Naverland Zero Hour:ভাৰতীয় সেনা বাহিনীৰ ‘বিজয় দিৱস’ত কলকাতাত উন্মোচন হ’ব ৰীতা চৌধুৰীৰ নতুন উপন্যাস ‘নেভাৰলেণ্ড জিৰো আৱাৰ’

rita chowdhari

Naverland Zero Hour:

এই শতিকাৰ অন্যতম শক্তিশালী কথাশিল্পী ৰীতা চৌধুৰীৰ শেহতীয়া উপন্যাস ‘নেভাৰলেণ্ড জিৰো আৱাৰ’ ভাৰতীয় সৈন্যবাহিনীৰ ‘ইষ্টার্ণ কামাণ্ডে’ ১৬ ডিচেম্বৰত কলকাতাৰ ‘ভিক্টোৰিয়া মেম বিয়েল’ত অনুষ্ঠিত কৰিবলগীয়া ‘বিজয় দিবস’ত উন্মোচন কৰা হ’ব।

প্রথমবাৰৰ বাবে অসমীয়া সাহিত্যৰ গ্রন্থ ভাৰতীয় সৈন্য বাহিনীৰ দ্বাৰা আয়োজিত এই ৰাষ্ট্রীয় অনুষ্ঠানত উন্মোচন হোৱাটো বিশেষভাবে গুৰুত্বপূর্ণ দিশ। ১৬ ডিচেম্বৰত প্ৰতি বছৰে বাংলাদেশৰ মুক্তিযুদ্ধৰ জয়লাভৰ দিৱস হিচাপে উদযাপন কৰা হয়। অনুষ্ঠানত বাংলাদেশৰ সশস্ত্র বাহিনীৰ জ্যেষ্ঠ বিষয়া আৰু মুক্তিযোদ্ধাৰ ৩০জনীয়া এটা দলো উপস্থিত থাকিব।

বাংলাদেশৰ উপ-উচ্চাযুক্তৰ এষাৰ বক্তব্য প্রণিধানযোগ্য- ‘ভাৰত আৰু বাংলাদেশব সম্পর্ক তেজ আৰু ঘামেৰে গঢ়া। সেয়েহে ভাৰতীয় সৈন্যবাহিনীৰ ওচৰত তেওঁৰ দেশ সদায় কৃতজ্ঞ।’ বাংলাদেশৰ মুক্তিযুদ্ধক লৈ তিনিটা খণ্ডত ৰচিত ‘নেভাৰলেণ্ড জিৰো আৱাৰ’ উপন্যাসে দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাত বিশেষ মাত্রা প্রদান কৰিব।

আনহাতে ১৭ ডিচেম্বৰৰ বিয়লি ৩ বজাত কলকাতাৰ ১ আৰু ২ নং ৰাছেল স্ট্রীটৰ কেনিলবাৰ্থ হোটেলত উপন্যাসখন উন্মোচন কৰা হ’ব। ‘দ্য বীছ ফেক্টৰী’য়ে প্রকাশ কৰা আৰু ‘ব্যতিক্রম মাছডো’ সংস্থাৰ সহযোগত আয়োজন কৰা উক্ত উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বাংলাদেশৰ দশম সাংসদ, বিশিষ্ট সমাজকর্মী মাহজবীন খালেদ আৰু কলকাতাৰ ভালেকেইজন বিশিষ্ট লোক।

গভীৰ জীবনবোধ, মানৱতাবাদ, চৰিত্ৰৰ প্রতি গভীৰ মমত্ববোধ, কাহিনী কথনৰ অনুপম শৈলী আৰু সূচ্যগ্র অন্তর্দৃষ্টিসম্পন্ন কাহিনীকাৰ ৰীতা চৌধুৰীয়ে এইবাৰ পদার্পণ কৰিছে এখন বণভূমিত। তিনিটা খণ্ডত প্রকাশ হ’বলগীয়া কাহিনীভাগৰ প্ৰথম খণ্ড ‘নেভাৰলেণ্ড জিৰো আৱাৰ’।

বাংলাদেশৰ মুক্তিযুদ্ধক লৈ ৰচিত উপন্যাসখনৰ পাতে পাতে জীৱন্ত হৈ উঠিছে এক অনন্য গাথা। অখণ্ড পাকিস্তানৰ সাধাৰণ নির্বাচনৰ পৰা আৰম্ভ কৰি ঢাকা-কৰাচী-দিল্লী-হাফলং-দণ্ডকাবণ্য-মালকানগিৰিত কাহিনীয়ে স্বচ্ছন্দ বিচৰণ কৰিছে। বংগবন্ধু শেখ মুজিবুৰ বহমানৰ ক্ষমতালাভত প্রতিবন্ধক দিবলৈ পাকিস্তানৰ প্রশাসকৰ প্রচেষ্টা, তেনে পৰিস্থিতিত ভাৰতৰ ভূমিকা আৰু প্রস্তুতিপর্বৰ পৰা প্রজ্জ্বলন-পর্বলৈ মুক্তিযুদ্ধৰ পৰিক্রমা, ১৯৭১ চনৰ পূৰ্ব-বংগৰ সমাজ-জীৱনৰ বাস্তৱ ছবি উপন্যাসখনত সাৱলীলভাবে বর্ণিত হৈছে।

গণহত্যাৰ চৰম ৰূপ কিমান ভয়াবহ, নির্মম হ’ব পাৰে, তাৰ অন্যতম উদাহৰণ পূর্ব- বংগ। বাংলাদেশৰ মুক্তিযুদ্ধই অকল পৃথিবীৰ মানচিত্র সলনি কৰাই নহয়, লাখ লাখ লোককো গৃহহাৰা কৰিলে। ‘জিৰো আবাৰ’ত ‘নেভাৰলেণ্ড’ৰ সন্ধান কৰিছে উপন্যাসকাৰে, যেনেকৈ কৰিছে লাখ লাখ উদ্বাস্তবে।

 ‘দ্য আছাম ট্রিবিউন গোষ্ঠী’ৰ পৰা প্রকাশিত আগশাৰীৰ মাহেকীয়া অসমীয়া সাহিত্য-আলোচনী ‘গৰীয়সীৰ’  বৰ্তমানৰ সম্পাদক ড° ৰীতা চৌধুৰীৰ প্রয়াত পিতৃ বিৰজা নন্দ চৌধুৰী ১৯৭১ চনত হাফলং এছ এছ বি ট্রেইনিং চেন্টাৰৰ ছিনিয়ৰ ইনস্ট্রাক্টৰ আছিল। বাংলাদেশৰ মুক্তিবাহিনীৰ এটা বিশেষ অংশক প্রশিক্ষণ দিছিল।

সেয়েহে তেওঁ খুব ওচৰৰ পৰা মুক্তিযোদ্ধাসকলৰ সান্নিধ্য লাভ কৰিছিল আৰু লাভ কৰিছিল অনেক বিৰল অভিজ্ঞতা। সেইসকল মুক্তিযোদ্ধাৰ অনেকজন হয়তো আজিও জীয়াই আছে- যিসকলৰ বাবে তেওঁৰ দেউতাক আছিল গুৰু। এনে অসামান্য অভিজ্ঞতা, বিস্তৃত অধ্যয়ন আৰু গভীৰ গৱেষণাৰ সোণালী ফচল ‘নেভাৰলেগু জিৰো আৱাৰ’।

উপন্যাসখনৰ অনন্য বৈশিষ্ট্য হ’ল- ইয়াত সন্নিবিষ্ট কিছুমান QR code। কাহিনীৰ সৈতে সংপৃক্ত আপুৰুগীয়া দৃশ্য-শ্রব্য গীত, বাতৰি, সচল ছবি আদিয়ে পঠন-অভিজ্ঞতা আৰু পৰিস্থিতি হৃদয়ংগমত বিশেষ মাত্রা প্রদান কৰিব।

উল্লেখনীয়ভাবে অসমীয়া কিতাপত এনে সংযোজন এয়ে প্রথম। উপন্যাসৰ পৃষ্ঠা বগাই পাঠক সন্মুখীন হ’ব কিছুমান বাস্তৱ পূর্ব-অনালোচিত সত্যৰ। ‘দ্য বীছ ফেক্টৰী’ৰ স্বত্বাধিকাৰী অভিৰুক পাটোৱাৰী আৰু ‘ব্যতিক্রম মাছডো’ৰ সভাপতি ড° সৌমেন ভাৰতীয়াই সমূহ সাহিত্য অনুৰাগী আৰু বিদ্বৎজনক উল্লিখিত দিনত গ্রন্থ উন্মোচন অনুষ্ঠানত উপস্থিত থাকিবলৈ সাদৰ আমন্ত্রণ জনাইছে।

Exit mobile version