Experience of the Inauguration Ceremony of the Ram Temple:
#প্রাঞ্জলসেন ডেকা
জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আড়ম্বৰপূৰ্ণভাৱে অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই কাৰ্যসূচীক কেন্দ্র কৰি দেশজুৰি, বিশেষকৈ উত্তৰ আৰু মধ্য ভাৰতত বৃহৎ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। লক্ষ্যণীয়ভাবে অসমতো ৰাম মন্দিৰৰ অনুষ্ঠানক লৈ এইবাৰ অভূতপূর্ব উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হ’ল। আসন্ন লোকসভা নির্বাচনতো ই বিশেষ প্রভাব পেলাব বুলি ব্যাপকভাবে চর্চিত হৈছে। বৰঞ্চ সমগ্র কার্যসূচীয়েই এনে পৰিকল্পিতভাবে আগবঢ়াই নিয়া হৈছে যাতে অবধাৰিতভাবেই ইয়াৰ প্রভাৱ নির্বাচনত পৰে।
শ্ৰীৰাম মন্দিৰ তীৰ্থ ক্ষেত্র ট্রাষ্টৰ আমন্ত্রণক্রমে প্রাণ প্রতিষ্ঠা অনুষ্ঠানত অংশগ্রহণৰ উদ্দেশ্যে অযোধ্যা অভিমুখে উৰা মাৰিলো। ১৮ জানুৱাৰীৰ পৰা অযোধ্যালৈ বাণিজ্যিক বিমানৰ চলাচল আৰস্তু হৈছেহে। গুৱাহাটীৰ পৰা এতিয়াও পোনপটীয়া সেৱা নথকা হেতুকে প্রথমে নতুন দিল্লীলৈ যাবলগীয়া হ’ল। দিল্লীত অযোধ্যা অভিমুখী বিমানত উঠাৰ পাছৰে পৰা একাংশ যাত্রীয়ে ‘জয় শ্রীৰাম’ ধ্বনি দি পৰিবেশ সৰব কৰি তুলিলে।
এজনে ধ্বনি দিয়ে আৰু আনসকলে তাক অনুসৰণ কৰে। উল্লেখ নিষ্প্রয়োজন যে বিমানখনৰ প্ৰায় সকলো যাত্ৰীৰেই লক্ষ্য প্রাণ প্রতিষ্ঠা মহোৎসৱ। অযোধ্যাৰ পৰা উভতা পর্যন্ত ‘জয় শ্রীৰাম’ ধ্বনি অহৰহ শুনি থাকিলো। বাটে-ঘাটে, ইজনে আনজনক এনেদৰেই বার্তা বিনিময় কৰা দেখিলো। নগৰীখনৰ চৌদিশে বিভিন্ন মঠ-মন্দিৰত উচ্চ স্বৰত মাইকত ভগৱানৰ শুণ-গান চলিছে অহৰহ।
দেশৰ বিভিন্ন প্রান্তব পৰা আহি উপস্থিত হোৱা বিশিষ্ট অতিথি, ভক্ত দর্শনার্থী সকলো তাৰ মাজত বুৰ যাবলৈ বাধ্য হৈছে। দেশৰ আন যিকোনো স্থানতকৈ এক পৃথক ৰামময় পৰিবেশ! প্রাণ প্রতিষ্ঠা অনুষ্ঠানত বিভিন্ন চৰকাৰী-বেচৰকাৰী পক্ষ জড়িত হ’লেও প্রধানমন্ত্রী কার্যালয় (পিএমঅ’)ৰ দ্বাৰাই সেয়া পৰিচালিত হৈছিল।
অনুষ্ঠানৰ বাবে সমগ্র দেশৰ পৰা আমন্ত্রণ কৰি আনি সমবেত কৰা অতিথিৰ তালিকাখনো লক্ষ্যণীয়। হিন্দু ধর্মৰ ডেৰশ ঠাল-ঠেঙুলিৰ শীর্ষ গুৰুসকলৰ উপস্থিতি বিশেষভাবে নিশ্চিত কৰা হৈছিল। যেনেদৰে দেশৰ শীর্ষস্থানীয় উদ্যোগপতিসকলক আমন্ত্রণ কৰা হৈছিল, তেনেদৰেই আগশাৰীৰ চিত্ৰতাৰকাসকলৰ উপস্থিতিও নিশ্চিত কৰা হৈছিল।
জনজাতীয় জনগোষ্ঠীসমূহৰ মুৰব্বীসকলকো উপযুক্ত সম্মান সহকাৰে আমন্ত্রণ কৰি নিয়া হৈছিল। এইসকলৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ গুৰুত্বপূর্ণ তথা প্রভাৱশালী একাংশ ব্যক্তিক প্রাণ প্রতিষ্ঠা মহোৎসৱলৈ আমন্ত্রণ কৰা হৈছিল। লক্ষ্যণীয়ভাবে দেশৰ প্রতিটো চুক-কোণৰ পৰা অহা এই কে’বা হেজাৰ অতিথিৰ সকলো সা-সুবিধাৰ প্রতি সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল। ক’তো কোনো খুঁত নৰখাকৈ সমগ্র ব্যৱস্থাৱলী এনেদৰে পৰিকল্পনা আৰু ৰূপায়ণ কৰা হৈছিল, যাতে এটি সামান্যও অবাঞ্ছিত ঘটনা ঘটাৰ সুযোগ নাথাকে।
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু বিশ্ব হিন্দু পৰিষদৰ বিভিন্ন স্তৰৰ কর্মকর্তাসকলৰ আশাশুনীয়া প্রচেষ্টাতে যিদৰে এনে এক বৃহৎ অনুষ্ঠান সুকলমে আৰু সফলভাবে সম্পন্ন কৰাটো সম্ভৱ হ’ল, তাক শলাগিবলগীয়া। নিজ নিজ দায়িত্ব পালনত তেওঁলোকৰ নিষ্ঠা আৰু শৃংখলা যিকোনো ৰাজহুৱা অনুষ্ঠানৰ বাবে আৰ্হি হোৱাৰ যোগ্য।
€ ৰাম মন্দিৰ নিৰ্মাণৰ পটভূমি
ৰাম মন্দিৰৰ নির্মাণে কে’বা শতিকাজোৰা বিতর্ক আৰু তাক লৈ অব্যাহত থকা টনা-আঁজোৰাৰ হাত অন্ত পেলালে বুলি আশা কৰা হৈছে। এই বিতৰ্কৰ বীজ ৰোপিত হৈছিল আজিৰ পৰা পাঁচশ বছৰ পূর্বেই। উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰামকূট মহল্লাৰ এটি টিলাৰ ওপৰত ১৫২৮ ৰ পৰা ১৫৩০ৰ এই ভিতৰত এটি মছজিদ নির্মাণ কৰা হৈছিল। এই মছজিদত উপলব্ধ শিলালিপি আৰু চৰকাৰী নথি অনুসৰি, এই মছজিল মোগল বাদশাহ বাবৰৰ নিৰ্দেশক্রমে তেওঁৰ বিষয়া মীৰ বাকীয়ে নিৰ্মাণ কৰিছিল।
বাবৰ অথবা মীৰ বাকীয়ে এই ভূমি কেনেদৰে অধিকাৰ কৰিছিল আৰু পূর্বে তাত কি আছিল সেই সম্পর্কত কোনো প্রামাণিক তথ্য নাই। অৱশ্যে বিভিন্ন নথিপত্র, বিদেশী পর্যটকৰ টোকা আৰু গ্রন্থত উল্লেখ কৰা হৈছে যে এই বাবৰি মছজিদৰ চৌহদক হিন্দু সম্প্রদায়ে ভগৱান শ্রীৰামচন্দ্রৰ জন্মস্থাৰূপে গণ্য কৰি ইয়াত পূজা-পাতল কৰি আহিছে। এই মছজিদক কেন্দ্র কৰি অঞ্চলটোত হিন্দু আৰু মুছলমান সম্প্রদায়ৰ মাজত বিভিন্ন সময়ত সংঘৰ্ষৰ সূত্রপাত ঘটি আহিছে।
১৮৫৭ত প্রথম স্বাধীনতা সংগ্ৰামৰ পাছত নবাবৰ শাসনৰ অন্ত পৰাত দেশত ব্রিটিছ শাসন আৰু ইয়াৰ আইন তথা ন্যায় ব্যবস্থাৰ প্রৱর্তন হয়। এই সময়ছোৱাতে হিন্দুসকলে মছজিদৰ বাহিৰৰ অংশ দখল কৰি তাত এখন মঞ্চ সজাৰ লগতে পূজা-পাতল আৰম্ভ কৰি দিয়ে। ইয়াক লৈ তাত দুই পক্ষৰ মাজত কাজিয়া-পেছাল চলিবলৈ ধৰে। বাবৰি মছজিদৰ মৌলবী মহম্মদ আজগৰে ১৮৫৮ৰ ৩০ নবেম্বৰত স্থানীয় প্রশাসনৰ ওচৰত এই লিখিত অভিযোগ দাখিল কৰে যে হিন্দু বৈৰাগীসকলে মছজিদৰ দেৱালক সাঙুৰি মঞ্চ নির্মাণ কৰিছে আৰু চৌদিশে ৰাম ৰাম অংকন কৰিছে।
এনেদৰেই বিষয়টো প্ৰথমবাৰলৈ প্ৰশাসনৰ মজিয়া পায়গৈ। অভিযোগ লাভৰ পাছত শান্তি-শৃংখলা বিনষ্ট নহ’বলৈ প্রশাসনে মঞ্চ আৰু মছজিদৰ মাজত এখন দেবাল নির্মাণ কবি দিয়ে যদিও মূল দুৱাৰ একেখনেই হৈ থাকে। অৱশ্যে তাৰ পাছতো মছজিদ কর্তৃপক্ষই ধাৰাবাহিকভাবে অভিযোগ কৰে যে হিন্দুসকলে তেওঁলোকক নামাজ পঢ়াত ব্যাঘাত জন্মাই আহিছে।
১৮৮৩ৰ এপ্ৰিলত নির্মোহী আখাৰাই ফৈজাবাদৰ উপায়ুক্তক মন্দিৰ নিৰ্মাণৰ অনুমতি প্রদানৰ আবেদন দাখিল কৰে যদিও মুছলমান সম্প্রদায়ৰ আপত্তিত আবেদন নামঞ্জুৰ কৰা হয়। ইয়াৰ পাছত ১৮৮৫ৰ ২৯ জানুৱাৰীত নির্মোহী আখাৰাৰ মহস্ত ৰঘবৰ দাসে ইতিমধ্যে নিৰ্মাণ কৰা মঞ্চখনকে শ্ৰীৰামচন্দ্ৰৰ জন্মস্থান বুলি দাবী কৰি ভাৰত চৰকাৰ আৰু মছজিদৰ মৌলৱী মহম্মদ আজগৰৰ বিৰুদ্ধে দেৱানী আদালতত প্রথমটো মোকর্দমা ৰজু কবে।
এই আবেদনত ১৭ ফুট দীঘল আৰু ২১ফুট ফুট বহুল মঞ্চখনক ৰামৰ জন্মস্থান বুলি উল্লেখ কৰি তাতেই মন্দিৰ নিৰ্মাণৰ অনুমতি বিচৰা হয় যাতে এই ৰ’দ-বৰষুণৰ পৰা পূজাৰী আৰু ভগৱান উভয়ে ৰক্ষা পাব পাৰে। লগতে উক্ত ভূমিখণ্ডৰ গৰাকী বুলি নিজকে দাবী কৰাৰ লগতে তাত নিজৰ দখল থকাৰ কথাও আবেদনত উল্লেখ কৰে।
আদালতৰ বিচাৰপতি পণ্ডিত হৰিকিষণে চৰজমিন পৰিদৰ্শন কৰি নিশ্চিত হয় যে মঞ্চত ভগৱান ৰামচন্দ্ৰৰ পাদুকা আৰু মূর্তি আছে আৰু তাত পূজা-পাতল কৰা হৈ আহিছে। হিন্দু-মুছলমানৰ মাজত সংঘাত দূৰ নিৰসনৰ বাবে প্রশাসনে দেৱাল নির্মাণ কৰি দিছে। দেৱালৰ বাহিৰৰ ভূমি আৰু মঞ্চ থকা স্থানত হিন্দুসকলৰ দখল থকাটোও তেওঁ প্রত্যক্ষ কৰে। বিচাৰপতিয়ে লগতে ইয়াকো লিপিবদ্ধ কৰে যে লগে যিহেতু ভগৱানৰ মঞ্চ আৰু মছজিদ একেলগে আছে, সেয়েহে তাত মন্দিৰ নিৰ্মাণ কৰিলে সংঘৰ্ষৰ এই সূত্রপাত হ’ব।
তাত মন্দিৰ নিৰ্মাণৰ অনুমতি প্রদানৰ অৰ্থ হ’ব, হিন্দু আৰু মুছলমানৰ মাজত সংঘৰ্ষৰ বীজ ৰোপণ কৰা আৰু সেয়ে বিচাৰপতি হৰিকিষণে নির্মোহী আখাৰাৰ আবেদন খাৰিজ কৰে। ইয়াৰ বিৰুদ্ধে জিলা আদালতত আপীল দাখিল হোৱাত জিলা ন্যায়াধীশ চেমিয়ৰে হিন্দুসকলে পবিত্র জ্ঞান কৰা স্থানত মছজিদ নির্মাণ কার্যক দুর্ভাগ্যজনক বুলি উল্লেখ কৰিও মন্দিৰ নিৰ্মাণৰ ডায় অনুমতি প্রদানৰ পৰা বিৰত থাকে।
ন্যায়াধীশৰ মতে, ইয়াৰ দ্বাৰা লাভতকৈ লোকচানহে অধিক হ’ব। এইবাৰ নির্মোহী আখাৰাই অবধৰ ন্যায়িক আয়ুক্ত ডব্লিউ য়ঙৰ আদালতত আপীল কৰে। এই তওঁ তিনিও আদালতে নিজৰ নিজৰ ৰায়ত বিবাদিত স্থানক লৈ হিন্দুসকলৰ আস্থ, ভক্তি আৰু জনশ্রুতিৰ উল্লেখ কৰে; কিন্তু এই সম্পর্কত উপলব্ধ নথি-পত্ৰৰ প্ৰমাণকহে নিজৰ সিদ্ধান্তৰ আধাৰূৰপে গ্রহণ কৰে আৰু আইন-শৃংখলা তথা শাস্তি ৰক্ষাত গুৰুত্ব আৰোপ কৰি বিবাদিত স্থানত মন্দিৰ নিৰ্মাণৰ অনুমতি প্রদানৰ পৰা বিৰত থাকে। এনেদৰে বিবাদিত স্থানক লৈ বিভিন্ন প্ৰকাৰৰ তৎপৰতা অব্যাহত থাকে।
ইয়াৰ মাজতে ১৯৩৬ত উক্ত মছজিদৰ কর্তৃত্বক লৈ মুছলমানবে দুই ফৈদ ছিয়া আৰু চুন্নীসকলৰ সেই মাজত বিবাদৰ সূত্রপাত ঘটে। বিভিন্ন আইনী যুঁজৰ পাছত চুন্নী সকলৰ মছজিদৰূপে ঘোষণা কৰা হয়। অবশ্যে ছিয়া সম্প্রদায়ৰ একাংশই তেওঁলোকৰ বুলি দাবী অব্যাহত ৰাখে।
স্বাধীনতাৰ পাছত মন্দিৰ নির্মাণৰ প্ৰসংগই পুনৰ সক্রিয় ৰূপ ধাৰণ কৰে। পৰিস্থিতি ক্রমাৎ উত্তপ্ত তাৰ হ’বলৈ ধৰাত উক্ত স্থানত নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হয়। ১৯৪৯ৰ ২২-২৩ ডিচেম্বৰৰ নিশা পুনব অভয় ৰাম দাস আৰু তেওঁৰ সংগীসকলে দেৱাল পাৰ হৈ মছজিদৰ ভিতৰত ৰাম-সীতা আৰু লক্ষ্মণৰ মূর্তি স্থাপন কৰি আহে।
(তেওঁলোকে পাছত প্রচাৰ কৰে যে ভগৱান ৰামচন্দ্ৰৰ আবির্ভাব ঘটিছে আক তেওঁ নিজৰ জন্মস্থান পুনৰ অধিকাৰ কৰি লৈছে। এই অভিযানত প্রশাসনৰ শীর্ঘস্থানীয় বিষয়াবো গোপন সহযোগিতা আছিল।
লক্ষ্যণীয়ভাৱে ৰাম মন্দিৰৰ প্ৰসংগই দেশত বিভিন্ন সময়ত নির্বাচনী ইছ্যু ৰূপেও ভূমুকি মাৰিছে। ১৯৪৯ত অযোধ্যাত অনুষ্ঠিত হোৱা উপ-নির্বাচনত ই মূল ইছ্যু হৈ পৰে। পৰৱর্তী পর্যায়তো সেই ধাৰা অব্যাহত থাকে। ১৯৭৭ত জৰুৰীকালীন অৱস্থাৰ পাছত জনসংঘ আক অন্যান্য বিৰোধী দলৰ চামিলকৰণেৰে গঠিত জনতা দলে ইন্দিৰা গান্ধীক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হ’লেও অন্তর্কলৰ বাবে চৰকাৰ তিনি বছৰো নিটিকিল।
ফলস্বৰূপে ১৯৮০ ত ইন্দিৰা গান্ধীয়ে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত হিন্দুসকলক ঐক্যবদ্ধ কৰাৰ চিন্তা-চর্চা আৰস্ত হয়। তাৰেই অংশৰূপে দিল্লীৰ বিজ্ঞান ভৱনত ধর্ম সংসদৰ আয়োজন কৰি হিন্দুৰ তিনি আৰাধ্য দেৱতা শ্রীৰামচন্দ্ৰ, শ্রীকৃষ্ণ আৰু শিৱৰ উপাসনাথলী যথাক্রমে অযোধ্যা, মধুৰা আৰু কাশীক মছজিদৰ পৰা মুক্ত কৰাৰ প্রস্তাৱ গ্রহণ কৰা হয়। কাশী আৰু মধুৰাত মছজিদৰ গাতে লাগি মন্দিৰ নির্মাণ হোৱা হেতুকে প্রথমে অযোধ্যাক লৈ সর্বাধিক গুৰুত্ব আৰোপৰ সিদ্ধান্ত লোৱা হয়।
সংঘ পৰিয়ালৰ বিভিন্ন সংগঠন আক বিজেপিয়েও মন্দিৰ নিৰ্মাণৰ সপক্ষে সক্রিয় হৈ পৰে। ইতিমধ্যে বিষয়টোৱে দেশজুৰি চর্চা লাভ কৰে। লাহে লাহে হিন্দু মুছলমানৰ মাজত ইয়াক লৈ মেৰুকৰণ হ’বলৈ ধৰে। ৰাম মন্দিৰৰ সপক্ষে পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে ১৯৯০ৰ ২৫ ছেপ্টেম্বৰত ৰথযাত্রা আৰস্ত কৰে। ১৯৯২ৰ ছয় ডিচেম্বৰত উত্তৰ প্ৰদেশত বিজেপিৰ কল্যাণ সিং চৰকাৰৰ কার্যকালত হেজাৰ হেজাৰ কৰসেৱকে বাবৰি মছজিদ ধ্বংসস্তপত পৰিণত কৰি তাৰ ওপৰত এটি অস্থায়ী মন্দিৰ নির্মাণ কৰে।
এনেদৰে সুদীর্ঘ পাঁচ শতিকা জুৰি চলা বিবিধ ধৰণৰ বিতৰ্ক আৰু টনা-আঁজোবাব অন্তত ২০১৯ ৰ ন নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে এক ঐতিহাসিক ৰায়যোগে অযোধ্যাৰ উক্ত স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ পথ মুকলি কৰি দিয়ে।
€ ঐতিহাসিক অযোধ্যা নগৰী:
৬০-৬৫ হেজাৰ জনসংখ্যাৰ অযোধ্যা উত্তৰ প্ৰদেশৰ এখন ইতিহাস প্রসিদ্ধ নগৰ। শ্রীৰামচন্দ্রব জন্মস্থানৰূপে ৰামায়ণত উল্লেখ থকাৰ সূত্রে পৌৰাণিক যুগৰে পৰা হিন্দুসকলৰ বাবে এই নগৰীৰ মহত্ব অপৰিসীম তাৰ উল্লেখ নিষ্প্রয়োজন। জনসংখ্যাৰ কমেও ৯৩ শতাংশ হিন্দু হোৱাৰ বিপৰীতে ছয় শতাংশ মুছলমান। হিন্দু ধর্মাৱলম্বীৰ অতি পবিত্র সাতোটা ধর্মস্থানৰ অন্যতম হৈছে অযোধ্যা। এই তীর্থ নগৰীত সাত হেজাৰ বিভিন্ন মঠ-মন্দিৰ আছে আৰু তাৰে এশটামান গুৰুত্বপূর্ণ। একাধিক জৈন ধর্মাৱলম্বীৰ উপাসনাস্থলীও আছে।
ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে অযোধ্যা নগৰীতো উন্নয়নমূলক বিভিন্ন আঁচনি হাতত লোৱা হয়। উত্তৰ প্ৰদেশৰ অন্যান্য নগৰসমূহৰ দৰেই যথেষ্ট ঠেক পৰিসৰৰ হ’লেও ৰাম মন্দিৰে অযোধ্যাৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশত আমূল পৰিৱর্তন আনিব বুলি আশা কৰা হৈছে। অযোধ্যাক এক আন্তর্জাতিক পর্যটন কেন্দ্রৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰি বিমানকোঠ নিৰ্মাণৰ লগতে অন্যান্য আন্তঃগাঁথনিসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷
ইতিমধ্যে অযোধ্যাৰ ভূমিৰ মূল্য কে’বাশ গুণ বৃদ্ধি পোৱাৰ বিপৰীতে উপযুক্ত পৰিমাণৰ ভূমিৰ অভাৱ ঘটিছে। মন্দিৰ নির্মাণৰ পূর্বে সাতশ টকা বর্গফুটত বিক্রী হোৱা ভূমি সম্প্রতি ন হেজাৰ টকাতো দুর্লভ হৈ পৰিছে। আগন্তুক দিনত উত্তৰ প্ৰদেশৰ অর্থনীতিত অযোধ্যাই এক গুৰুত্বপূর্ণ অৰিহণা আগবঢ়োৱাৰ ইংগিত স্পষ্ট হৈছে।
ৰাম মন্দিৰে সমগ্র অযোধ্যাৰ এক বৃহৎ ৰূপান্তৰ ঘটাব সেয়া নিশ্চিত। অৱশ্যে স্থানীয় বাসিন্দাসকলব জীৱন ধাৰণৰ মান কিমান উন্নত কৰিবলৈ সক্ষম হয় সেয়া লক্ষ্যণীয় হ’ব।
€ মন্দিৰ হ’ল, এইবাৰ কি?
ৰাম মন্দিৰ উদ্বোধনক লৈ প্রধানমন্ত্রী মোদী আৰু সংঘ পৰিয়ালত বিজয়োৎসৱৰ অনুভব পৰিস্ফুট। এই বিজয়কে আগন্তুক দিনত অধিক প্ৰসাৰিত আৰু স্থায়ী কৰাৰ এক সূচনাকপেই যেন গ্রহণ কৰা হ’ল এই অনুষ্ঠানক। নব-নির্মিত ৰাম মন্দিৰৰ গর্ভগৃহত শ্রীৰামচন্দ্ৰৰ প্ৰাণ প্রতিষ্ঠাৰ পাছত দিয়া ভাষণত প্রধানমন্ত্রীয়ে কয় যে ২০২৪ৰ ২২ জানুৱাৰী কেৱল কেলেণ্ডাৰত লিখা এটা তাৰিখেই নহয়, এই দিনটোৰ পৰাই এক নতুন সময় চক্রৰ উৎপত্তি ঘটিল।
প্রাণ প্রতিষ্ঠাৰ অনুষ্ঠান ধর্মীয় হ’লেও মোদীকেই যে নায়কৰূপে দাঙি ধৰা হৈছে সেয়া স্পষ্ট। আদৰণি ভাষণ প্রদান কৰি ট্রাষ্টৰ উপ-সভাপতি গোবিন্দদেৱ গিৰিয়ে অনুষ্ঠানৰ সুৰ বান্ধি দিছিল। তেওঁ প্রধানমন্ত্রী মোদীক তপস্বী ৰাষ্ট্রপ্রধান আখ্যা দিয়ে। অনুষ্ঠানত অংশগ্রহণকাৰী আন দুগৰাকী বক্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড:মোহন ভাগৱত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথেও নির্ধাৰিত দিশতে নিজৰ ভাষণ আগবঢ়াই মোদীকেই কৃতিত্ব প্রদান কৰে।
লক্ষ্যণীয়ভাবে প্রধানমন্ত্রী মোদীয়ে ন্যায়ৰ পথৰেই ৰাম মন্দিৰ লাভ কৰিবলৈ সক্ষম হ’লো বুলি কোৱাৰ সমান্তৰালভাবে মুখ্যমন্ত্রী আদিত্যনাথে সগর্বে ঘোষণা কৰে যে ৰাম মন্দিৰ তাতেই নির্মাণ হ’ল, য’ত নির্মাণৰ সংকল্প লোৱা হৈছিল।
অনুষ্ঠানত ভাষণ দি তাৎপর্যপূর্ণভাবে মোদীয়ে প্রশ্ন কৰিলে, ‘মন্দিৰ হ’ল। এইবাৰ কি? দৈবশক্তিক এনেদৰেই বিদায় দিম নেকি?’ নিজেই তাৰ উত্তৰ দি তেওঁ এইবাৰ ক’লে, ‘আগন্তুক এহেজাৰ বছৰৰ ভাৰতৰ সূচনা হওক। দেশবাসীয়ে এই মুহূর্তৰ পৰাই দিব্যভাৰত নিৰ্মাণৰ সূচনা কৰক। শ্রীৰামচন্দ্রৰ ভাৱনা মানৱৰ স’তে সংযুক্ত হওক। এয়াই ৰাষ্ট্র নির্মাণৰ পথ হওক।’ তেওঁ দেশবাসীকো নিজব কর্তব্যৰ কথা এইদৰেই সোঁৱৰাই দিলে।
€ গামোচাৰ আকৰ্ষণ
ট্রাষ্টৰ প্ৰতিনিধিয়ে বাৰে বাৰে মাইকযোগে ঘোষণা কৰিছে যে অনুষ্ঠানত উপস্থিত প্রতিগৰাকী অতিথিকে ৰামলালাৰ দৰ্শন আৰু প্রার্থনাৰ সুযোগ দিয়া হ’ব। অন্তিমজন অতিথিয়ে দর্শন নকৰা পর্যন্ত গর্ভগৃহৰ দ্বাৰ বন্ধ কৰা নহয়; লাগিলে সেইদিনা সান্ধ্য আৰতিও পিছুৱাই দিয়া হ’ব। প্রয়োজনে অপ্রয়োজনে হেঁচা-ঠেলা কৰাটো ভাৰতীয় মানুহৰ মজ্জাগত।
গতিকে বাৰম্বাৰ এনে ঘোষণাৰ পাছতো যে একাংশই দৃষ্টিকটুভাবে হেতা-ওপৰা লগাই আছিল। ইতিমধ্যে উল্লেখ কৰিছোৱেই যে চৌদিশে চেলিব্রেটিৰ ভিৰ। অনুষ্ঠানত উপস্থিত প্রতিজনেই বিশিষ্ট ব্যক্তি। তেনে ভিৰৰ মাজতো চেলিব্রেটিসকলৰ স’তে ছেলফি তুলিবলৈ তৎপৰ বিভিন্নজন।
ভিৰ কমক বুলি এনেয়ে থিয় দি চাৰিওফালৰ ৰেহৰূপ চাই আছিলো। তেনেতে মন কৰিলো মোৰ সামান্য আতৰত চকীত বহি কেইজনমান সংগীৰ স’তে বার্তালাপ কৰি আছে নীতিশ ভৰদ্বাজে। দূৰদৰ্শনৰ ইতিহাসৰ অন্যতম জনপ্রিয় ছিৰিয়েল ‘মহাভাৰত’ব শ্রীকৃষ্ণৰ চৰিত্ৰ ৰূপায়ণৰ জৰিয়তে ভাৰতীয়ৰ মনত সুকীয়া স্থান বা অধিকাৰ কৰি লোৱা নীতিশ ভৰদ্বাজ। বিভিন্নজনে আহি তেওঁৰ স’তে ছেলফি তোলা আৰু দুই-একে চৰণ স্পর্শ কৰা পর্বও চলি আছে।
তেনেতে বাওঁফালে ঘূৰি দিওতে মোক চকুত পৰিল। মন কৰিলে। অনবৰতে মুখত লাগি থকা তেওঁৰ হাঁহিটো অলপ ডাঙৰ হ’ল, কিন্তু দৃষ্টি তেওঁৰ মোৰ ওপৰতে গ্রহণ থাকিল। তেওঁ সংগীসকলৰ স’তে কথা পাতি থকাৰ মাজতো মোৰ ফালে ঘুৰি ঘূৰি চাই থাকিল। তেওঁৰ স’তে যিহেতু পূর্ব পৰিচয় নাই আৰু চেলিব্রেটিক লৈ অত্যুৎসাহী হৈ পৰা অথবা ছেলফি উঠাৰো কেতিয়াও কোনো হাবিয়াস নাই, গতিকে মই অলপ অপ্রস্তুত হ’লো। মনটো খুদুৰাই থাকিল।
ইতিমধ্যে মূর্তি দর্শন কৰিবলৈ বুলি আগুৱাবলৈ সাজু হ’লো। তেনেতে নীতিশ ভৰদ্বাজো সংগীসকলৰ স’তে উঠি আগবাঢ়িবলৈ ল’লে। একেলগে আগবাঢ়িলো বাবে স্বাভাৱিকতে আমি লগালগি হ’লো। তেতিয়া বোধকৰো তেওঁ আৰু লোভ সামৰিব নোৱাৰিলে। মই ডিঙিত লৈ থকা পাটৰ ফুলাম গামোচাখন পৰম আগ্রহেৰে লিৰিকি-বিদাৰি চাইহে যেন সন্তোষ লভিলে আৰু মোক চকুৰেই প্রশ্ন কৰিলে। সেয়া অসমৰ পাটৰ গামোচা বুলি মই সংক্ষেপে উত্তৰ দিলো। ইমান দেৰি তেওঁৰ আকৰ্ষণৰ কাৰণটোও তেতিয়াহে দিশা বুজি পালো। লগতে ফুলাম গামোচাৰ প্রতি দেশে-বিদেশে বিভিন্নজনৰ গভীৰ আকৰ্ষণ আকৌ এবাৰ উপলব্ধি কৰিলো।
ফোন: ৯৪৩৫০১০৬৭৩