Chirang:
চিৰাঙৰ বেংতল কংগ্ৰেছৰ যোগদান ও নিৰ্ব্বাচনী সভা অনুষ্টিত । ১৩নং চিৰাং ব্লক কংগ্ৰেছৰ কাৰ্য্যালয়ত আয়োজিত অনুষ্ঠানত কোকৰাঝাৰ লোক সভা সমষ্টীৰ কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুচাহাৰী সহ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি,সম্পাদক সহ কেবাজনো কংগ্ৰেছ নেতাৰ উপস্থিতিত দুই শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে।
অনুষ্ঠানত কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুচাহাৰীয়ে কয় যে ভাৰত স্বাধীন হোৱাৰে পৰা শাসন কৰিছিল তেতিয়া ৰাইজে ভাৱিছিল কংগ্ৰেছতকৈ বিজেপি ভাল হব নেকি ? সেয়ে যোৱা দহ বছৰ বিজেপিক ছালে ।
সকলো ক্ষেত্ৰত মুল্যবৃদ্ধিকে আদি কৰি বিভিন্ন কৰৰ বোজাৰে ভোটাৰ সকল অতিষ্ট এতিয়া আকৌ কংগ্ৰেছক বিচাৰি আছে ৰাইজে। বিপিএফ-ইউপিপিএল আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই, তলে তলে সকলো মিলি আছে বুলি কয় কংগ্ৰেছ প্ৰাৰ্থী জনে। সেয়ে এইবাৰ কংগ্ৰেছৰ বিপুল ভোটত জয়ৰ দাবী কৰে গৰ্জন মুচাহাৰীয়ে।