Pankaj Udhas Passes Away: প্ৰসিদ্ধ গজল গায়ক পদ্মশ্রী পংকজ উধাসৰ দেহাৱসান

দীর্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী, ৭২ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ

pankaj udash

Pankaj Udhas Passes Away:

মুম্বাইত ৭২ বছৰ বয়সত সোমবাৰে দেহাৱসান ঘটে প্ৰখ্যাত গজল গায়ক পদ্মশ্ৰী পংকজ উধাসৰ। প্ৰাপ্ত খবৰ অনুসৰি দীৰ্ঘদিন ধৰি তেওঁ শাৰিৰীকভাৱে অসুস্থ হৈ আছিল। ছ’চিয়েল মিডিয়াত এই খবৰটো নিশ্চিত কৰিছে উধাসৰ কন্যা নয়াব উধাসে। পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি ‘চিঠি আয়ে হায় আৰু ‘ঔৰ আহিষ্ট কিজিয়ে বাটেইনৰ গায়ক গৰাকীয়ে আজি পুৱা প্ৰায় ১১ বজাত মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মঙলবাৰে গজল সম্ৰাট গৰাকীৰ শেষকৃত্য সম্পন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব ।

“অতি গধুৰ হৃদয়েৰে দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ২৬ ফেব্ৰুৱাৰীত পদ্মশ্ৰী পংকজ উধাছৰ দুখজনক মৃত্যুৰ কথা আপোনালোকক জনাবলৈ পাই আমি দুখী হৈছো,” পৰিয়ালৰ পৰা এক টুইটৰ জৰিয়তে তেওঁৰ এই মৃত্যুৰ বিষয়ে অৱগত কৰে।

আনহাতে ,প্ৰথিতযশা গজল সম্ৰাট গৰাকীৰ বিয়োগৰএই খবৰটোৱে মায়ানগৰী বলিউদৰ অভিনয় জগতক স্তম্ভিত কৰি তুলিছে । উল্লেখ্য তেওঁৰ মৃত্যুত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰাসকলৰ ভিতৰত কণ্ঠশিল্পী চনু নিগম অন্যতম।

উল্লেখযোগ্য যে, পংকজ উধাসৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত- ‘চিট্ঠি আয়ী হে’, ‘ঔৰ আহিষ্টা কিজিয়ে বাটে’, ‘জীয়ে তো জীয়ে কেইছে’, ‘না কজৰে কি ধাৰ’ আদি অন্যতম। তেওঁৰ কেইবাটাও মিউজিক এলবাম মুক্তি পাইছে। পংকজ উধাসে সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবে ২০০৬ ত ভাৰত চৰকাৰে আগবঢ়াইছিল অসামৰিক সন্মান পদ্মশ্ৰী।

উল্লেখযোগ্য,গুজৰাটত এক সংগীতপ্ৰেমী পৰিয়ালত জন্মগ্ৰহণ কৰা উধাছে কম বয়সতে ভাতৃদ্বয়ৰ সৈতে ৰাজকোট সংগীত একাডেমীত নামভৰ্তি কৰে। পিছলৈ তেওঁ গুলাম কাদিৰ খান চাহাবৰ পৰা হিন্দুস্তানী কণ্ঠ শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰে আৰু শেষত গোৱালিয়ৰ ঘৰানাৰ গায়ক নৱৰাং নাগপুৰকাৰৰ অধীনত প্ৰশিক্ষণ ল’বলৈ মুম্বাইলৈ গুচি যায়।

আনহাতে তেওঁৰ প্ৰথম মঞ্চ অভিনয় আছিল ভাৰত-চীন যুদ্ধৰ সময়ত আয়ে মেৰে ৱাটান কে লগ’ৰ পৰিবেশন । তেওঁৰ প্ৰথম গীতৰ কেছেট আছিল ১৯৭২ চনত কে চেটাৰ্জীয়ে পৰিচালিত ছবি কামনাত।

সুদীৰ্ঘ বহুবছৰ ধৰি উধাছে পঞ্চাশটাতকৈও অধিক এলবাম আৰু অগণন সংকলন মুকলি কৰিছে। তেওঁ বহু হিন্দী ছবিত নিজৰ কণ্ঠদান কৰিছিল ৷ জনপ্ৰিয় কথাছবি কেইখন হ’ল — নাম, সাজন আৰু মহৰাকে ধৰি।

একেদৰে বিভিন্ন গজল অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তে প্লেবেক গায়ক হিচাপে তেওঁৰ শেহতীয়া গীতটো আছিল ২০১৬ চনৰ ছবি’ দিল তোহ দীৱানা হায় ।

Exit mobile version