National Crime Record Bureau Report In Assam:ৰাজ্যত ৩,৪৬৬টা মহিলা অপহৰণ, ১৪,১৪৮টা মহিলাৰ বিৰুদ্ধে অপৰাধ

crime

National Crime Record Bureau Report In Assam:

২০২২ত ৰাজ্যত সংঘটিত হয় ১৪,১৪৮ টা নাৰীজনিত অপৰাধ। এই অপৰাধৰ ১,২১৭টা ঘটনাৰে শীৰ্ষত আছে কামৰূপ জিলা। ৰাজ্যত সংঘটিত হোৱা নাৰীজনিত অপৰাধৰ ভিতৰত ৩,৪৬৬ টা অপহৰণ আৰু ৪,৭০৪ টা স্বামী তথা আত্মীয়ৰ দ্বাৰা অত্যাচাৰৰ ঘটনা বুলি নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ (এনচিআৰবি)ৰ প্ৰতিবেদনত প্রকাশ পাইছে।

প্রকাশিত তথ্য অনুসৰি, উল্লিখিত মুঠ নাৰীজনিত অপৰাধৰ ভিতৰত অসমত ১৪টা ধর্ষণ আৰু দলবদ্ধ ধর্ষণ কৰি হত্যা, ১৭৫টা যৌতুকজনিত হত্যা, ৭৫টা মহিলাক আত্মহত্যা কৰিবলৈ দিয়া হেঁচা ঘটনা, দুটা গর্ভপাত, তিনিটা এছিড আক্ৰমণৰ ঘটনা সংঘটিত হয়। একেদৰে ৩,৪৬৬টা অপহৰণৰ ঘটনাৰ ভিতৰত ২৮৫টা কিশোৰী অপহৰণ ঘটনা বুলি তথ্য প্রকাশ পাইছে।

সমান্তৰালভাবে তিনিটা কিশোৰী বিক্রীৰ উপৰি ১,১১৩টা মহিলা ধর্ষণৰ ঘটনা উল্লিখিত বৰ্ষত সংঘটিত হয়। ইয়াৰে ১,১০৯টা ধৰ্ষণৰ ঘটনাৰ ভুক্তভোগী ১৮ বছৰৰ ওপৰৰ যুৱতী-মহিলা আৰু চাৰিটাৰ ভুক্তভোগী ১৮ বছৰৰ তলৰ।

ইয়াৰ উপবি ২৫৩টা ধর্ষণৰ অপচেষ্টা, ১,৯৮৪টা অসৎ উপায়ে মহিলাক আক্রমণ, ১৫২টা মহিলাজনিত চাইবাৰ অপৰাধ, ১,৭০৩টা কিশোৰী যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হয়।

উল্লিখিত কিশোৰী যৌন নির্যাতনৰ মুঠ ঘটনাৰ ভিতৰত ১,২৫৭টা ধর্ষণ আৰু ৩২২টা যৌন উৎপীড়নৰ ঘটনা সংঘটিত হয় ২০২২ত।

আনহাতে, উল্লিখিত বৰ্ষত কামৰূপ গ্রাম্যত সর্বাধিক মহিলাজনিত অপৰাধ সংঘটিত হোৱাৰ বিপৰীতে কাছাৰত দ্বিতীয় সর্বাধিক ১,০১৪টা এই অপৰাধ সংঘটিত হয়। একেদৰে কামৰূপ মহানগৰত ৯৭৯টা, শোণিতপুৰত ৮১২টা, নগাঁৱত ৭৮০টা, দৰঙত ৭৪৯টা, গোৱালপাৰাত ৬৭৩টা, বৰপেটাত ৫৯১টা, মৰিগাঁৱত ৫৪৮টা, কৰিমগঞ্জত ৪৭৬টা, তিনিচুকীয়াত ৪৫২টা, ডিব্রুগড়ত ৩৯৫টা, বঙাইগাঁৱত ২৮২টা, গোলাঘাট আক ধেমাজিত দুশটা হাইলাকান্দিত ৩০২টা, যোৰহাটত ৩৪২টা, কোকৰাঝাৰত ৩৪৭টা, লখিমপুৰত ৩৯৯টা, নলবাৰীত ৩৬৪টা, শিৱসাগৰত ২২৬টা, বাগ্সাত ১২৪টা, চিৰাঙত ১৬২টা নাৰীজনিত অপৰাধ সংঘটিত হয়।

Exit mobile version