Mohit Hojai Joins BJP:কাৰামুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত মোহিত হোজাই

গেৰুৱা বসন পিন্ধিলে ডিমা হাছাওৰ প্ৰাক্তন চিইএম গৰাকীয়ে

mohit hojai

Mohit Hojai Joins BJP:

কাৰামুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন চিইএম মোহিত হোজায়ে ৷

আজি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত ডিমা হাচাওৰ দৈয়াংমুখত অনুষ্ঠিত এক বৃহৎ যোগদান সমাৰোহত গেৰুৱা বসন পিন্ধিলে হোজায়ে ৷ বহু সংখ্যক সমৰ্থক সহ আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত

এই উপলক্ষে আয়োজিত সভাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন চিইএম দেৱলাল গাৰ্লোচা,ডিফুৰ সাংসদ হৰেন সিং বে সহ বহু কেইগৰাকী বিজেপি নেতা উপস্থিত আছিল ৷

উল্লেখ্য যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ কালত উগ্ৰপন্থী ধন দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল মোহিত হোজাই

সুদীৰ্ঘ ১৪ বছৰ এন আই জিন্মাত কাৰাৰুদ্ধ হৈ থকাৰ পাছত যোৱা ১৮ অক্টোবৰত মুকলি আকাশৰ তললৈ আহে হোজাই ৷

Exit mobile version