Two kg silver brooms donated to Ayodhya Ram Temple:ৰাম মন্দিৰত দুই কেজি ওজনৰ ৰূপৰ ঝাড়ু উপহাৰ

মন্দিৰৰ গৰ্ভগৃহ পৰিষ্কাৰৰ বাবে মূৰত তুলি আনিলে ভক্তই

ayodhya

Two kg silver brooms donated to Ayodhya Ram Temple:

যোৱা ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ ‘প্রাণপ্রতিষ্ঠা’ কৰা হৈছে। পাছদিনাৰ পৰাই সর্বসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছে ৰাম মন্দিৰৰ দ্বাৰ। বালক ৰামক দর্শন কৰিবলৈ অহা ভক্তৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা।

দেশ-বিদেশৰ পৰা অভসকলে ৰামলালাৰ বাবে নানা উপহাৰো প্ৰেৰণ কৰি আছে। ইয়াৰ অধিকাংশই আর্থিক বহুমূলীয়া। এইবাৰ ৰাম মন্দিৰৰ গর্ভগৃহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে উপহাৰস্বৰূপে আহিল এটা বৃহৎ আকাৰৰ ৰূপৰ ঝাড়ু বা বাঢ়নী। মন্দিৰ ন্যাসৰ সূত্ৰই জনোৱা মতে, সেই বাঢ়নীৰ ওজন প্রায় দুই কিলোগ্রাম।

এই বাঢ়নীডাল ৰাম ভক্তসকলৰ সংগঠন ‘অখিল ভাৰতীয় মাংগ সমাজ’ৰ তৰফৰ পৰা ৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসলৈ প্রেৰণ কৰা হৈছে। ভক্তসকলৰ তৰফৰ পৰা বাঢ়নীটো যাতে মন্দিৰৰ গর্ভগৃহ পৰিষ্কাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

এটা ভিডিঅ’ত দেখা গৈছে, কাচৰ বাকচত ৰখা উক্ত বাঢ়নীডাল ভক্তসকলে মূৰত তুলি আনিছে। ফুলৰ মালাৰে সজোৱা আছে সেই বাকচ। সূত্রই জনোৱা মতে, বাঢ়নীৰ প্রকৃত ওজন এক কেজি ৭৫১ গ্রাম।

দেশৰ বিভিন্ন ৰাজ্যতো বাদেই,বিদেশৰ পৰাও উপহাৰ আহিছে। সোণ-ৰূপৰ পাদুকাৰ পৰা আবম্ভ কবি অষ্টধাতুব ঘণ্টা, মৰেছমৰ বস্ত্র, ঘড়ী, চুড়ি, গহনা আদি একোৱিই বাদ পৰা নাই। খাদ্যবস্তুও উপহাৰৰ তালিকাত আছে।

আনকি কুতুব মিনাৰৰ অর্ধেক উচ্চতাৰ পেল্লাই ধূপকাঠীও আহিছে গুজৰাটৰ পৰা। তদুপৰি পাঁচ হেজাৰ আমেৰিকান হীৰা আৰু দুই কেজি ৰূপৰে তৈয়াৰী এডাল হাৰ প্ৰেৰণ কৰিছে ছুৰাটৰ এজন ব্যৱসায়ীয়ে। সেই হাৰৰ লকেটটো অবিকল ৰাম মন্দিৰৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। হাৰৰ মালাৰ অংশত খোদাই কৰা আছে ৰামায়ণৰ বিভিন্ন চৰিত্ৰ।

উল্লেখ্য যে,উত্তৰ প্রদেশত সম্প্রতি প্ৰৱল শীত। তৎসত্ত্বেও ভক্তৰ সমাগম কম হোৱা নাই। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, অহা বুধবাৰ পৰ্যন্ত উত্তৰপ্ৰদেশৰ বিস্তীর্ণ অঞ্চল ঘন কুঁৱলীৰে ঢাক খাই থাকিব ৷

আনহাতে ভক্তৰ দৰ্শনৰ বাবে মন্দিৰৰ দ্বাৰ এই দিনকেইটাত হাড় কঁপোৱা শীতকো আওকাণ কৰি ভক্তসকলে পুৱতি নিশাৰ পৰাই মন্দিৰৰ সন্মুখত শাৰী পুৰাই আছে ।

৩১ জানুৱাৰীৰ পৰা মন্দিৰ কর্তৃপক্ষৰ নতুন সময় অনুসৰি, ৰামলালা মূৰ্তিৰ শৃংগাৰ আৰতি আৰম্ভ হয় পুৱা ৪-৩০ বজাৰ পৰা। মংগল প্রার্থনা কবা হ’ব পুৱা ছয় বজাত। তাৰ পাছত পুৱা সাত বজাৰ পৰা মুকলি কৰি দিয়া হয়।

Exit mobile version