Pakistan Election Result 2024:ইমৰানৰ যাদুত ওলোমা সংসদ পাকিস্তানত

নিজে নিষিদ্ধ, দল নিষিদ্ধ, প্রতীক নিষিদ্ধ সত্ত্বেও, পিটিআইৰ অনুগামী নির্দলীয় প্ৰাৰ্থীৰ বিজয়ধ্বজা, পাক সেনাৰ মন্ত্ৰণাক্ৰমে পিএমএল-এন- পিপিপিয়ে মিলি চৰকাৰ গঠনৰ দাবী শ্বৰীফৰ, জেনেৰেল এচেম্বলিৰ মুঠ আসন ৩৬৬: ২৬৬আসনৰ বাবে নিৰ্বাচন, ফলাফল ঘোষিতৰ পিছত পিটিআই ৯৯, পিএমএল-এন ৭৩, পিপিপি ৫২খনত জয়ী মনোনিত সদস্যৰ সংখ্যা ৭০,মহিলাৰ বাবে সংৰক্ষিত ৬০,সংখ্যালঘুৰ বাবে সংৰক্ষিত ১০, চৰকাৰ গঠনৰ বাবে মেজিক সংখ্যা ১৬৯ স্পর্শ কৰিবলৈ তৎপৰতা

pak 2

Pakistan Election Result 2024:

নিজৰ লগতে দল আৰু প্রতীক নিষিদ্ধ হোৱা সত্ত্বেও কাৰাগাৰৰ পৰাই জনপ্রিয়তাৰ প্রমাণ দিলে চুবুৰীয়া দেশ পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী তথা প্ৰখ্যাত ক্ৰিকেটাৰ পাকিস্তান তেহৰিক- ই -ইনছাফ(পিটিআই)ৰ মুৰব্বী ইমৰান খানে

শুক্ৰবাৰে পাকিস্তানৰ সাধাৰণ নির্বাচনৰ ফলাফলত পিটিআই সমর্থিত নির্দলীয় প্রার্থীসকলে চৌদিশে বিজয় ধ্বজা উৰুৱাই পাকিস্তানত ইমৰান খানৰ আধিপত্য প্ৰতিপন্ন কৰিলে ৷

লক্ষ্যণীয় যে পাকিস্তানৰ সংসদৰ ২৬৬খন আসনৰ ভিতৰত পি টি আই (ইমৰান)ৰ অনুগামী নির্দলীয় প্রার্থীয়ে দখল কৰে সর্বাধিক সংখ্যক ৯৯খন আসন। দুপৰ নিশা পর্যন্ত ঘোষিত আটাইকেইখন আসনৰ ভিতৰত ইমবান খানৰ অনুগামী নিদৰ্লীয়ই সর্বাধিক সংখ্যক আসন লাভ কৰাৰ বিপৰীতে আন এজন প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ পিএমএল-এন-এই ৭৩খন আসন, বিলাৱল ভূট্টোৰ দল পিপিপিয়ে ৫২খন আৰু অন্যান্য দলে(এম ক্ৰিউ এম-২৭,পিএমএল-৩,আইপিপি-২,জেইউআই-২,এম ডব্লিউ এম -১,বিএনপি-১,পিএম এল জেড-১)২৮খন আসন দখল কৰে।

লক্ষ্যণীয় যে কাৰাৰুদ্ধ ইমাৰান খানে নিৰ্বাচনৰ পূৰ্বে প্ৰত্যাহ্বান জনাইছিল যে পাকিস্তানৰ জনতা তেওঁৰ দলৰ প্ৰতি আকৃষ্ট। আজি পুৱতি নিশা ঘোষিত চুড়ান্ত নির্বাচনী ফলাফলত সেই কথাই যেন সত্য প্রমাণিত হ’ল। অৱশ্যে নিৰ্বাচনত ইমৰান খানে নিজে নিষিদ্ধ হৈ থকাৰ উপৰি দল আৰু দলৰ প্রতীকো নিষিদ্ধ হৈ থকাৰ সূত্রে দলৰ অনুগামীসকল নির্দলীয় প্রার্থীৰূপে বিজয়ী হোৱাৰ পাছতো চৰকাৰ গঠন প্ৰক্ৰিয়াক লৈ জটিলতাৰ সম্মুখীন হৈছে পিটিআইৰ অনুগামীসকল।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ শুক্ৰবাৰৰ পৰা আজি পুৱতি নিশা পৰ্যন্ত ভোট গণনাত ঘোষিত ফলাফল অনুসৰি কোনো এটা দলেই চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। সেই সূত্রে নির্দলীয় প্রার্থীসকলৰ সমৰ্থন লৈ পাকিস্তানত চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ উঠিছে নৱাজ শ্বৰীফ আৰু বিলাৱল ভুট্টোৱে।

ইফালে, পাকিস্তান ওলমা সংসদৰ ইংগিত স্পষ্ট হৈ উঠাৰ সময়তে পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফে শুক্ৰবাৰে নিশা দাবী কৰিছে যে তেওঁৰ দলে একক বৃহৎ দল ৰূপে চিহ্নিত হৈছে আৰু সেয়েহে পাকিস্তানত নতুন চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে তেওঁৰ দলে কিমানখন আসন লাভ কৰিছে সেই কথা তেওঁ নিজেই প্রকাশ কৰা নাই।

শ্বৰীফৰ ‘পাকিস্তান মুছলিম লীগ-নবাজ’ (পিএমএলএন)-এ ৭৩ খন আসন দখল কৰাৰ পাছতে চৰকাৰ গঠনৰ বাবে প্রস্তুতি চলোৱা বুলি দাবী কৰিছে যদিও পাকিস্তানত চৰকাৰ গঠনৰ বাবে ‘যাদুকৰী সংখ্যা’ ১৩৪ স্পৰ্শ কৰিবলৈ তেওঁৰ দল বহুদূৰতে ৰৈছে। তাৰ মাজতো শ্বৰীফে দাবী কৰিছে যে তেওঁৰ দলে চৰকাৰ গঠনৰ বাবে অকলে আসন লাভ নকৰিলেও তেওঁৰ দলৰ জ্যেষ্ঠ নেতাসকলে আন বিভিন্ন দলৰ স’তে সম্মিলিত চৰকাৰ গঠনৰ বাবে আলোচনা আৰম্ভ কৰিছে।

লক্ষ্যণীয় যে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্বীফ আলী জর্দাৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভূট্টোৰ পুত্র বিলাৱলৰ পাকিস্তান পিপ’লছ পার্টি (পিপিপি)ৰ স’তেও সমর্থন আদায়ৰ বাবে যোগাযোগ কৰা হৈছে বুলি শ্বৰীফে ব্যক্ত কৰে।

শ্বৰীফে এইবুলিও দাবী কৰে যে ইতিমধ্যে বিজয়ী হোৱা বহুসংখ্যক নির্দলীয় প্রার্থীয়ে তেওঁৰ স’তে যোগাযোগ কৰিছে। নির্দলীয় প্রার্থীসকলে এইবুলিও প্রতিশ্রুতি দিছে যে তেওঁলোকে সংবিধান মানি ৭২ ঘণ্টাৰ ভিতৰত পিএমএলএনত যোগদান কৰিব।

মনকৰিবলগীয়া যে,পাকিস্তানত কোন দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৩৪ যাদুকৰী সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইমৰানৰ পিটিআইৰ অনুগামীসকলে সংখ্যাৰ দিশেৰে সৰ্বাধিক সংখ্যক আসন লাভ কৰিছে যদিও তেওঁলোক যিহেতু নির্দলীয় সেয়েহে চৰকাৰ গঠনৰ বাবে যোগ্য নহয়।

নির্দলীয়সকলে চৰকাৰ গঠনৰ বাবে আন কোনো দলক সমর্থন দিব লাগিব। স্বাভাৱিকতে পাকিস্তানৰ ৰাজনীতিত এই কথা স্পষ্ট হৈ উঠিছে যে নৱাজ শ্বৰীফ অথবা পিপিপি প্রধান বিলাৱল ভূট্টোৰ মাজত যিজনে নির্দলীয় সাংসদৰ সমর্থন আদায় কৰিবলৈ সক্ষম হ’ব তেওঁৱে প্রধানমন্ত্রী হোৱাৰ সুযোগ লাভ কৰিব।

নৱাজ শ্বৰীফে এই কথাও দাবী কৰিছে যে নির্দলীয়ভাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা প্রার্থীসকলে যিহেতু এতিয়া কোনো দলৰ সদস্য বুলি দাবী কৰিব নোৱাৰে সেয়েহে নিৰ্বাচনত নিষিদ্ধ পিটিআই অর্থাৎ ইমৰান খানৰ দলটোৱে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰিত হ’ব বুলি ক’ব নোৱাৰি।

সেয়েহে পাকিস্তানৰ ৰাজনীতিত পৰৱৰ্তী প্রধানমন্ত্রী কোন অধিষ্ঠিত হয় সেয়া এতিয়াও ধূসৰ হৈয়ে ৰৈছে । তথাপিও পাকিস্তানৰ ৰাজনীতিত সদায় আঁৰত থাকি চৰকাৰক ষ্টাম্প ৰূপে ব্যৱহাৰ কৰা পাকিস্তানী সেনাই আওপকীয়াকৈ ইতিমধ্যে চৰকাৰ গঠনৰ বাবে সেউজ সংকেত দিছে নৱাজ শ্বৰীফৰ পিএমএলএন আৰু পিপিপি প্রধান বিলাৱল ভূট্টোক ৷

Exit mobile version