Union Home Ministry Has Issued a Notification On Three New Bills:
অৱশেষত দেশত তিনিখন নতুন বিলক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা ৷
ADVERTISEMENT
ভাৰত গেজেটত জাৰি কৰা অধিসূচনা অনুসৰি এক জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩ ,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ আইন কেইখন দেশত কাৰ্যকৰী হ’ব ৷
উল্লেখ্য যে, সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত গৃহমন্ত্ৰী অমিত শ্বাহে উল্লিখিত বিল কেইখন সংসদত উদ্থাপন কৰিছিল আৰু সংসদত গৃহীত হৈছিল বিল তিনিখন।