Binance Founder Changpeng Zhao:
ক্রিপ্টৰ জৰিয়তে বিশ্বজুৰি খ্যাতি অর্জন কৰা ব্যবসায়ী ছাংগপেংগ ঝাঅ’ সম্প্রতি কাৰাবন্দী হৈ আছে। এক প্রতিবেদনৰ তথ্য অনুসৰি ছাংগপেংগ হৈছে সাম্প্রতিক বিশ্বৰ সবাতোকৈ ধনাঢ্য কয়দী।
ক্রিপ্টৰ জৰিয়তে ছাংগপেংগই বৃহৎ পৰিমাণৰ ধন-সম্পত্তি আহৰণ কৰিলে। যোৱা বছৰৰ আমেৰিকাৰ এখন আদালতে ছাংগপেংগৰ বিৰুদ্ধে অবৈধ বিত্তীয় সৰবৰাহৰ অভিযোগত এক গোচৰ ৰুজু কৰিছিল। এই গোচৰত ছাংগপেংগই নিজকে দোষী স্বীকাৰ কৰিছিল। যোৱা মঙলবাৰে আমেৰিকাৰ আদালতে ছাংগপেংগক চাৰি মাহৰ কাৰাদণ্ডৰ ৰায় দিছিল।
ক্রিপ্ট বিনিময় প্রতিষ্ঠান বাইনেন্সৰ প্ৰতিষ্ঠাপক তথা প্রাক্তন মুখ্য কার্যবাহী বিষয়া ছাংগপেংগ বর্তমানে আমেৰিকাৰ কাৰাগাৰত আছে। ব্লুমবৰ্গৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ছাংগপেংগৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪৩ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত ৩.৫৯ লাখ কোটি টকা। ব্লুমবৰ্গৰ বিশ্বৰ সবাতোকৈ ধনাঢ্য অর্বুদপতিৰ তালিকাত ছাংগপেংগৰ নাম ৪২ সংখ্যক স্থানত আছে।
ইফালে ফ’বৰ্ছৰ তালিকাত ছাংগপেংগৰ নাম ধনাঢ্য ব্যক্তি হিচাপে ৫০ সংখ্যক স্থানত আছে আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৩ বিলিয়ন ডলাৰ। সম্পত্তিৰ দিশৰ পৰা ছাংগপেংগ হৈছে বর্তমানে বিশ্বৰ সবাতোকৈ ধনাঢ্য কয়দী ৷