Gaurav Gogoi Campaigning in Mariani Tea Gardens:মৰিয়নিৰ বাগিছাই বাগিছাই গৌৰৱ গগৈৰ মাৰাথন নিৰ্বাচনী অভিযান

gurav gogoi 1

Gaurav Gogoi Campaigning in Mariani Tea Gardens:

সমাগত লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰাভিযানত উবুৰি খাই পৰিছে ৷

যোৰহাট লোকসভা সমষ্টিৰ শাসক আৰু বিৰোধী ঐক্যমঞ্চৰ দুই হাইপ্ৰফাইল প্ৰাৰ্থী বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈয়ে সংসদীয় সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

আনহাতে মৰিয়নিৰ বাগিছাই বাগিছাই গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷ মৰিয়নীৰ কে’বা খনো বাগিছাত আজি প্ৰাৰ্থী গৰাকী উপস্থিত হৈ বাগিছা লাইনৰ শ্ৰমিক সকলৰ স’তে মতবিনিময় কৰি বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ তেওঁ কয়, বৰ্তমান ৰাজ্য খনত এক ছিণ্ডিকেটৰ চৰকাৰ চলি আছে৷ বাগিছা সমূহ ব্যক্তিগত খণ্ডলৈ বিক্ৰী হৈছে বাগিচাৰ ৰাইজে পট্টাটো বাদেই ভূমিহীন হৈ যাব লাগিব তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। আগন্তুক নিৰ্বাচনত ৰাইজে বিজেপিক উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনাই ৷

উল্লেখ্য যে,কলিয়াবৰৰ সাংসদ গৰাকীয়ে সোমবাৰে যোৰহাট সংসদীয় সমষ্টিৰ অন্তগৰ্ত শিৱসাগৰ বহু কেই খন বাগিছাত উপস্থিত হৈ প্ৰচাৰ চলাই ৷ তেওঁ কয়,ৰাজতন্ত্ৰত এজন ৰজা থাকে। ৰজাৰ এটা মহল থাকে। কিছু মন্ত্রী থাকে। এই ৰজা আৰু মন্ত্ৰীয়ে নিজে বহি এটা সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তকে ৰাইজে মানিবলগীয়া হয়। যদি ৰাইজে ৰজাৰ এই আদেশ নামানে তেন্তে ৰজাই এনে প্ৰজাক কাৰাগাৰলৈ পঠাই দিয়ে। এয়া হ’ল বর্তমানৰ ৰাজতন্ত্র

নির্বাচন হ’ল আধুনিক লোকতন্ত্রৰ এটা গুৰুত্বপূর্ণ স্তম্ভ। লোকতন্ত্র হ’ল ৰাইজৰ ইচ্ছ্য প্রকাশ কৰাৰ এটা পৰিৱেশ। সেয়ে আজিৰ পৰিবেশ-পৰিস্থিতিত অসম আৰু ভাৰতৰ ৰাইজে সিদ্ধান্ত লব লাগিব যে ৰাইজে ৰাজতন্ত্র বিচাৰে নে লোকতন্ত্র বিচাৰে।’

শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভবনত সোমবাৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছ প্রার্থী গৌৰৱ গগৈয়ে এক সংবাদেমলত এইদৰে উল্লেখ কৰি লগতে কয়, ‘অসমৰ কথা ক’বলৈ গ’লে অসমৰ ৰাইজে ‘কা’ নামানে, ‘কা’ৰ বিৰুদ্ধে মাত মাতিলে ক’ৰবাত আৰক্ষীয়ে ধাৰা ১৪৪ লগাই দিছে বা জেললৈ পঠাই দিছে অথবা তেওঁলোকক ব্লেকমেইল কৰিছে।

‘কা’ মাত্র এটা উদাহৰণহে। বর্তমান সময়ত আমি লাহে লাহে স্বৈৰতন্ত্ৰৰ দিশলৈ যে গৈ আছো সেইটো অতিকৈ গুৰুত্বপূর্ণ।ৰাইজে যি ক’বলৈ আছে এতিয়াই ক’ব লাগিব। বর্তমান চীন আৰু ৰাছিয়াৰ দৰে। দেশ ৰাজতন্ত্রৰ দৰে হৈ পৰিছে। চীন দেশত বিৰোধী বুলি কোনো কথা নাই। কিন্তু আমি ভাৰতৰ মানুহে ভাৰতখনক চীন বা ৰাছিয়া হোৱাটো নিবিচাৰো, আমি ভাৰতক ভাৰত হৈ থকাটোহে বিচাৰো। যিহেতু ভাৰত হৈছে পৃথিৱীৰ ভিতৰত বৃহত্তম এখন গণতন্ত্রেৰ দেশ।’ তেওঁ কয় যে গণতন্ত্র হ’ল য’ত ৰাইজে নিজৰ উন্নয়ন, নিজৰ প্রগতি, নিজৰ সপোন, নিজৰ সমস্যাসমূহ কেনেদৰে নিজৰ ইচ্ছামতে সমাধান হোৱাটো ভাবে আৰু এই কথাবিলাক প্রকাশ কৰাটোৱেই হৈছে গণতন্ত্র। সেয়ে ৰাইজে নির্বাচিত কৰা চৰকাৰে ৰাইজৰ দাবী অনুসৰি কাম কৰে। ‘সেই কাৰণে আমি নিজকে ৰাইজৰ সেৱক’ বুলি কওঁ।

এয়া হৈছে ৰাজতন্ত্র আৰু গণতন্ত্ৰৰ মাজত পার্থক্য। স্বর্গদেউ চ্যাওলুং চ্যুকাফাই ৰাজতন্ত্রৰ জৰিয়তে বৰ অসম গঢ়িছিল যদিও স্বর্গদেরে ৰাজতন্ত্রৰ ভিতৰত লোকতন্ত্র প্রতিষ্ঠা কৰি থৈ গৈছিল। যাৰ বাবে ৰাজতন্ত্রত বাস কৰিও প্রজাই লোকতন্ত্রৰ কথা ক’বলৈ সুবিধা পাইছিল, কিন্তু বর্তমান সময়ত পৰিবেশ-পৰিস্থিতিত লোকতন্ত্র নহয় বৰঞ্চ ৰাজতন্ত্র চলি আছে।’ এইদৰে বর্তমান চৰকাৰক সমালোচনা কৰি গৌৰবে কয় যে শাসনৰ গাদীত বহি থকাগৰাকীয়ে নিজকে ৰাইজৰ সেৱক বুলি নহয় ৰাইজৰ ৰজা বুলিহে গণ্য কৰে।

সেয়ে বর্তমান সময়ত অসমৰ ৰাইজে সেৱক নে এজন ৰজাক বিচাৰে ইয়াক বিশ্লেষণ কৰিব লাগিব বুলি গৌৰৱে মন্তব্য কৰে। তেওঁ আৰু কয় যে যদি আমি বাস্তবিকভাবে কথাবিলাক চিন্তা কৰো তেন্তে নির্বাচনৰ পূর্বে ৰাইজৰ কথাবিলাক শুনিব আৰু বুজিবলৈ যত্ন কৰিব লাগে। তেওঁ কয়, ‘এতিয়ালৈকে প্রথম পর্যায়ৰ নির্বাচনলৈ ১৫-১৬ দিন আছে। এতিয়ালৈকে উজনি অসমৰ মূল মূল কি সমস্যা আছে আমি বিভিন্ন মঞ্চত শুনা পোৱা নাই। আন্তঃগাঁথনিৰ ক্ষেত্ৰত উজনিৰ ৰাইজে কি বিচাৰে, উজনিৰ ছাত্র সমাজে উজনি অসমৰ শৈক্ষিক প্রতিষ্ঠানসমূহক লৈ ৰাষ্ট্রীয় শিক্ষানীতিক লৈ নীট পৰীক্ষালৈ কি সুবিধা-অসুবিধাৰ সম্মুখীন হৈ আছে ইয়াৰ ওপৰত কোনেও আলোচনা কৰা নাই।’

অসমৰ চাহ বাগানবিলাক এটা ছিণ্ডিকেটৰ যোগেদি ক্ৰয় কৰা হৈছে চাহ বাগানৰ সন্দৰ্ভত প্রার্থীজনে কয়, ‘বর্তমান সময়ত অসমৰ চাহ বাগানবিলাক এটা ছিন্ডিকেটৰ যোগেদি ক্রয় কৰা হৈছে। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কিছু শক্তিশালী কেন্দ্রীয় মন্ত্রীৰ ঘনিষ্ঠই আজি অসমৰ বাগান ক্রয় কৰিছে, কিন্তু এই চাহ বাগানসমূহ চলাবলৈ নহয় বৰঞ্চ বাগানসমূহ বন্ধ কৰি বাগানত নিয়োজিত হৈ থকা শ্রমিকসকলক বাগানৰ পৰা খেদি তাৰ ঠাইত বেলেগ বেলেগ উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

এই বাগানসমূহ বন্ধ হৈ পৰাৰ লগে লগে ইয়াত নিয়োজিত হৈ থকা লাখ লাখ চাহ শ্রমিক খন্তেকতে কর্মহীন হৈ পৰাৰ সমান্তৰালভাৱে ভূমিহীন হৈ পৰিব। তেওঁলোকৰ পি এফ নাথাকিব, ৰেছন নাথাকিব, গ্রেছুবেটি নাথাকিব, এম্বুলেন্স নাথাকিব, স্কুল নাথাকিব, হাস্পতাল নাথাকিব। বাগান ক্রয় কৰি কোনো ৰাজনৈতিক নেতা ব্যক্তিগতভাবে লাভালাভ হ’ব, কিন্তু ইয়াৰ বিপৰীতে বাগানৰ শ্রমিকসকল, অসমৰ ৰাইজ লাভালাভ নহয়।’ তেওঁ পুনৰ কয়, ‘যিহেতু অসমৰ শ্রমিকসকলে মাটিৰ পট্টা বিচাৰে। যদি ঘৰ-ভূমি নাথাকে তেতিয়া ক’ত যাব এইসকল শ্রমিক।

ইতিমধ্যে বাগান ক্রয়-বিক্রয়ক লৈ এক ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈ আহিছে।’ এই কেলেংকাৰি এছবি আইৰ নির্বাচনী বণ্ডতকৈ অধিক ভয়ানক কেলেংকাৰি বুলি তেওঁ উল্লেখ কৰে। সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত তেওঁ কয় যে কিবা কাম কৰিবলৈ হ’লে জনগণৰ লগত আলোচনা কৰি কৰিলেহে সেই আঁচনি সফল ৰূপায়ণ হ’ব। কলিয়াবৰ সমষ্টিৰ সাংসদ হিচাপে দায়িত্ব পালন কৰোতে নিজা সাংসদ উন্নয়ন পুঁজিৰে ৩০ খন চাহ বাগানত এম্বুলেন্স দিবলগীয়াত পৰিছিল।

যিটো কাম চৰকাৰে নিজা পুঁজিৰে কৰিব লাগিছিল যদিও সেই কাম চৰকাৰৰ পুঁজিৰে নকৰাৰ বাবে ব্যক্তিগত সাংসদ পুঁজিৰে কৰিবলগীয়াত পৰিছে। চৰকাৰখনে জনগণৰ স্বাৰ্থত জনগণৰ উন্নয়নৰ বাবে যি আঁচনি হাতত ল’ব লাগে তেনে নকৰি নিজাববীয়াকৈ এক সিদ্ধান্ত গ্রহণ কৰি কামবিলাক কৰি অহাৰ ফলশ্রুতিত কামসমূহ বিফল হৈছে। তেওঁ কয়, ‘আনকি চৰকাৰে নতুন সংসদ ভৱন নির্মাণ কৰাৰ সময়ছোৱাটো বিৰোধী দলসমূহৰ পৰা কোনো মত নোলোৱাৰ ফলশ্রুতিত সংসদৰ ভিতৰত কেইজনমান যুৱকে প্রৱেশ কৰি এক অপ্রীতিকৰ পৰিবেশ সৃষ্টি কৰিবলৈ সুবিধা লাভ কৰিছিল।’

যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ জয়ী হ’লে সমষ্টিবাসী ৰাইজৰ মতক সম্মান জনাই সমষ্টিৰ উন্নয়নৰ স্বার্থত কাম কৰিম বুলি গগৈয়ে উল্লেখ কৰে ৷

Exit mobile version