Opposition Unity Forum Failed in the Assam:ৰাজ্যত থানবান বিৰোধী ঐক্য !

ইটোৰ পিছত সিটোকৈ দলে এৰিলে বিৰোধী ঐক্য মঞ্চ, আপে ইতিমধ্যে ঘোষ কৰিছিল তিনি প্ৰাৰ্থীৰ নাম, যোৰহাটত প্রার্থী ঘোষণা চিপিআইৰ, তৃণমূলেও প্রার্থিত্ব দিব চাৰি সমষ্টিত !

opposition party

Opposition Unity Forum Failed in the Assam:

ৰাজ্যৰ বিৰোধী ঐক্যত ছিৰালফাট ৷ ইটোৰ পিছত সিটোকৈ দলে এৰিলে বিৰোধী ঐক্য মঞ্চ ৷ অসমৰ ঐক্যবদ্ধ বিৰোধী মঞ্চই আসন বুজাবুজি চূড়ান্ত কৰাৰ পূৰ্বেই প্রার্থী ঘোষণা কৰিলে চিপিআই-এ ৷

ইপিনে, মঞ্চৰ অংশীদাৰ আন এটা দল অসম তৃণমূল কংগ্রেছেও নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা আৰু প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাক লৈ বুধবাৰে চিপিআইৰ মহানগৰীৰ ৰাজগড়স্থিত ৰাজ্যিক কার্যালয়ত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়।

ইয়াত দলৰ ৰাষ্ট্ৰীয় সমিতিৰ প্রতিনিধি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় সম্পাদক পল্লর সেন। অসমৰো তত্ত্বাৱধায়কৰ দায়িত্বত থকা সেনে সভাত ৰাষ্ট্রীয় নেতৃত্বই অসমৰ এটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ গ্রহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। সেই অনুসৰি, দলৰ সাংগঠনিক দিশবোৰ পৰ্যালোচনা কৰি যোৰহাট লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে দলৰ অসমৰ সম্পাদক কনক গগৈক প্রার্থী হিচাপে প্ৰক্ষেপৰ সিদ্ধান্তও চূড়ান্ত কৰা হয়।

উল্লেখ্য যে ,যোৰহাট সমষ্টিত বিৰোধী মঞ্চৰ প্রার্থী কোন হ’ব তাকে লৈ দীর্ঘদিন চর্চা চলি আহিছে। যোৰহাটত কংগ্ৰেছে প্রতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। আনকি দলৰ প্রার্থী সাংসদ গৌৰৱ গগৈ হ’ব বুলিও চর্চা তুংগত আছে। এনে সময়তে চিপিআয়ে নিজাকৈ প্রার্থী ঘোষণা কৰাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে।

অৱশ্যে সভাত সিদ্ধান্ত লোৱা হয় যে যোৰহাটৰ বাদে ৰাজ্যৰ আন ১৩ টা সমষ্টিত চিপিআয়ে ঐক্যবদ্ধ বিৰোধী মঞ্চৰ প্ৰাৰ্থীক সমর্থন জনাব। ইপিনে, যোৱা নিশা অসম তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত তৃণমূল কংগ্রেছৰ জ্যেষ্ঠ কেন্দ্রীয় নেতা ডেৰেক অ’ব্রায়ানৰ উপস্থিতিত এখন আন্তঃদলীয় বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়।

এই বৈঠকত কংগ্ৰেছৰ লগত মিলি নকৰিবলৈ সিদ্ধান্ত লোৱা হয়। দলটোক অবিশ্বাসৰ বাতাবৰণে ঘেৰি ধৰা, কোনো স্পষ্ট স্থিতি নথকা আদি কাৰণতে অসম তৃণমূল কংগ্ৰেছে কৰিমগঞ্জ, কোকৰাঝাৰ, ধুবুৰী আৰু লখিমপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লয়।

গুৱাহাটী মহানগৰ জিলা তৃণমূল কংগ্রেছৰ এখন বর্ধিত কার্যনির্বাহক সভাত অংশগ্রহণ কৰি দলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে কয় যে তেওঁলোকে অসমত নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব। তাৰ বাবে চাৰিটা সমষ্টিৰ নাম চূড়ান্ত কৰি কেন্দ্রীয় কমিটীলৈ প্ৰেৰণ কৰিছে।

দেৱে কয়, ‘আমি কাৰোবাৰ ভোট কাটিবলৈ নির্বাচন নেখেলো। আমি জিকিবলৈ নির্বাচন খেলিম। খুঁজি খুঁজি নিৰ্বাচন জিকাই আমাৰ শ্ল’গান। আমি এইকাৰণেই এককভাৱে নির্বাচন খেলিম। কংগ্রেছ এটা বিভ্রান্তিত থকা দল। তেওঁলোকে আজি এটা কথা কয়, কালি আন এটা কথা কয়। আকৌ কংগ্রেছ দলটো নির্বাচনৰ সময়লৈ কিমান থকিব তাকে লৈও প্রশ্ন আহে; কিন্তু তৃণমূল কংগ্রেছ থাকিব। য’ত য’ত আমাৰ সংগঠন আছে, তাতে আমি নির্বাচন খেলিম।’

প্রসংগক্রমে উল্লেখ্য যে ইতিমধ্যে আম আদমী পার্টিয়েও তিনিটা সমষ্টিত নিজাকৈ প্রার্থী প্রক্ষেপ কৰিছে। দলটোৰ তিনি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবহি আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়াল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে ৷ ডিব্ৰুগড়ত এক বিশাল সভাত সম্বোধন কৰি দিল্লী -পঞ্জাৱৰ মুখ্যমন্ত্ৰীদ্বয়ে ৷

Exit mobile version