IMD Has Predicted Rainfall Over Assam and Other Northeast States During January 31 to February 2:৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ ভিতৰত অসম সহ উত্তৰ-পূবৰ বতৰৰ ৰিৰ্পট IMD ৰ

imd weather report

IMD Has Predicted Rainfall Over Assam and Other Northeast States During January 31 to February 2:

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহত বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি ভৱিষ্যদ্বাণী কৰে।

মঙলবাৰে আইএমডিয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে অসম , মেঘালয়, ছিকিম নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত মেঘে আবৰি ধৰা বাটে বৰষুণৰ সম্ভাৱনা অতি বেছি।

একেদৰে অহা সাত দিন (৩০ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ) অৰুণাচল প্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ লগতে তুষাৰপাতৰ সম্ভাৱনা আছে ।

আনহাতে ৩১ জানুৱাৰী আৰু ২ ফেব্ৰুৱাৰীত হিমালয়ান ৰাজ্য কেইখনৰ লগতে পশ্চিম বংগ আৰু ছিকিমৰ ওপৰত ব শিলাবৃষ্টিৰ সম্ভাৱনা।

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (আৰ এম চি),ৰ ৪ দিনীয়া বতৰৰ পূৰ্বাভাস এনেধৰণৰ:-

৩০ আৰু ৩১ জানুৱাৰী: এই দুইদিনত নূন্যতম তাপমাত্ৰা ১১°, সৰ্বোচ্চ তাপমাত্ৰা ২৬° চেলছিয়াছ; ৰাতিপুৱা কুঁৱলী থাকিব যদিও পিছত আংশিকভাৱে ডাৱৰীয়া হ’ব আকাশ।

১ ফেব্ৰুৱাৰী: নূন্যতম তাপমাত্রা ১২০, সর্বোচ্চ তাপমাত্রা ২৪° চেলছিয়াছ; আকাশ ডাৱৰীয়া হ’ব ৷ কিছু মজলীয়া বৰষুণ দিব পাৰে ।

২ ফেব্ৰুৱাৰী: নূন্যতম তাপমাত্রা ১৩°, সর্বোচ্চ তাপমাত্রা ২৩° চেলছিয়াছ; আংশিকভাৱে বতৰ ডাৱৰীয়া থাকিব যদিও বজ্রপাতৰ সৈতে দিব পাৰে মূষলধাৰ বৃষ্টিপাত ৷

Exit mobile version