APCC PEC Meeting In Hotel Lily:মহানগৰীৰ হোটেল লিলিত কংগ্ৰেছৰ পিইচিৰ গুৰুত্বপূৰ্ণ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিৰ বাবে তিনিজনীয়া প্ৰাৰ্থী তালিকা, স্ক্ৰীণিং পেনেলে চূড়ান্ত কৰিব ১৪ জন প্ৰাৰ্থীৰ নাম

hotel lily

APCC PEC Meeting In Hotel Lily:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত কংগ্ৰেছ সহ বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ বিৰোধী দল সমূহৰ স’তে আসন বুজাপৰাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছে নিজ দলৰ প্ৰাৰ্থী তালিকা চুড়ান্ত কৰাৰ বাবে ব্যাপক কুজকাৱাজ চলাইছে ৷

সোমবাৰে হোটেল লিলিত এপিচিচিৰ নিৰ্বাচনী কমিটি {পিইচি} ৰ গুৰুত্বপূৰ্ণ বৈঠক ভূপেন বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । বৈঠকত প্ৰতিটো সমষ্টিৰ বাবে প্ৰস্তুত কৰা হয় তিনিজনীয়া প্ৰাৰ্থিত্ব প্রত্যাশীৰ তালিকা ৷ উল্লেখ্য যে, প্ৰাৰ্থিত্বৰ বাবে ৭৯ গৰাকীয়ে দাখিল কৰিছিল মনোনয়ন ৷

হোটেল লিলিত বহা পিইচিৰ সভাই চুড়ান্ত প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে কতৃত্ব দিয়ে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াক ৷দুয়োজন নেতাই কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ সভাপতি সকলৰ স’তে মতবিনিময় কৰি স্ক্ৰীণিং পেনেলে চূড়ান্ত কৰিব ১৪ জন প্ৰাৰ্থীৰ নাম ৷ তাৰ পাছত প্ৰাৰ্থিত্ব প্রত্যাশীৰ তালিকা চুড়ান্ত কৰি অনুমোদনৰ বাবে প্ৰেৰণ কৰিব কংগ্ৰেছ হাইকামাণ্ডলৈ ৷

পিইচিৰ সভাখনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইন,সাংসদদ্বয় প্ৰদ্যুত বৰদলৈ,আব্দুল খালেকএপিচিচিৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী,জাকিৰ হুছেইন শিকদাৰ সহ কে’বা গৰাকী বিধায়ক আৰু জ্যেষ্ঠ নেতাই ৷

Exit mobile version