BJP held an Important Meeting at State BJP Office:ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

BJP held an Important Meeting at State BJP Office:ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক উপস্থিত মুখ্যমন্ত্ৰী,ৰাজ্যিক সভাপতি সহ দলীয় প্ৰাৰ্থী,বিধায়ক সকল

bjp stste office

BJP held an Important Meeting at State BJP Office:

আজি বিয়লী নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ প্ৰাকমুহূৰ্তত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ এক গুৰুত্বপূৰ্ণ সভা। সভাত উপস্থিত থাকে ৰাজ্যি বিজে সভাপতি সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ সকলো বিষয়ববীয়া ।

একেদৰে সভা খনত উপস্থিত থাকে লোকসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী ক্ৰমে সৰ্বানন্দ সোণোৱাল,বিজুলী কলিতা মেধি, ৰঞ্জিত দত্ত, পৰিপৰিমল শুক্লবৈদ্য,তপন গগৈ, প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা আটাই কেই গৰাকী প্ৰাৰ্থী ৷

আনহাতে হাই প্ৰফাইল বৈঠক খনত অংশ লয় বিজেপিৰ আটাইকেইগৰাকী বিধায়ক ৷
মুখ্যমন্ত্ৰী ড:শৰ্মাই আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰণনীতি সন্দৰ্ভত কেতবোৰ পৰামৰ্শ আগবঢ়াই ৷ সকলো বিধায়কে নিজ নিজ সমষ্টি সহ মিত্ৰ দলৰ বিধায়কৰ সমষ্টি আৰু বিৰোধী বিধায়কৰ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ চলোৱাৰ বাবে আহ্বান জনায়। চৰকাৰৰ ইতিমধ্যে লোৱা উন্নয়নমূলক কামকাজ সন্দৰ্ভত সুশৃংখলিত ভাৱে বিস্তৃত ব্যাখ্যা ৰাইজৰ ওচৰত দাঙি ধৰাৰো পৰামৰ্শ দিয়ে ৷

অসমৰ বিজেপিৰ প্ৰতি গৰাকী প্ৰাৰ্থীক জয়ী কৰাটো আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে,গেৰুৱা দলটোৱে অকলেই এইবাৰ নিৰ্বাচনত ৩৭০ অধিক আসন জয়ী কৰাৰ উদ্দেশ্যৰে দেশজুৰি আকাশ- বতাহ মুখৰিত কৰিছে ”অবকি বাৰ চাৰশ পাৰ” শ্ল’গান ৷ গুৰুত্ব পূৰ্ণ সভাখনত দলীয় প্ৰাৰ্থী আৰু বিধায়কৰ স’তে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে মতবিনিময় কৰে ৷

Exit mobile version