ED:অবৈধ বিত্তীয় লেনদেনৰ গোচৰত ১০ বছৰত ৮৬ গুণ বৃদ্ধি ইডিৰ তালাচী

বিজেপিৰ শাসনত সর্বাধিক সক্রিয় হ'ল কেন্দ্ৰীয় বিত্তীয় তদন্তকাৰী সংস্থা

ed raid

ED:

অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত প্রবর্তক সঞ্চালকালয় (ইডি)ৰ তালাচী অভিযানৰ ঘটনা ২০১৪ৰ পূৰ্বৰ ন বছৰৰ তুলনাত বিগত ১০ বছৰত ৮৬ গুণ বৃদ্ধি পালে। এই একে সময়ছোৱাত তুলনামূলকভাবে কেন্দ্রীয় বিত্তীয় তদন্তকাৰী সংস্থাটোৰ দ্বাৰা গ্ৰেপ্তাৰ আৰু সম্পত্তিৰ বাজেয়াপ্তৰ ঘটনাও প্রায় ২৫ শতাংশ বৃদ্ধি পালে। পৰিসংখ্যা অনুসৰি জুলাইব ২০০৫ৰ পৰা মার্চ ২০১৪লৈকে ন বছৰৰ সময়ছোৱাৰ তুলনাত এপ্ৰিলৰ ২০১৪ৰ পৰা মার্চ ২০২৪ৰ সময়ছোৱাত দেশত ইডিৰ সক্রিয়তা সর্বাধিক হ’ল।

ইডিয়ে পিএমএলএৰ বিভিন্ন ধাৰাৰ অধীনত তদন্ত চলাই আহিছে। ভাৰতত ২০০২ বৰ্ষত পিএমএলএ প্রতিষ্ঠা কৰা হৈছিল। ইয়াৰ জৰিয়তে ধন আত্মসাৎ, ক’লা ধন, অবৈধ বিত্তীয় লেনদেনৰ দৰে গুৰুতৰ বিত্তীয় অপৰাধৰ তদন্তৰ দায়িত্ব ইডিয়ে লাভ কৰিছিল। অৱশ্যে বিৰোধী দলে বিগত ১০ বছৰে অভিযোগ কৰি আহিছে যে কেন্দ্রৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দৰাচলতে বিৰোধী দলক দমন কৰিবলৈ ইডিক ব্যৱহাৰ কৰি আহিছে। ইফালে কেন্দ্ৰৰ চৰকাৰে দাবী কৰা অনুসৰি, ইডি হৈছে সম্পূর্ণ স্বতন্ত্র সংস্থা আৰু ইয়াক চৰকাৰে নিয়ন্ত্রণ নকৰে।

পৰিসংখ্যা অনুসৰি বিগত ১০ বছৰৰ পিএমএলএৰ অধীনত ৫১৫৫ টা গোচৰ ৰুজু কৰা হৈছিল। আনহাতে, ইউপিএৰ কার্যকালত এই ধৰণৰ গোচৰ ১৭৯৭ টা ৰুজু হৈছিল। এই পৰিসংখ্যাৰ তুলনা কৰিলে স্পষ্ট হয় যে ইডিৰ গোচৰৰ সংখ্যা বিগত ১০ বছৰৰ প্ৰায় তিনি গুণ বৃদ্ধি পালে। ২০১৪ৰ পাছৰ পৰা বর্তমানলৈকে ইডিয়ে এই আইনৰ অধীনত ৬৩ জন লোকক শাস্তি বিহিলে। ২০১৪-২৪ ব সময়ছোৱাত দেশজুৰি ইডিয়ে অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত ৭২৬৪ টা তালাচী অভিযান চলাইছিল।

আনহাতে ২০১৪ৰ পূৰ্বৰ ন মাহত ইডিয়ে এনে অভিযান মাত্র ৮৪ টা সম্পন্ন কৰিছিল। তালাচী অভিযানৰ ক্ষেত্ৰত বিগত ১০ বছৰৰ ৮৬ গুণ বৃদ্ধি পালে। বিগত ১০ বছৰত ইডিয়ে মুঠ ৭৫৫ জন লোকক গ্রেপ্তাৰ কৰিলে আৰু ১.২১,৬১৮ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে। আনহাতে ২০১৪ৰ পূৰ্বৰ ন বছৰত ইডিয়ে ২১ জনক গ্রেপ্তাৰ আৰু ৫.০৮৬.৪৩ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল। বিগত ১০ বছৰত ইডিয়ে কৰা গ্রেপ্তাৰ ২৬ গুণ বৃদ্ধি আৰু সম্পত্তি জব্দৰ ঘটনা ২৪ গুণ বৃদ্ধি পালে।

Exit mobile version