Veteran Journalist Jadu Kakati Passes Away:প্ৰবীন সাংবাদিক যদু কাকতিৰ দেহাৱসান

কুৰি দিনে চিকিৎসাধীন আছিল জিএম চি এইছত, মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

jadu kakati

Veteran Journalist Jadu Kakati Passes Away:

প্ৰবীন সাংবাদিক যদু কাকতিৰ বৃহস্পতিবাৰে নিশা দেহৱসান ঘটে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতলত তেওঁ নিশা প্ৰায় ডেৰবজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বাৰ্ধক্যজনিক ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান সাংবাদিকগৰাকী

উল্লেখ্য যে ১৯৬৬ চনত অসম বাতৰিৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল যদু কাকতিয়ে ৷ ২০২০ চনৰ গণৰাজ্য দিৱসত তেওঁক সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছিল ৰাজ্য চৰকাৰে। মিডিয়া ট্ৰাষ্ট, অসমৰ প্ৰতিষ্ঠা কালৰ অন্যতম খনিকৰ আছিল যদু কাকতি।

উল্লেখ্য যে,বিশিষ্ট সাংবাদিক, মিডিয়া ট্ৰাষ্ট, অসমৰ প্ৰতিষ্ঠা কালৰ অন্যতম খনিকৰ যদু কাকতি বিগত ৮ ডিচেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। অসম চৰকাৰৰ তত্বাৱধানত চিকিৎসাধীন সাংবাদিক কাকতিৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক আছিল ৷ চিকিৎসাধীন অৱস্থাত বৰ্ষীয়ান সাংবাদিক গৰাকীৰ স্বাস্থ্যৰ বুজ লৈছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ বৃহস্পতিবাৰে মিডিয়া ট্ৰাষ্ট অসমৰ সভাপতি প্ৰশান্ত জ্যোতি বৰুৱা, কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মন আৰু সদস্য ট্ৰাষ্টী ডা০ দিলীপ শৰ্মাসহ তিনিজনীয়া দল এটিয়ে চিকিৎসালয়লৈ গৈ সাংবাদিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

প্ৰথিতযশা সাংবাদিক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ৷ এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়,প্রবীণ সাংবাদিক যদু কাকতিৰ বিয়োগৰ বাতৰিটো পাই মর্মাহত হৈছোঁ। ৬০ৰ দশকৰ পৰা সুদীর্ঘকাল সংবাদ সেৱাৰ সৈতে জড়িত হৈ তেখেতে সংবাদ জগতলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। গণৰাজ্য দিৱস সাংবাদিক বঁটাৰে সন্মানিত কাকতিৰ বিদেহ আত্মাৰ সদগতি কামনাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

আনহাতে প্ৰৱীণ সাংবাদিক গৰাকীৰ নশ্বৰ দেহ জিএম চি এইছৰ পৰা অনা হয় গুৱাহাটী প্ৰেছ ক্লাবলৈ ৷ ইয়াত ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামী ,সম্পাদক সঞ্জয় ৰয় সহ নৱীন- প্ৰৱীণ সাংবাদিক সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Exit mobile version