Manipur Firing:মণিপুৰত কুকি উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনা

নিহত দুই চি আৰ পি এফ জোৱান

manipur 3

Manipur Firing:

দেশৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হয় কেতবোৰ হিংসাত্মক ঘটনা ৷ শনিবাৰে ৰাজ্য খনত শেহতীয়াকৈ সক্ৰিয় হৈ থকা কুকি উগ্ৰপন্থীয়ে বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত প্ৰায় দুঘণ্টা সময় ধৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে ৷ এই ঘটনাত দুজনকৈ চি আৰ পি এফৰ জোৱান নিহত হয়।

উল্লেখ্য যে,কে’বামাহো ধৰি ৰাজ্য খনত সন্ত্ৰাস জৰ্জড়িত কেতবোৰ অঞ্চলৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আছিল চিআৰপিএফ ৷ সেইদৰে বিষ্ণুপুৰ জিলাৰ নৰসেনা অঞ্চলত ইতিমধ্যে সম্পন্ন হোৱা নিৰ্বাচনৰ কেন্দ্ৰীক নিৰাপত্তা দিশ চোৱাচিতাৰ বাবে চিআৰপিএফৰ ১২৮ নং বেটেলিয়নৰ এটা দল ৷ নিহত জোৱান কেইজন উল্লিখিত বেটেলিয়নৰে সদস্য আছিল।

আনহাতে,কুকি উগ্ৰপন্থীয়ে সংঘটিত হোৱা এই ঘটনাৰ পাছতে মণিপুৰ পুলিচ আৰু চিআৰপিএফৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ ৰাজ্য প্ৰশাসনে ইতিমধ্যে ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৷ একেদৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এই ঘটনাক গুৰুত্ব সহকাৰে লৈ সময়োচিত পদক্ষেপ ল’বলৈ ৰাজ্য প্ৰশাসনক আহ্বান জনাইছে ৷

Exit mobile version