APSC Scam CM’s Reaction:এপিএছচি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

যিসকলে অতিৰিক্ত নম্বৰ লাভ কৰিছে ,তেওঁলোকক কৰা হৈছে নিলম্বন

hbs

APSC Scam CM’s Reaction:

বহুচৰ্চিত অসম লোকসেৱা আয়োগত নিযুক্তি কেলেংকাৰিত অভিযুক্ত ২১ জন ৰাজপত্ৰিত বিষয়াক শুক্ৰবাৰে ৰাজ্য চৰকাৰে নিলম্বন কৰে ৷

উল্লেখ্য যে,অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগে এপিএছচি নিযুক্তি কেলেংকাৰীত ৩৪ জন ৰাজপত্ৰিত বিষয়াৰ কেতবোৰ ভয়ংকৰ জালিয়াতি কথা উল্লেখ কৰি এক প্ৰতিবেদন দাখিল কৰিছিল চৰকাৰক ৷

এই প্ৰতিবেদনৰ পাছতে ৰাজ্য চৰকাৰে এছআইটিৰ ওপৰত তদন্তৰ দায়িত্ব দিয়ে ৷ ইতিমধ্যে জালিয়াতিৰ অভিযোগ উদ্থাপিত কে’বাজনো বিষয়াক তলৱ কৰিছিল ৷

আনহাতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ২১ জন ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰে চৰকাৰে ৷ আজি ৰাজপত্ৰিত বিষয়াৰ জালিয়াতিৰ সন্দৰ্ভত মুখ খোলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই

সাংবাদিক আগত মুখ্যমন্ত্ৰীয়ে কয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শর্মাৰ আয়োগে দাখিল কৰা প্ৰতিবেদনত আমি পুংখানুপুংখভাৱে চাই যিসকলে বক্ৰপথৰে অতিৰিক্ত নম্বৰ লাভৰে চাকৰি কৰি আছে ৷ তেওঁলোকক আমি তাৎক্ষণিকভাৱে নিলম্বন কৰিছো ৷

আনহাতে কিছু বিষয়া আছে,যিসকলে এপিএছচি পালেহেঁতেন ৷ গতিকে এনে প্ৰেক্ষাপটত আমি এসকলক এটা বেলেগ শ্ৰেণীত ৰাখি পুনৰ তন্যতন্যকৈ পৰীক্ষা কৰিছো সকলো দিশ । এই পৰীক্ষাত এওঁলোকৰ বিৰুদ্ধে অনুৰূপ জালিয়তী প্ৰমাণ হ’লে অপৰাধমূলক গোচৰ বা আন আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, ন্যায়াধীশ বিপ্লৱ শর্মাৰ আয়োগৰ প্ৰতিবেদনত ২০১৪ ৰ পূৰ্বৰ ৰাজপত্ৰিত বিষয়াৰ জালিয়াতিৰ নাম যদি সনিবিষ্ট কৰিছে ৷ তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধেও লোৱা হ’ব কাৰ্যব্যৱস্থা ৷ অৱশ্যে উদ্থাপিত বিষয়া সকলৰ তথ্য সমূহ প্ৰমাণ হ’ব লাগিব ফৰেনছিকত ৷

Exit mobile version