Water Crisis in Guwahati:গুৱাহাটীত গভীৰ জলসংকটৰ বিপদঘণ্টা

উদ্বেগজনক হাৰত নামিছে ভূ-গর্ভস্থ জলস্তৰ , অৰ্থসংকটাপূর্ণ বুলি চিনাক্ত কেন্দ্রীয় - ভূ-গর্ভস্থ জল ব'ৰ্ডৰ, জনসংখ্যা বৃদ্ধিৰ পৰিণতিত প্ৰতিদিনে বাঢ়িছে পানীৰ চাহিদা, জধেমধে গঢ়ি উঠা এপাৰ্টমেণ্টে কঢ়িয়াইছে সংকটৰ

wate rcrisis

Water Crisis in Guwahati:

চুবুৰীয়া ৰাষ্ট্র চীনে উৎসতে দিয়া বান্ধৰ ফলত এফালে যিদৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্রুতগতিত নিম্নগামী হৈছে, অনুরূপ ধৰণে গুৱাহাটী মহানগৰীৰ ভূ-গর্ভস্থ জলৰাশিৰ স্তৰ ক্ৰমাৎ নিম্নমুখী হোৱাৰ পৰিণতিত মহানগৰবাসীলৈ নামি আহিছে জলসংকটৰ অশনি সংকেত।

কেন্দ্রীয় ভূ-গর্ভস্থ জল ব’র্ড (চিজিডব্লিউবি)-এ প্রকাশ কৰা তথ্য অনুসৰি গুৱাহাটীত ভূ-গর্ভস্থ জলৰাশিৰ স্তৰ ক্রমশঃ নিম্নগামী হৈ হৈ সম্প্রতি অর্ধসংকটৰ সম্মুখীন হোৱা বুলি চিহ্নিত কৰা হৈছে। জল ব’র্ডে প্রকাশ কৰা মতে, গুৱাহাটীত এতিয়ালৈকে ভূ-গর্ভস্থ জলৰাশি মূলতঃ ঘৰুৱা ব্যৱহাৰ আৰু জলসিঞ্চনতে সর্বাধিক ব্যয় হোৱাৰ বিপৰীতে কিছু পৰিমাণৰ পানী ব্যয় হয় উদ্যোগ খণ্ডত।

চিজিডব্লিউবিৰ তথ্য মতে, ২০২২ত প্ৰথমবাৰলৈ গুৱাহাটীৰ ভূ-গর্ভস্থ জলপৃষ্ঠ সংকটৰ দিশে অগ্ৰসৰ হৈছিল আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে মুঠেও উন্নত হোৱা নাই পৰিস্থিতি। চলিত বৰ্ষৰ আৰম্ভণিতে চিজিডব্লিউবি-এ চলোৱা অধ্যয়নত উন্মোচিত হৈছে গুৱাহাটীৰ ভূ-গর্ভস্থ জলৰাশিয়ে অর্ধসংকটপূর্ণ পৰিস্থিতিৰ সম্মুখীন হোৱাৰ তথ্য।

লক্ষ্যণীয় যে গুৱাহাটীৰ মাজমজিয়াৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছে যদিও খৰালি কালত ব্ৰহ্মপুত্ৰৰ বুকুতো বালিচৰ পৰাৰ দৃশ্য সুলভ হৈছে। স্বাভাৱিকতে লুইতৰ তলি উদং হোৱাৰ সমান্তৰালকৈ গুৱাহাটীৰ ভূ-গর্ভস্থ জলৰাশি গুৱাহাটীত দিনে দিনে নিম্নগামী হ’বলৈ ধৰিছে। মহানগৰীখনত ভূ-গর্ভস্থ জলস্তৰ যিটো হাৰত নিম্নগামী হ’বলৈ ধৰিছে এই ধাৰা অব্যাহত থাকিলে ২০৩০ৰ ভিতৰত গুৱাহাটীত ভূ-গর্ভস্থ জলস্তৰে সংকটৰ পৰ্যায়লৈ পর্যবসিত হ’ব পাৰে।

লক্ষ্যণীয় যে মহানগৰীখনত ইতিমধ্যে আৰম্ভ হৈছে তীব্র জলসংকট। চিজিডব্লিউবিৰ তথ্য মতে, গুৱাহাটীত ২০০১৩ মুঠ পৰিয়ালৰ বিপৰীতে প্ৰয়োজনীয় পানীৰ পৰিমাণ আছিল দৈনিক ২৫ নিযুত গেলন (এমজিডি), ২০১১ত এই পৰিমাণ বৃদ্ধি পাই প্রায় ৬০ এমজিডিলৈ। আকৌ ২০২১৩ অর্থাৎ ১০ বছৰৰ মূৰত পানীৰ চাহিদা উর্ধ্বগামী হয় ৮০ এমজিডিলৈ। এই ধাৰা অব্যাহত থাকিলে ২০৩১ত পানীৰ চাহিদা বৃদ্ধি পাব কমেও ১২০ এমজিডিলৈ। একেদৰে ২০৪১লৈ গুৱাহাটীত পানীৰ চাহিদা বাঢ়িব পাৰে ১৬০ এমজিডিলৈ।

প্রসংগত উল্লেখ্য যে গুৱাহাটীত জনসংখ্যা বৃদ্ধিৰ সূত্রে অতিমাত্ৰা হাৰত প্ৰয়োজন হোৱা পানীৰ চাহিদা পূৰ কৰিবলৈ একমাত্র বিকল্প হিচাপে ভূ-গর্ভস্থ জলৰাশিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। স্বাভাৱিকতে ক্রমবর্ধমান প্রয়োজনীয়তাৰ সূত্রে গুৱাহাটীত ভূ-গর্ভস্থ জলস্তৰে অর্ধসংকটৰ সন্মুখীন হৈছে। উল্লেখ্য যে গুৱাহাটীত ২০১০৩ জনসংখ্যা ১২,৪৪,৭১৩ জনৰ বিপৰীতে ২০২০ত জনসংখ্যা বাঢ়িছিল ১৮,০৫,১৬৩ জনলৈ। চৰকাৰী পৰিসংখ্যা মতে, জনসংখ্যাৰ এই হাৰ ২০২৫লৈ ২১,৭৩,৯০২ লৈ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

জনসংখ্যা বৃদ্ধিৰ লগে লগে গুৱাহাটীত দৈনিক প্রয়োজন হৈছে ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ; কিন্তু গুৱাহাটী পৌৰ নিগমকে ধৰি বিভিন্ন চৰকাৰী সংস্থাই মহানগৰবাসীক যোগান ধৰিছে ৭২.৪০ নিযুত লিটাৰ পানীহে। ইয়াৰ বিপৰীতে আন ২৫৬ নিযুত লিটাৰ পানীৰ প্ৰয়োজন পূৰ কৰা হৈছে একমাত্র ভূ-গর্ভস্থ জলবাশিৰে।

ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ পানী ব্যৱহাৰ কৰি গুৱাহাটীত পানী যোগানৰ বাবে বৃহৎ আঁচনি কে’বাবছৰ পূৰ্বে গ্রহণ কৰিছিল যদিও আজিলৈকে এই আঁচনিসমূহৰ অধিকাংশই নির্মাণ সম্পূর্ণ হৈ নুঠাত ভূ-গর্ভস্থ জলৰাশিয়েই গুৱাহাটীবাসীৰ বাবে একমাত্র বিকল্প হৈ ৰৈছে। পৰিণতিত ক্ৰমাৎ নিম্নমুখী হ’বলৈ ধৰিছে ভূ-গর্ভস্থৰ জলস্তৰ।

Exit mobile version