান্যক ৩৷ টুডে’ছ চানক্যই বিজেপিক ৩৩,কংগ্ৰেছক ৫৭,অন্যান্যক শূন্য ৷ আৰু পেলেষ্ট্ৰেটে বিজেপিক ৩৫-৪৫,কংগ্ৰেছক ৪০-৫০,অন্যান্যক o-৩ ৷

#মধ্যপ্ৰদেশ:

মধ্যপ্ৰদেশত পুনৰ কংগ্ৰেছ শাসনলৈ অহাৰ সম্ভাৱনা ৷ কেতবোৰ সংবাদ মাধ্যম আৰু এজেন্সিয়ে চলোৱা নিৰ্বাচনী সমীক্ষা অনুসৰি এক্সিশ মাই ইণ্ডিয়াই বিজেপিক ১১৮-১৩০, কংগ্ৰেছক ৯৭-১০৭,অনান্য ০-২ ৷ মেট্ৰিজে বিজেপিক ১১৮-১৩০, কংগ্ৰেছক ৯৭-১০৭,অনান্যক ০-২ ৷ নিউজ ১৮ য়ে ১১৬,কংগ্ৰেছক ১১১ ,,অনান্যক ৩ আৰু পেলেষ্ট্ৰেটে বিজেপিক ১০৬-১১৬ ,কংগ্ৰেছক ১১১-১২১,অনান্যক o-৪ ৷

#ৰাজস্থান:

ৰাজস্থানত শাসকীয় কংগ্ৰেছক পৰাভূত কৰি চৰকাৰ গঠনৰ দিশত বিজেপি ৷ কে’বাটাও ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী আৰু এজেন্সিয়ে চলোৱা সমীক্ষা মতে বিজেপিয়ে ১০০-১১২ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬২-৮৫ আসনতে সীমাবদ্ধ থকাৰ সম্ভাৱনা ৷

#মিজোৰাম:

চুবুৰীয়া পাৰ্বত্য ৰাজ্য মিজোৰামত শাসকীয় এন এম এফক পৰাভূত কৰি চৰকাৰ গঠনৰ দিশত ZPM ৷ আঞ্চলিক দলটোৱে ১৫-২৫ খন আসন লাভৰ বিপৰীতে মুখ্যমন্ত্ৰী জোৰামথাংগা নেতৃত্বাধীন এন এম এফ ১০-১৪ খন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিব পাৰে দুখন আসন ।

#তেলেংগানা:

দাক্ষিণাত্যৰ অন্যতম ৰাজ্য তেলেংগানাত শাসকীয় বি আৰএছক ধৰাসায়ী কৰি কংগ্ৰেছে চৰকাৰ গঠনৰ সম্ভাৱনা ৷ কংগ্ৰেছে ৪৮-৬৪ আসনৰ লাভ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী এম চন্দ্ৰশেখৰ ৰাওৰ বি আৰএছে ৪০-৫৫ তে সীমাবদ্ধ থাকিব ৷ লক্ষণীয়ভাৱে বিজেপি ধৰাসায়ী হ’ব তেলেংগানাত ৷

Exit mobile version