Pregnant Woman asks doctors to deliver her baby on the opening day of the Ram Temple:ৰাম মন্দিৰ মুকলিৰ দিনা সন্তান প্ৰসৱৰ বাবে চিকিৎসকক অনুৰোধ মহিলাৰ

women

Pregnant Woman asks doctors to deliver her baby on the opening day of the Ram Temple:

২২জানুৱাৰী সোমবাৰে উত্তৰ প্ৰদেশৰ অযোধ্যাত নির্মাণ কৰা ৰাম মন্দিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। উক্ত দিনা মন্দিৰত ৰামলালাৰ প্ৰাণ প্রতিষ্ঠা কৰা হ’ব। ২২ জানুৱাৰীৰ বাবে ইতিমধ্যে অযোধ্যাক সজাই পৰাই আটকধুনীয়া কৰি তোলা হৈছে।

ৰাম মন্দিৰ মুকলিৰ এই দিনটো হিন্দু সম্প্রদায়ৰ লোকৰ বাবে অতি পবিত্র বিবেচিত হৈছে। ইতিমধ্যে দেশৰ বিভিন্ন অঞ্চলৰ পৰা বহু ভক্তপ্রাণ লোকে অযোধ্যাত উপস্থিত হৈছে। অৱশ্যে মন্দিৰ মুকলিৰ অনুষ্ঠানত কেবল নিমন্ত্রণ লাভ কৰা ব্যক্তিয়েহে অংশ ল’ব পাৰিব।

২২ জানুৱাৰীত হ’ব লগা ৰাম উৎসৱৰ দিনটোত দেশৰ বহু গর্ভৱতী মহিলাই নিজৰ ঘৰতো ৰামৰ আগমন হোৱাটো বিচাৰিছে। এনে মহিলাই ৰামৰ পুনৰ আগমনৰ দিনটোতে সন্তান জন্ম দিব বিচাৰিছে। দৰাচলতে একাংশ গর্ভবতী মহিলাই সন্তান প্ৰসৱৰ বাবে ২২ জানুৱাৰীৰ দিনটোক অতি শুভ গণ্য কৰি চিকিৎসকৰ দ্বাৰস্থ হৈছে।

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা মতে, উত্তৰ প্ৰদেশৰে নহয়; আন আন বহু ৰাজ্যৰ বাসিন্দা গর্ভৱতী মহিলাই ৰাম মন্দিৰ উদ্বোধনৰ দিনা সন্তান জন্ম দিব বিচাৰিছে। পুত্রই হওক বা কন্যা, ২২ জানুৱাৰীত সন্তান প্রসৱ কৰি সেই সন্তানক ৰাম বা সীতাৰ দৰে ঘৰলৈ নিব বিচাৰিছে একাংশ মহিলাই।

দিল্লী, মুম্বাই, কলকাতা, বাৰাণসী, লক্ষ্ণৌ, প্রয়াগৰাজ, ইণ্ডোৰ, চেন্নাই আদিৰ একাংশ গর্ভৱতী মহিলাই নির্দিষ্ট সময়ৰ পূর্বে বামৰ আগমনৰ দিনাই সন্তান জন্ম দিবলৈ বিচাৰিছে। এইসকল মহিলাই চিজাৰিয়ান অস্ত্রোপচাৰৰ জৰিয়তে গর্ভস্থ সন্তানক ২২ জানুৱাৰীত জন্ম দিবলৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিছে।

ইণ্ডোৰৰ চিকিৎসক সুমিত্রা যাদৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, তেওঁৰ স’তে বহু গর্ভৱর্তী মহিলাই যোগাযোগ কৰি ২২ জানুৱাৰীত সন্তান জন্ম দিবলৈ বিচাৰিছে। এইসকল ৰামভক্ত মহিলাই ডাঃ যাদৱৰ আগত নিজৰ মনোকামনাৰ কথা
প্রকাশ কৰি কৈছে যে অযোধ্যালৈ ৰাম অহাৰ দিনাই তেওঁলোকে নিজৰ ঘৰলৈ ৰাম বা সীতাৰ আগমন হোৱাটো বিচাৰিছে।

অৱশ্যে চিকিৎসকগৰাকীয়ে জনোবা অনুসৰি, গর্ভৱতী মহিলাৰ সম্পূর্ণ স্বাস্থ্য পৰীক্ষাৰ পাছত প্রয়োজন হ’লেহে চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়া হয়। একাংশ মহিলা আৰু তেওঁৰ স্বামীয়ে চিকিৎসকক ২২ জানুবাৰীত চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়াৰ বাবে হেঁচাও প্রয়োগ কৰা বুলি ডাঃ যাদৱে কয়।

২২ জানুৱাৰী চলিত বৰ্ষৰ সবাতোকৈ শুভ দিন হিচাপে বিবেচিত হোৱা বাবেও একাংশ লোকে এই দিনটোত বিবাহ সম্পন্ন কৰাবলৈকো সাজু হৈছে।

চিকিৎসকে জনোৱা অনুসৰি, আজি-কালি বহু মহিলাই স্বাভাৱিক প্ৰসৱৰ পৰিৱর্তে চিজাৰিয়ান অস্ত্রোপচাৰৰে গর্ভস্থ সন্তানক জন্ম দিব বিচাৰে। গৰ্ভধাৰণৰ পাছতে চিকিৎসকৰ প্ৰথম পৰামৰ্শ লোৱাৰ সময়তে একাংশ মহিলাই চিজাৰিয়ান পদ্ধতিৰে সন্তান জন্ম দিয়াৰ পৰিকল্পনাৰ কথা চিকিৎসকক অবগত কৰে।

কিন্তু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাক মুহূর্তত এতিয়া গর্ভৱতী একাংশ মহিলাই নিজৰ ঘৰলৈ ৰাম বা সীতাক আদৰি আনিবলৈ পৰিকল্পনা গ্রহণ কৰি চিকিৎসকৰ দ্বাৰস্থ হৈ গর্ভস্থ সন্তানক চিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম দিবলৈ বিচাৰিছে ৷

Exit mobile version