Naba Kumar Saraniya:কোকৰাঝাৰত নির্বাচন খেলিব নোৱাৰিব নৱ শৰণীয়াই,দিব নোৱাৰিব মনোনয়ন পত্র

নৱ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল শৰণীয়াই

naba sarania

Naba Kumar Saraniya:

কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ অন্ত পৰাৰ দিশত ৷ কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই। নৱ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ অবৈধ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বৃহস্পতিবাৰে এই ৰায়দান দিয়ে ন্যায়ালয়ে ৷

উল্লেখ্য যে,কোকৰাঝাৰ সংসদীয় সমষ্টিৰ দুবাৰৰ সাংসদ আছিল নৱ কুমাৰ শৰণীয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ঘোষণা কৰাৰ ৰায়দান দিয়াৰ পিছত এইবাৰ সংসদীয় নিৰ্বাচনত দিব নোৱাৰিব মনোনয়ন পত্ৰ। অৱশে আন সমষ্টিত নিৰ্বাচন খেলিব পাৰিব শৰণীয়াই।

আনহাতে,নৱ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰদান কৰা ৰায়দান সম্পৰ্কত নৱ শৰণীয়াই কয়,আদালতৰ এই ৰায়দান মানি লৈছে ৷ ইতিমধ্যে পুনৰ বিবেচনাৰ বাবে ন্যায়ালয়ত আবেদন জনোৱা হ’ব ৷
কোকোৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিব ১৯ এপ্ৰিলত ৷ অৱশ্যে যদি ২০ এপ্ৰিলৰ মনোনয়নপত্ৰ পুনৰীক্ষণত তেওঁৰ মনোনয়ন নাকচ কৰে তেন্তে এই সন্দৰ্ভত কৰিবলগীয়া একো নাই বুলি মন্তব্য দিয়ে শৰণীয়াই ৷

ইপিনে,শৰণীয়া আদালতৰ ৰায়ৰ সন্দৰ্ভত তেওঁৰ শুভাকাংক্ষী- গুণমুগ্ধ আৰু তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়োৱা দল- সংগঠন স’তে এক বৈঠকত মিলিত হ’ব ৷

আনহাতে উচ্চ ন্যায়ালয়ে নৱ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ অবৈধ ঘোষণা কৰাৰ সন্দৰ্ভত বিটিআৰৰ মুৰব্বী প্রমোদ বড়োয়ে কয়, আদালতৰ এই ৰায়দান ঐতিহাসিক ৷ কিয়নো বিগত দহটা বছৰে অবড়ো ৰাইজক আভুৱাভাৰি শৰণীয়াই কোকোৰাঝাৰ সংসদীয় সমষ্টিৰ নিৰ্বাচনত বিজয়ী হৈ আহিছিল ৷

অনুসূচিত জনজাতি নোহোৱাকৈ অবৈধভাৱে ভূৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচন আয়োগৰ চকুত ধূলি দি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এইবাৰ তেওঁৰ ৰাজনৈতিক কেৰিয়া একপ্ৰকাৰ যতি পৰিল ৷ উচ্চ ন্যায়ালয়ৰ ৰায়দানক আমি আদৰণি জনাইছো ৷

Exit mobile version