National School of Drama Launches Book on Theatre:নেচনেল স্কুল অৱ ড্ৰামাত নাট্য বিষয়ৰ গ্ৰন্থ উন্মোচন

gaurav

National School of Drama Launches Book on Theatre:

গৌৰৱ কুমাৰ হাজৰিকা আৰু মূচ্চৰ্না মহন্তই ৰচনা আৰু অনুবাদ কৰা দুখন গ্ৰন্থ যোৱা ৩১ মাৰ্চত ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ, থিয়েটাৰ ইন এডুকেচন উইঙত অনুষ্ঠিত ‘দিক্ষাৰম্ভ পৰ্ব’ত উন্মোচন কৰা হয় ৷

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক চিত্তৰঞ্জন ত্ৰিপাঠী, উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ ড. প্ৰসন্ন গগৈ, ত্ৰিপুৰা চৰকাৰৰ সাংস্কৃতিক পৰামৰ্শদাতা সমিতিৰ উপাধ্যক্ষ সুব্ৰত চক্ৰৱৰ্তী, ত্ৰিপুৰাৰ সংগীত নাটক একাডেমীৰ নথিপত্ৰ কেন্দ্ৰৰ সঞ্চালক সৰ্বানী নন্দী, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ, থিয়েটাৰ ইন এডুকেচন উইঙৰ পৰিচালক বিপ্লৱ বৰকাকতি, নাট্য ব্যক্তিত্ব মনীষ ছাইনী, জ্যোতি নাৰায়ণ নাথ আৰু বহু নাট্যকৰ্মী বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৷

এই উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক চিত্তৰঞ্জন ত্ৰিপাঠীৰ তত্বাৱধানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ, থিয়েটাৰ ইন এডুকেচন উইঙৰ নতুন প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনোৱা হয় ৷ প্ৰতি বছৰে সমগ্ৰ ভাৰতৰ পৰা নিৰ্বাচিত ২০ জন প্ৰশিক্ষাৰ্থীক এবছৰৰ বাবে থিয়েটাৰ ইন এডুকেচনৰ প্ৰশিক্ষণ দিয়া হয় ৷

এইটো এটা আৱাসিক পাঠ্যক্ৰম৷ এই উপলক্ষে অসমৰ নগাঁও জিলাৰ দুই উদীয়মান শিল্পী গৌৰৱ কুমাৰ হাজৰিকা আৰু মূচ্চৰ্না মহন্তৰ দুখন গ্ৰন্থ ‘শিক্ষাত নাট্য আৰু নাটক’ আৰু ‘আগ’ষ্টো ব’আলৰ থিয়েটাৰ’ও উন্মোচন কৰা হয় ৷ এই পৰিপ্ৰেক্ষিতত চিত্তৰঞ্জন ত্ৰিপাঠীয়ে আশা প্ৰকাশ কৰে যে নাট্য বিষয়ক গ্ৰন্থৰ অত্যন্ত প্ৰয়োজন আছে আৰু নাট্য বিষয়ত দুখন গ্ৰন্থ একেলগে লিখাটো নিজৰ বাবেই এক বৃহৎ পদক্ষেপ ৷ বিপ্লৱ বৰকাকতিয়ে কয় যে ‘আগ’ষ্টো ব’আলৰ থিয়েটাৰ: সৰ্বমুঠ বিপ্লৱৰ আখৰা’ নামৰ গ্ৰন্থখনে নাট্যশিল্পী আৰু সমাজকৰ্মীসকলৰ মাজত আগ’ষ্টো ব’আলৰ নাট্য কৰ্মৰাজিৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰিব ৷

দ্বিতীয়টো ‘শিক্ষাত নাট্য আৰু নাটক’এ শিক্ষক আৰু নাট্যশিল্পীসকলক মূলতঃ শিশু থিয়েটাৰত কৌশল আৰু অনুশীলনসমূহ সন্নিৱিষ্ট কৰিবলৈ উৎসাহিত কৰিব৷ দুয়োখন গ্ৰন্থ সূত্ৰধাৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ৷ সূত্ৰধাৰ প্ৰকাশনে পাঁচ বছৰ সম্পূৰ্ণ কৰিলে ৷ এই সময়ছোৱাত শিল্প-সংস্কৃতিৰ সৈতে জড়িত গ্ৰন্থ প্ৰকাশৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷

লেখক আৰু অনুবাদক গৌৰৱ কুমাৰ হাজৰিকা আৰু মূচ্চৰ্না মহন্ত, দুয়োজনেই বহু বছৰ ধৰি শিল্প-সংস্কৃতিৰ ক্ষেত্ৰত শৈক্ষিকভাৱে কাম কৰি আহিছে আৰু দুয়োজনেই বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক ৷

Exit mobile version