Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Heat is Scorching The Country:অগ্নিপিণ্ড সদৃশ হৈছে দেশ !

বতৰ বিজ্ঞানৰ সতর্কবাণী, কে'বাখনো ৰাজ্যত তাপমাত্রাই চুলে ৪২-৪৫ ডিগ্রী, স্বাভাৱিক হাৰতকৈ বৃদ্ধি চাৰি-আঠ ডিগ্রী চেলচিয়াছ, ১২ৰ পৰা তিনি বজালৈ শ্ৰমিকৰ কাম- কাজ নিষিদ্ধ বন্ধ ঘোষণা স্কুল-কলেজ অব্যাহত থাকিব গ্রীষ্মপ্রবাহ

publisher by publisher
April 30, 2024
in India, News
Reading Time: 2 mins read
0
Heat is Scorching The Country:অগ্নিপিণ্ড সদৃশ হৈছে দেশ !
1
SHARES
10
VIEWS
ShareShareShareShare

Heat is Scorching The Country:অগ্নিপিণ্ড সদৃশ হৈছে দেশ !

যেন একুৰা জুই জ্বলিছে আকাশত। অগ্নিপিগুলৈ পর্যবসিত নীলাভ আকাশৰ পৰা নিগৰিছে প্রচণ্ড তাপ। যাৰ উত্তাপ সহ্য কৰিব নোৱাৰি ছটফটাইছে বণ্যপ্রাণীকেইটাই। উপায়হীন হৈ চিৰিয়াখানা কর্তৃপক্ষই বন্যপ্রাণীকেইটাক আগবঢ়াইছে আইচক্রীম, বৰফৰ টুকুৰা আৰু তৰমুজৰ টুকুৰা। চিৰিয়াখানাৰ জীৱকূলক আইচক্রীম খুৱাব লগা এই পৰিৱেশ সৃষ্টি হৈছে ৰাজস্থানৰ জয়পুৰত।

ADVERTISEMENT

কেৱল ৰাজস্থানেই নহয়, সমগ্র উত্তৰ, মধ্য, দক্ষিণ আৰু পূৱ ভাৰততে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্রচণ্ড গৰমে। পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে স্বাভাৱিক জীৱনযাত্রা সম্পূর্ণৰূপে ব্যাহত হৈ পৰিছে। পথাৰতে মৰহি গৈছে খেতি। অন্ধ প্রদেশত তাপমাত্রা উর্ধ্বমুখী হৈছে দেশৰ ভিতৰতে সর্বাধিক ৪৬ ডিগ্রী চেলচিয়াছলৈ। দক্ষিণ আৰু উত্তৰ ভাৰতৰ আন ৰাজ্যসমূহতো একেই অৱস্থা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে এক প্রেছ বিবৃতিযোগে সকীয়াই দিছে যে গৰমৰ প্রকোপ সোনকালে প্রশমিত হোৱাৰ সম্ভাৱনা নাই।

RelatedPosts

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

ওড়িছা আৰু পশ্চিমবংগত তাপমাত্রা ৪২ৰ পৰা ৪৫ ডিগ্রী চেলচিয়াছ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তেলেংগানাকে ধৰি অন্ধ্র প্রদেশৰ সমুদ্র উপকূলৱৰ্তী অঞ্চলত তাপমাত্রা ৪০ৰ পৰা ৪২ ডিগ্রী চেলচিয়াছলৈ ঊর্ধ্বগামী হৈছে। আইএমডিয়ে এই তথ্য প্রকাশ কৰি কয় যে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনতো এই অভাৱনীয় গ্রীষ্ম প্ৰৱাহ স্বাভাৱিক হাৰতকৈ চাৰিৰ পৰা আঠ ডিগ্রী চেলচিয়াছ বৃদ্ধি পাইছে।

ইফালে, পূব ভাৰতত অহা দুদিনত সর্বোচ্চ তাপমাত্ৰাৰ হাৰ একৰ পৰা দুই ডিগ্রী চেলচিয়াছ বৃদ্ধি পাব বুলি আইএমডিয়ে সতর্কবাণী শুনাইছে। আকৌ মধ্য ভাৰতত অহা চাৰি-পাঁচদিনলৈ বতৰ পৰিৱৰ্তনৰ কোনো সম্ভাৱনা নাই বুলি সদৰী কৰি আইএমডিয়ে কয় যে মধ্য ভাৰতত এইকেইদিনত সর্বোচ্চ তাপমাত্রা দুইৰ পৰা চাৰি ডিগ্রী চেলচিয়াছ বাঢ়িবহে। আকৌ তামিলনাডুতো অহা তিনি-চাৰিদিনত তাপমাত্রা দুইৰ পৰা তিনি ডিগ্রী চেলচিয়াছ বৃদ্ধি পাব বুলি আইএমডিয়ে আগজাননী দিছে।

বিগত কিছুদিন ধৰি অকল্পনীয় গৰমে সৰ্বসাধাৰণ জনতাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে এইবুলিও সতৰ্ক কৰি দিয়ে যে ওড়িছা আৰু বিহাৰত পহিলা মে’লৈকে, পশ্চিমবংগত দুই মে’লৈকে গৰমে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। অৱশ্যে তাৰপাছত তুলনামূলকভাৱে গৰম কিছু কমাৰ সম্ভাৱনা আছে। ইফালে অসমকে ধৰি ত্ৰিপুৰা, দক্ষিণ গুজৰাট, তামিলনাডু, পুডুচেৰীত পহিলা মে’ পর্যন্ত গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বুলি আইএমডিয়ে আগজাননী দিছে।

উল্লেখ্য যে প্রচণ্ড গ্রীষ্ম প্রৱাহে অতিষ্ঠ কৰি তুলিছে দক্ষিণ ভাৰতৰ প্ৰতিখন ৰাজ্যৰে জনতাৰ প্রাত্যহিক জনজীৱন। কেৰালা আৰু অন্ধ্র প্রদেশত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰমে। কেৰালাত গ্রীষ্ম প্ৰৱাহে ইমানেই জটিল ৰূপ ধাৰণ কৰিছে যে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত দুজনকৈ লোকৰ মৃত্যু ঘটিছে। তিৰুৱনন্তপুৰমত কালি তাপমাত্রা আছিল ৪১.৯ ডিগ্রী চেলচিয়াছ। গৰম সহ্য কৰিব নোৱাৰি কালি ৯০ বছৰ বয়সীয়া এজন লোকৰ মৃত্যু ঘটে।

ইফালে, একেখন চহৰতে ৫৩ বছৰ বয়সীয়া আন এজন লোকৰো প্ৰচণ্ড গৰমত মৃত্যু ঘটে। চেন্নাইত গৰমে ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে মহানগৰখনৰ ৰাজপথত ৰাইজৰ চলাচল সেৰেঙা হৈ পৰিছে। ইফালে, ওড়িছাত তাপমাত্রা ৪৪.৯ ডিগ্রী চেলচিয়াছলৈ ঊর্ধ্বগামী হৈছে। চলিত এপ্ৰিলত ওড়িছাত কালিৰ দিনটোতেই সর্বাধিক গৰম আছিল। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সঞ্চালক নিৰঞ্জন মিশ্ৰই সদৰী কৰা মতে, ওড়িছাৰ বিভিন্ন অঞ্চলত কালি প্ৰখৰ ৰ’দ আৰু গৰম সহিব নোৱাৰি দুজন লোকৰ মৃত্যু ঘটে।

উল্লেখ্য যে সমগ্র দেশজুৰি প্ৰচণ্ড গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পৰৱৰ্তী এসপ্তাহ দেশজুৰি গৰমে তাণ্ডৱ চলাব বুলি আইএমডিয়ে আগজাননী দিছে। এই এসপ্তাহত বতৰ পৰিৱৰ্তনৰ কোনো সম্ভাৱনা নাই বুলি সদৰী কৰি আইএমডিয়ে তাপমাত্রা স্বাভাৱিক হাৰতকৈ আঠ ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধি পাব বুলি সতর্ক কৰি দিছে।

সমগ্র দেশজুৰি অব্যাহত থকা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে তুংগত আৰোহণৰ সময়তে বৃদ্ধি পোৱা তাপমাত্রাই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযানো বিঘ্নিত কৰিছে। দেশৰ নিৰ্বাচন আয়োগে সকলো ৰাজনৈতিক দলকে প্ৰখৰ ৰ’দৰ সময়ত নির্বাচনী সমাবেশ অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাইছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Heat is ScorchingIMDindia
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d